June 7, 2025 8:35 PM | French open

printer

ফ্রেন্স অপেন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত আৰিয়ানা ছাবালেংকা বিশ্বৰ দ্বিতীয় স্থানৰ খেলুৱৈ কক’ গউফৰ সন্মুখীন

ফ্রেন্স অপেন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত আজি বিশ্বৰ একনম্বৰ খেলুৱৈ আৰিয়ানা ছাবালেংকা বিশ্বৰ দ্বিতীয় স্থানৰ খেলুৱৈ কক‘ গউফৰ সন্মুখীন হৈছে।
পুৰুষৰ ছিংগলছৰ ফাইনেলত কাইলৈ বিশ্বৰ প্ৰথম স্থানৰ খেলুৱৈ জানিক ছিনাৰ যোৱাবাৰৰ ছেম্পিয়ন কাৰ্লছ আল কাৰাজৰ বিৰুদ্ধে অৱতীৰ্ণ হ‘ব। ছিনাৰে ছেমি ফাইনেলত পূৰ্বৰ ছেম্পিয়ন নভাক জকভিছক ৬-৪, ৭-৫, ৭-৬ ছেটত পৰাস্ত কৰে। আনহাতে আল কাৰাজে প্ৰতিদন্দ্বী লৰেঞ্জ‘ মুছেটিৰ আঘাটৰ বাবে ছেমি ফাইনেল নেখেলাকৈয়ে ফাইনেলত প্ৰৱেশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।