মিছিং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ পৰিষদীয় সমষ্টিসমূহৰ ক্ষেত্ৰীয় পৰিসীমা নির্ধাৰণৰ বাবে ধেমাজি জিলাৰ আয়ুক্তই জাননীযোগে ৪০টা সাধাৰণ পৰিষদীয় সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰিছে। জাননী অনুসৰি অহা ১৬ ছেপ্তেম্বৰৰ ভিতৰত সংশ্লিষ্ট পক্ষসমূহে খচৰা সন্দৰ্ভত ওজৰ-আপত্তি দাখিল কৰিব পাৰিব। তিনিচুকীয়া সমন্বিত জনজাতি উন্নয়ন প্ৰকল্প সঞ্চালকক দাবী আৰু আপত্তি নিষ্পত্তিকৰণত সহায়ৰ বাবে ডেজিগনেটেড জিলা বিষয়া হিচাপে মনোনীত কৰা হৈছে। সেই অনুসৰি প্ৰকাশিত খচৰাৰ ৩৬ নম্বৰ শদিয়া সমষ্টিৰ ক্ষেত্ৰত দাবী বা ওজৰ-আপত্তি থাকিলে সংশ্লিষ্ট পক্ষই তেওঁৰ কাৰ্যালয়ত যোগাযোগ কৰিবৰ বাবে আহ্বান জনোৱা হৈছে।
Assamese | August 20, 2024 6:59 PM | Dhamaji
ধেমাজি জিলাত ৪০টা সাধাৰণ পৰিষদীয় সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