ভাৰতৰ ৰোহন বোপন্না আৰু য়ুকি ভান্ত্ৰী আজি ফ্ৰান্সৰ পেৰিছত হ’বলগীয়া ফ্ৰেন্স অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ প্ৰথম ৰাউণ্ডৰ খেলত অৱতীৰ্ণ হ’ব। দ্বিতীয় বাছনিপ্রাপ্ত বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটীটো প্ৰথম ৰাউণ্ডত ফিনলেণ্ডৰ ইমিল ৰুছুভ’ৰী আৰু হাংগেৰীৰ মাৰ্টন ফুকছ’ভিক্সৰ মুখামুখী হোৱাৰ বিপৰীতে য়ুকি ভান্ত্ৰী আৰু ফ্ৰান্সৰ আলবান’ অলিভেট্টিৰ যুটীটো ৰাছিয়াৰ ৰোমান ছাফিউলিন আৰু অষ্ট্ৰেলিয়াৰ জন পিয়াৰ্ছ যুটীটোৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। অৱশ্যে ভাৰতৰ সুমীত নাগল কালি প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডত ৰাছিয়াৰ কাৰেন খাছান’ভৰ বিৰুদ্ধে ২-৬, ০-৬, ৬-৭ ছেটত পৰাস্ত হয়।
Assamese | May 28, 2024 1:23 PM | French open
ফ্ৰেন্স অপেন টেনিছ প্রতিযোগিতাত আজি পুৰুষৰ ডাবলছৰ প্ৰথম ৰাউণ্ডত ৰোহন বোপন্না আৰু য়ুকি ভান্ত্ৰী অৱতীৰ্ণ