June 7, 2025 8:35 PM

views 73

ফ্রেন্স অপেন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত আৰিয়ানা ছাবালেংকা বিশ্বৰ দ্বিতীয় স্থানৰ খেলুৱৈ কক’ গউফৰ সন্মুখীন

ফ্রেন্স অপেন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত আজি বিশ্বৰ একনম্বৰ খেলুৱৈ আৰিয়ানা ছাবালেংকা বিশ্বৰ দ্বিতীয় স্থানৰ খেলুৱৈ কক' গউফৰ সন্মুখীন হৈছে। পুৰুষৰ ছিংগলছৰ ফাইনেলত কাইলৈ বিশ্বৰ প্ৰথম স্থানৰ খেলুৱৈ জানিক ছিনাৰ যোৱাবাৰৰ ছেম্পিয়ন কাৰ্লছ আল কাৰাজৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ছিনাৰে ছেমি ফাইনেলত পূৰ্বৰ ছেম্পিয়ন নভাক জকভিছক ৬-৪, ৭-৫, ৭-৬ ছেটত পৰাস্ত কৰে। আনহাতে আল কাৰাজে প্ৰতিদন্দ্বী লৰেঞ্জ' মুছেটিৰ আঘাটৰ বাবে ছেমি ফাইনেল নেখেলাকৈয়ে ফাইনেলত প্ৰৱেশ কৰে।

May 29, 2025 12:25 PM

views 62

য়ুকি ভাম্বৰি, গেলোৱেৰ আৰু ৰোহন বোপান্না, পাৱেছকৰ যুটীটো ফ্রেন্স অ’পেনৰ পুৰুষৰ ডাবলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰবেশ

ভাৰতৰ য়ুকি ভাম্বৰি আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰবাৰ্ট গেলোৱেই পেৰিচত অনুষ্ঠিত ফ্রেন্স অ'পেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ এখন সংঘৰ্ষপূৰ্ণ খেলত জয়লাভ কৰিছে। ভাম্বৰি আৰু গেলোৱেৰ যুটীটোৱে কালি প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত ৰবিন হাছে আৰু হেনড্রিক জেবেন্‌ছৰ যুটীটোক ৬-৩, ৬-৭, ৬-৩ ছেটত পৰাস্ত কৰে। ভাৰতৰ ৰোহন বোপান্না আৰু চেক গণৰাজ্যৰ এডম পাৱ ছেকৰ যুটীটোৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰবাৰ্ট কেছ আৰু জে জে ট্রেছিৰ যুটীটোক ৭-৬, ৫-৭, ৬-১ ছেটত পৰাস্ত কৰি প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰবেশ কৰিছে। পুৰুষৰ ছ...

June 9, 2024 8:11 PM

views 69

ফ্রেন্স অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত কাৰ্লোচ অলকৰাজ গার্ফিয়া আলেকজেণ্ডাৰ জেৱৰেভৰ বিৰুদ্ধে অৱৰ্তীণ

স্পেইনৰ কাৰ্লোচ অলকৰাজ গার্ফিয়া আজি ফ্রেন্স অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত চতুর্থ বাছনিপ্রাপ্ত জাৰ্মানীৰ আলেকজেণ্ডাৰ জেৱৰেভৰ মুখামুখি হৈছে।  খেলখনত ২১ বছৰীয়া অলকৰাজ খেলুৱৈ জীৱনৰ তৃতীয়টো গ্ৰেণ্ড শ্লেম খিতাপ দখলৰ মানসেৰে অৱতীৰ্ণ হৈছে। অলকৰাজ ইতিমধ্যে ২০২২ চনত ইউ এছ অপেন আৰু ২০২৩ চনত উইম্বলডন টেনিছ প্রতিযোগিতাৰ খিতাপ অৰ্জন কৰিছে। ইয়াৰ বিপৰীতে ২৭ বছৰীয়া জেৱৰেভ প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাৰ ফাইনেলত উপনীত হৈছে। ইপিনে, বিশ্বৰ এক নম্বৰ স্থানৰ পোলেণ্ডৰ ইগা ছুইটেকে কালি মহিলাৰ ছিংগলছ...

June 8, 2024 1:49 PM

views 52

ফ্ৰেন্স অপেন টেনিছত পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কাৰ্লোচ অলকৰাজ গার্ফিয়া

স্পেইনৰ কাৰ্লোচ অলকৰাজ গার্ফিয়াই ফ্ৰেন্স অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। কার্লোচ অলকৰাজে কালি ছেমি ফাইনেলত ইটালীৰ জানিক ছিনৰক ২-৬, ৬-৩, ৩-৬, ৬-৪, ৬-৩ ছেটত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। ইপিনে, কালি অনুষ্ঠিত আনখন ছেমি ফাইনেলত চতুর্থ বাছনিপ্ৰাপ্ত জাৰ্মানীৰ আলেকজেণ্ডাৰ জেৱৰেভে সপ্তম বাছনিপ্ৰাপ্ত নৰোৱেৰ কেম্পাৰ ৰুদক ৬-২, ৬-৪, ৬-২ ছেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। অলকৰাজ ফাইনেলত কাইলৈ আলেকজেণ্ডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইফালে, প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেল খে...

