আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটত ইয়াৰ দৃষ্টিপাতত পৰিবেশ প্ৰদূষণ – নতুন ভাবুকি শীৰ্ষক এটা বিশেষ আলোচনা প্ৰচাৰ কৰিব। বাতৰি বিভাগৰ জ্যেষ্ঠ পৰিবেশিকা অৰুণিমা গোস্বামীয়ে আঁত ধৰিবলগীয়া এই অনুষ্ঠানত মেডিচিন বিভাগৰ বিশিষ্টা চিকিৎসক ডাঃ ৰুণজুন টেৰণপী আৰু পৰিবেশ কর্মী মুবিনা আখতাৰে সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰিব। অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে ০৩৬১-২৬৬১৮৭৬ আৰু ২৬৬২৩২৫ নম্বৰলৈ ফোন কৰি অনুষ্ঠানটোত পোনপটীয়াকৈ অংশ ল’ব পাৰিব। এই অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ফেচবুক পেজ airnewsghy আৰু Youtube Channel airnewsGuwahati- যোগে পোনপটীয়াকৈ প্ৰচাৰ কৰা হ’ব।
Assamese | March 20, 2025 6:22 PM | Dristripaat
আকাশবাণীৰ দৃষ্টিপাতত অহা শনিবাৰে পৰিবেশ প্ৰদূষণ – নতুন ভাবুকি শীৰ্ষক বিশেষ আলোচনা প্ৰচাৰ