March 6, 2025 7:56 PM

views 54

সর্বাঙ্গীন বিকাশত দেখুওৱা পাৰদৰ্শিতাৰ বাবে ধেমাজি জিলাৰ ১৫৮খন প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয়ক বঁটা প্ৰদান

ধেমাজি জিলাৰ ১৫৮খন প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয়ক আজি সমগ্র শিক্ষা ধেমাজিয়ে সর্বাঙ্গীন বিকাশত দেখুওৱা পাৰদৰ্শিতাৰ বাবে বঁটা প্ৰদান কৰে। ধেমাজিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আজি এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত জিলাখনৰ একোখনকৈ প্ৰাথমিক বিদ্যালয়ক শ্রেষ্ঠ বিদ্যালয় পৰিচালনা সমিতি আৰু শ্ৰেষ্ঠ মাতৃ গোটৰ বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত জিলা অতিৰিক্ত আয়ুক্ত ড° সঞ্জীৱ কুমাৰ ফুকন, মৰিল মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দ্বীপেন শ‍ইকীয়াকে ধৰি কেইবাগৰাকী শিক্ষা বিষয়া উপস্থিত থাকে।

January 20, 2025 1:14 PM

views 43

ধেমাজিৰ মাছখোৱাত আজি অনাতাঁৰ মৰম আকলুৱা পৰিয়ালৰ চতুর্থ বার্ষিক অধিবেশন

ধেমাজিৰ মাছখোৱাত আজি হ'বলগীয়া অনাতাঁৰ মৰম আকলুৱা পৰিয়ালৰ চতুর্থ বার্ষিক অধিবেশনত আকাশবাণী গুৱাহাটী কেন্দ্ৰক অনুপ্ৰেৰণা বঁটা ২০২৫ আগবঢ়োৱা হ'ব। এই অনুষ্ঠানতে আকাশবাণীৰ নিয়মীয়া শ্রোতা তথা পত্ৰলেখক বঁটা দেৰগাঁৱৰ মন্টু বৰুৱা, লখিমপুৰৰ শান্তিৰাণী নাথ বৰুৱা আৰু ধেমাজিৰ দেবদত্তলৈ আগবঢ়োৱা হ'ব। শ্রেষ্ঠ ঘোষিকা বঁটা ২০২৫ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ ঘোষিকা বন্দনা হাজৰিকা আৰু যোৰহাট কেন্দ্ৰৰ ঘোষিকা পূৰৱী সভাপণ্ডিত ভট্টাচাৰ্যলৈ আগবঢ়োৱা হ'ব। নগাঁৱৰ প্ৰাঞ্জল শ‍ইকীয়াক সংবাদ বন্ধু বঁটা ২০২৫ আৰু আকাশবাণী ডি...

August 20, 2024 6:59 PM

views 55

ধেমাজি জিলাত ৪০টা সাধাৰণ পৰিষদীয় সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ

মিছিং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ পৰিষদীয় সমষ্টিসমূহৰ ক্ষেত্ৰীয় পৰিসীমা নির্ধাৰণৰ বাবে ধেমাজি জিলাৰ আয়ুক্তই জাননীযোগে ৪০টা সাধাৰণ পৰিষদীয় সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰিছে। জাননী অনুসৰি অহা ১৬ ছেপ্তেম্বৰৰ ভিতৰত সংশ্লিষ্ট পক্ষসমূহে খচৰা সন্দৰ্ভত ওজৰ-আপত্তি দাখিল কৰিব পাৰিব। তিনিচুকীয়া সমন্বিত জনজাতি উন্নয়ন প্ৰকল্প সঞ্চালকক দাবী আৰু আপত্তি নিষ্পত্তিকৰণত সহায়ৰ বাবে ডেজিগনেটেড জিলা বিষয়া হিচাপে মনোনীত কৰা হৈছে। সেই অনুসৰি প্ৰকাশিত খচৰাৰ ৩৬ নম্বৰ শদিয়া সমষ্টিৰ ক্ষেত্ৰত দাবী বা ওজৰ-আপত...