June 6, 2025 8:53 PM

views 58

কাইলৈ নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ কাইলৈ নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত আকাশবাণীৰ বাতৰি কক্ষৰ বাহিৰতো এটা নিজস্ব পৰিচয় দাঙি ধৰিবলৈ সমৰ্থ হোৱা কেইগৰাকীমান বাতৰি পঢ়োতাৰ সৈতে অন্তৰংগ আলাপ প্ৰচাৰ কৰা হ'ব। আকাশবাণী বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ সৈতে এই অনুষ্ঠানত অন্তৰংগ আলাপত ভাগ ল'ব আকাশবাণী গুৱাহাটীৰ তিনিগৰাকী বাতৰি পৰিৱেশকে।

May 29, 2025 12:53 PM

views 43

পৰহিলৈ নিশা দৃষ্টিপাতত সেনাবাহিনীত কর্মসংস্থাপনৰ সুবিধা শীৰ্ষক বিশেষ আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে পৰহিলৈ নিশা ৮ বাজি ২ মিনিটত ইয়াৰ দৃষ্টিপাত অনুষ্ঠানত সেনাবাহিনীত কর্মসংস্থাপনৰ সুবিধা শীৰ্ষক এটা বিশেষ আলোচনা অনুষ্ঠান প্রচাব কৰিব। এই অনুষ্ঠানত নৌ- বাহিনীৰ অৱসৰপ্ৰাপ্ত কমোডব কমলেশ চৌধুৰী আৰু স্থল সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত ব্রিগেডিয়াৰ বলেন্দ্ৰ গোস্বামীয়ে অপাৰেচন সিন্দূৰত সেনাবাহিনীৰ সফলতাৰ আঁৰৰ কথাও প্রকাশ কৰিব। এই অনুষ্ঠানটিৰ আঁত ধৰিব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰে। এই অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ ১০১ দশমিক ৬ মেগাহার্টজ, অল ইণ...

April 4, 2025 12:13 PM

views 51

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ প্ৰাণজিৎ শ‍ইকীয়াৰ সৈতে সাক্ষাৎকাৰ প্ৰচাৰ

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি দুই মিনিটত ইয়াৰ দৃষ্টিপাত অনুষ্ঠানত বিশিষ্ট সাংবাদিক, আছাম টক্‌ছ চেনেলৰ মুখ্য সম্পাদক প্ৰাণজিৎ শ‍ইকীয়াৰ সৈতে এটা অগতানুগতিক সাক্ষাৎকাৰ প্ৰচাৰ কৰিব। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটোৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ।

March 22, 2025 11:51 AM

views 59

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত আজি পৰিবেশ প্ৰদূষণ – নতুন ভাবুকি শীর্ষক বিশেষ আলোচনা প্ৰচাৰ

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত ইয়াৰ দৃষ্টিপাতত পৰিবেশ প্ৰদূষণ - নতুন ভাবুকি শীর্ষক এটা বিশেষ আলোচনা প্ৰচাৰ কৰিব। বাতৰি বিভাগৰ জ্যেষ্ঠ পৰিবেশিকা অৰুণিমা গোস্বামীয়ে আঁত ধৰিবলগীয়া এই অনুষ্ঠানত মেডিচিন বিভাগৰ বিশিষ্টা চিকিৎসক ডাঃ ৰুণজুন টেৰণপী আৰু পৰিবেশ কর্মী মুবিনা আখতাৰে সমল ব্যক্তিৰূপে অংশগ্রহণ কৰিব। অনুষ্ঠান চলি থকাৰ সময়ত শ্রোতাসকলে ০৩৬১–২৬৬১৮৭৬ আৰু ২৬৬২৩২৫ নম্বৰলৈ ফোন কৰি অনুষ্ঠানটোত পোনপটীয়াকৈ অংশ ল'ব পাৰিব। এই অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ফে...

March 20, 2025 6:22 PM

views 60

আকাশবাণীৰ দৃষ্টিপাতত অহা শনিবাৰে পৰিবেশ প্ৰদূষণ – নতুন ভাবুকি শীৰ্ষক বিশেষ আলোচনা প্ৰচাৰ

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটত ইয়াৰ দৃষ্টিপাতত পৰিবেশ প্ৰদূষণ - নতুন ভাবুকি শীৰ্ষক এটা বিশেষ আলোচনা প্ৰচাৰ কৰিব। বাতৰি বিভাগৰ জ্যেষ্ঠ পৰিবেশিকা অৰুণিমা গোস্বামীয়ে আঁত ধৰিবলগীয়া এই অনুষ্ঠানত মেডিচিন বিভাগৰ বিশিষ্টা চিকিৎসক ডাঃ ৰুণজুন টেৰণপী আৰু পৰিবেশ কর্মী মুবিনা আখতাৰে সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰিব। অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে ০৩৬১-২৬৬১৮৭৬ আৰু ২৬৬২৩২৫ নম্বৰলৈ ফোন কৰি অনুষ্ঠানটোত পোনপটীয়াকৈ অংশ ল'ব পাৰিব। এই অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ বাতৰি ব...

February 14, 2025 1:06 PM

views 54

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ মই ৰেডিঅ’ কিয় শুনো শীর্ষক বিশেষ অনুষ্ঠান প্ৰচাৰ

আকাশবাণী গুৱাহাটী কেন্দ্ৰই কাইলৈ নিশা ৮ বাজি ২ মিনিটত ইয়াৰ দৃষ্টিপাতত মই ৰেডিঅ' কিয় শুনো শীর্ষক এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ অধ্যাপক, সমাজকৰ্মী, প্ৰাক্তন উগ্ৰপন্থী নেতা আৰু সৰ্বসাধাৰণ ৰাইজে ৰেডিঅ'ৰ সৈতে তেওঁলোকৰ সম্পৰ্ক আৰু আকাশবাণীৰ পৰা তেওঁলোকৰ প্ৰত্যাশা সম্পৰ্কত মন্তব্য আগবঢ়াব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন ৰাজীৱ লোচন বৰঠাকুৰৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে দেওবাৰে সন্ধিয়া ৭ বাজি ৪৫ মিনিটৰ সংবাদ চলন্তিকাতো অনাতাঁৰ মাধ্যম সম্পৰ্কত বি...