March 6, 2025 7:56 PM | Dhamaji

printer

সর্বাঙ্গীন বিকাশত দেখুওৱা পাৰদৰ্শিতাৰ বাবে ধেমাজি জিলাৰ ১৫৮খন প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয়ক বঁটা প্ৰদান

ধেমাজি জিলাৰ ১৫৮খন প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয়ক আজি সমগ্র শিক্ষা ধেমাজিয়ে সর্বাঙ্গীন বিকাশত দেখুওৱা পাৰদৰ্শিতাৰ বাবে বঁটা প্ৰদান কৰে। ধেমাজিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আজি এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত জিলাখনৰ একোখনকৈ প্ৰাথমিক বিদ্যালয়ক শ্রেষ্ঠ বিদ্যালয় পৰিচালনা সমিতি আৰু শ্ৰেষ্ঠ মাতৃ গোটৰ বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত জিলা অতিৰিক্ত আয়ুক্ত ড° সঞ্জীৱ কুমাৰ ফুকন, মৰিল মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দ্বীপেন শ‍ইকীয়াকে ধৰি কেইবাগৰাকী শিক্ষা বিষয়া উপস্থিত থাকে।