June 5, 2024 12:15 PM

views 61

গ্ৰেণ্ডশ্লাম টেনিছ প্রতিযোগিতা ফ্ৰেন্স অ’পেনৰ পৰা ন’ভাক জ’ক’ভিচৰ নাম প্ৰত্যাহাৰ

ছাৰ্বিয়াৰ ন’ভাক জ’ক’ভিচে চলিত গ্ৰেণ্ডশ্লাম টেনিছ প্রতিযোগিতা ফ্ৰেন্স অ’পেনৰ পৰা মাজভাগতে নাম প্ৰত্যাহাৰ কৰি নিজৰ অভিযান সামৰিছে। পুৰুষৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা জ’ক’ভিচে খেলখনৰ প্ৰাক মুহূৰ্তত সামাজিক মাধ্যমযোগে নাম প্রত্যাহাৰ কৰাৰ বিষয়ে অৱগত কৰে। আঘাতৰ বাবে তেওঁ এই সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে অভিলেখসংখ্যক ২৪ টা গ্ৰেণ্ডশ্লাম খিতাপ জয় কৰা জ’ক’ভিচে ৪ ঘণ্টা ২৯ মিনিট ধৰি চলা এখন খেলত ইটালীৰ লৰেঞ্জোক পৰাস্ত কৰি চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ কৰাৰ পাছত আৰ্জেণ্টিনাৰ ফ্ৰান্সিস্...

May 28, 2024 4:12 PM

views 68

ফ্ৰেন্স অপেন টেনিছৰ পুৰুষৰ ডাবলছৰ প্ৰথম ৰাউণ্ডত ভাৰতৰ ৰোহন বোপন্না আৰু য়ুকি ভাম্বী অৱতীৰ্ণ হ’ব

ভাৰতৰ ৰোহন বোপন্না আৰু য়ুকি ভাম্বী আজি নিজ নিজ সংগীৰ সৈতে পেৰিছত হ’বলগীয়া ফ্ৰেন্স অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ প্ৰথম ৰাউণ্ডৰ খেলত অৱতীৰ্ণ হ’ব। দ্বিতীয় বাছনিপ্রাপ্ত বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটীটো প্ৰথম ৰাউণ্ডত ফিনলেণ্ডৰ ইমিল ৰুছুভ’ৰী আৰু হাংগেৰীৰ মাৰ্টন ফুকছ’ভিক্সৰ মুখামুখী হোৱাৰ বিপৰীতে য়ুকি ভান্ত্ৰী আৰু ফ্ৰান্সৰ আলবান’ অলিভেটিৰ যুটীটো ৰাছিয়াৰ ৰোমান ছাফিউলিন আৰু অষ্ট্ৰেলিয়াৰ জন পিয়াৰ্ছৰ যুটীটোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বিৰুদ্ধে অৱশ্যে ভাৰতৰ সুমীত নাগল কালি প্ৰতিযোগিতা...

May 28, 2024 1:23 PM

views 60

ফ্ৰেন্স অপেন টেনিছ প্রতিযোগিতাত আজি পুৰুষৰ ডাবলছৰ প্ৰথম ৰাউণ্ডত ৰোহন বোপন্না আৰু য়ুকি ভান্ত্ৰী অৱতীৰ্ণ

ভাৰতৰ ৰোহন বোপন্না আৰু য়ুকি ভান্ত্ৰী আজি ফ্ৰান্সৰ পেৰিছত হ'বলগীয়া ফ্ৰেন্স অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ প্ৰথম ৰাউণ্ডৰ খেলত অৱতীৰ্ণ হ'ব। দ্বিতীয় বাছনিপ্রাপ্ত বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটীটো প্ৰথম ৰাউণ্ডত ফিনলেণ্ডৰ ইমিল ৰুছুভ’ৰী আৰু হাংগেৰীৰ মাৰ্টন ফুকছ’ভিক্সৰ মুখামুখী হোৱাৰ বিপৰীতে য়ুকি ভান্ত্ৰী আৰু ফ্ৰান্সৰ আলবান’ অলিভেট্টিৰ যুটীটো ৰাছিয়াৰ ৰোমান ছাফিউলিন আৰু অষ্ট্ৰেলিয়াৰ জন পিয়াৰ্ছ যুটীটোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অৱশ্যে ভাৰতৰ সুমীত নাগল কালি প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ...

May 20, 2024 12:50 PM

views 59

আজিৰে পৰা পেৰিছৰ ষ্টেড ৰোলাও গেৰোছত ফ্রেন্স অ’পেন ২০২৪ টেনিছ টুর্নামেণ্ট

ফ্রেন্স অ'পেন ২০২৪ টেনিছ টুর্নামেণ্ট আজিৰে পৰা পেৰিছৰ ষ্টেড ৰোলাও গেৰোছত অনুষ্ঠিত হ'ব। ভাৰতৰ তাৰকা খেলুৱৈ সুমিত নাগালে পুৰুষৰ ছিংগলছৰ মূল ড্র খেলত স্থান নিশ্চিত কৰিছে। ২০১৯ চনত প্ৰাজনেছ গুনেশ্বৰণৰ পাছত ফ্ৰেন্স অ'পেন মূল ড্ৰৰ বাবে কোৱালিফায়াৰ কৰা সুমিত নাগাল হৈছে প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ। এই টুর্নামেণ্টৰ পুৰুষৰ ছিংগলছৰ এইবাৰ মূল আকৰ্ষণ হ'ব কিং অব্ ক্লে হিচাপে খ্যাত স্পেইনৰ ৰাফেল নাডাল আৰু ছাৰ্বিয়াৰ বিশ্বৰ এক নম্বৰ স্থানৰ খেলুৱৈ ন'ভাক জ'ক'ভিক ।