ধেমাজিৰ মাছখোৱাত আজি হ’বলগীয়া অনাতাঁৰ মৰম আকলুৱা পৰিয়ালৰ চতুর্থ বার্ষিক অধিবেশনত আকাশবাণী গুৱাহাটী কেন্দ্ৰক অনুপ্ৰেৰণা বঁটা ২০২৫ আগবঢ়োৱা হ’ব। এই অনুষ্ঠানতে আকাশবাণীৰ নিয়মীয়া শ্রোতা তথা পত্ৰলেখক বঁটা দেৰগাঁৱৰ মন্টু বৰুৱা, লখিমপুৰৰ শান্তিৰাণী নাথ বৰুৱা আৰু ধেমাজিৰ দেবদত্তলৈ আগবঢ়োৱা হ’ব। শ্রেষ্ঠ ঘোষিকা বঁটা ২০২৫ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ ঘোষিকা বন্দনা হাজৰিকা আৰু যোৰহাট কেন্দ্ৰৰ ঘোষিকা পূৰৱী সভাপণ্ডিত ভট্টাচাৰ্যলৈ আগবঢ়োৱা হ’ব। নগাঁৱৰ প্ৰাঞ্জল শইকীয়াক সংবাদ বন্ধু বঁটা ২০২৫ আৰু আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ বৰ্ষা কোঁৱৰক অনুষ্ঠান প্রযোজকৰ বঁটা প্ৰদান কৰা হ’ব। এই বঁটাসমূহ অনাতাঁৰ মৰম আকলুৱা পৰিয়ালৰ তৰফৰ পৰা আগবঢ়োৱা হ’ব।
Assamese | January 20, 2025 1:14 PM | Dhamaji
ধেমাজিৰ মাছখোৱাত আজি অনাতাঁৰ মৰম আকলুৱা পৰিয়ালৰ চতুর্থ বার্ষিক অধিবেশন