আকাশবাণী গুৱাহাটীৰ কাইলৈ নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত মূল্যবোধ আধাৰিত শিক্ষা ব্যৱস্থা সন্দৰ্ভত এটা আলোচনা প্ৰচাৰ কৰা হ‘ব। অনুষ্ঠানত অসম মাধ্যমিক শিক্ষা পৰিষদ ছেবাৰ প্ৰাক্তন অধ্যক্ষ শান্তিকাম হাজৰিকা আৰু গুৱাহাটী তাৰিণী চৰণ চৌধুৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা জ্যোৎস্না ভাগৱতীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে।
Assamese | July 11, 2025 8:04 PM | Dristripaat
আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ মূল্যবোধ আধাৰিত শিক্ষা ব্যৱস্থা সন্দৰ্ভত আলোচনা