December 18, 2024 1:27 PM

views 77

ব্ৰীছবেনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন ক্রিকেট টেষ্ট অমীমাংসিতভাৱে সমাপ্ত

ব্ৰীছবেনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন ক্রিকেট টেষ্ট আজি অমীমাংসিতভাৱে সমাপ্ত হৈছে। খেলখনৰ আজি অন্তিম দিনা ঘৰুৱা দলটোৱে দ্বিতীয় ইনিংছত ৭ উইকেটৰ বিনিময়ত ৮৯ ৰান কৰি নাটকীয়ভাৱে ইনিংছ সমাপ্তি ঘোষণা কৰে আৰু ভাৰতক দ্বিতীয় ইনিংছত ২৭৫ ৰানৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। ভাৰতে দ্বিতীয় ইনিংছ আৰম্ভ কৰি কোনো উইকেট নেহেৰুৱাকৈ ৮ ৰান কৰা অৱস্থাত বৰষুণৰ বাবে খেলৰ সমাপ্তি ঘোষণা কৰা হয়। ইয়াৰ আগতে ভাৰতে কালি ৯ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ২৫২ ৰানৰ পৰা প্ৰথম ইনিংছৰ খেল পুনৰ আৰ...

December 17, 2024 6:55 PM

views 56

ব্ৰিছবেন টেষ্টৰ চতুর্থ দিনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ ৯টা উইকেটত ২৫২ ৰান সংগ্ৰহ

ব্ৰিছবেন টেষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে ফল' অনৰ পৰা হাত সাৰিবলৈ সমৰ্থ হৈছে। গাবাত অনুষ্ঠিত তৃতীয় টেষ্টৰ আজি চতুর্থ দিনৰ সামৰণিত ভাৰতে প্ৰথম ইনিংছত ৯টা উইকেট হেৰুৱাই ২৫২ ৰান সংগ্ৰহ কৰে। ফ'ল' অনৰ পৰা হাত সাৰিবলৈ ভাৰতক ২৪৬ ৰান প্রয়োজন আছিল। দিনান্তত যশপ্রীত বুমৰাই ১০ আৰু আকাশ দীপে ২৭ ৰান কৰি বেট ধৰি আছে। ভাৰতৰ হৈ কে এল ৰাহুলে সৰ্বোচ্চ ৮৪ ৰান সংগ্ৰহ কৰে। ৰবীন্দ্ৰ জাদেজাই দৃঢ়তাৰে খেলি ৭৭ ৰানৰ বৰঙণি আগবঢ়ায়। অষ্ট্ৰেলিয়াৰ হৈ মিছেল ষ্টাৰ্কে ৩ টা আৰু পেট কামিন্সে ৪ টা উইকেট দখল কৰে। ভাৰত এতিয়া...

December 14, 2024 3:27 PM

views 74

ব্ৰীচবেনত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন খেলৰ আজি প্রথমদিনৰ খেল বৰষুণৰ বাবে বাতিল

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ব্ৰীচবেনত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন খেলৰ আজি প্রথমদিনৰ খেল বৰষুণৰ বাবে বাতিল কৰা হয়। খেলখন কাইলৈ নিৰ্ধাৰিত সময়ৰ আধা ঘণ্টা পূৰ্বে আৰম্ভ হ'ব। অস্ট্রেলিয়াই আজি প্রথমে বেট ধৰি বৰষুণৰ আগলৈকে ২৮ ৰান সংগ্ৰহ কৰে।

December 13, 2024 8:41 PM

views 69

কাইলৈ পুৱা ৫ বাজি ৫০ মিনিটত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ তৃতীয়খন খেল

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ ব'ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ তৃতীয়খন খেল কাইলৈৰ পৰা ব্ৰিছবেনত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি পুৱা ৫ বাজি ৫০ মিনিটত আৰম্ভ হ'ব। দুয়োটা দলে বৰ্তমানলৈ একোখনকৈ খেলত জয়লাভ কৰিছে। ভাৰতে শৃংখলাৰ প্ৰথমখন খেলত ২৯৫ ৰাণত জয়লাভ কৰিছে। একেদৰে, অষ্ট্ৰেলিয়াই দ্বিতীয়খন খেলত ১০ উইকেটত জয়লাভ কৰিছে।

December 13, 2024 7:48 PM

views 78

গুৱাহাটীত আন্তঃমিডিয়া ক্রীড়া মহোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত ক্রিকেট খেলত সদৌ অসম সাংবাদিক সন্থাই টপছেমৰ বিৰুদ্ধে ৩৪ ৰানত জয়লাভ

অসম ক্রীড়া সাংবাদিক সন্থাৰ উদ্যোগত গুৱাহাটীত চলি থকা আন্তঃ মিডিয়া ক্রীড়া মহোৎসৱৰ লগত সংগতি ৰাখি আজি অনুষ্ঠিত এখন প্রীতি ক্রিকেট খেলত সদৌ অসম সাংবাদিক সন্থাই টপছেমৰ বিৰুদ্ধে ৩৪ ৰানত জয়লাভ কৰে। নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত ১০ অভাৰৰ খেলখনত টছত জয়লাভ কৰি সাংবাদিক সন্থাৰ দলটোৱে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় আৰু প্ৰতিপক্ষক জয়ৰ বাবে ১১৯ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। প্ৰত্যুত্তৰত টপছেমে নিৰ্ধাৰিত অভাৰত ৬টা উইকেট হেৰুৱাই ৮৪ ৰান কৰে।

December 9, 2024 2:02 PM

views 53

অষ্ট্ৰেলিয়া আৰু ভাৰতৰ মহিলা ক্রিকেট দলৰ এদিনীয়া শৃংখলাত ভাৰতক ১২২ ৰানত পৰাস্ত অষ্ট্ৰেলিয়াৰ

অষ্ট্ৰেলিয়া আৰু ভাৰতৰ মহিলা ক্রিকেট দলৰ মাজত চলি থকা এদিনীয়া শৃংখলাৰ কুইন্সলেণ্ডৰ ব্ৰীছবেনৰ এলেন ব'ৰ্ডাৰ ফিল্ডত অনুষ্ঠিত দ্বিতীয়খন খেলত অষ্ট্ৰেলিয়াই ভাৰতক ১২২ ৰানত পৰাস্ত কৰে। ৩৭২ ৰানৰ বিজয় লক্ষ্যৰে খেলি ভাৰতীয় মহিলা দলটোৱে ৪৪ অভাৰ ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই ২৪৯ ৰান সংগ্ৰহ কৰে। এই জয়ৰ জৰিয়তে অষ্ট্ৰেলিয়া দলটোৱে তিনিখনীয়া আন্তঃৰাষ্ট্ৰীয় শৃংখলাটোত ২-০ৰ অগ্ৰগতি লাভ কৰিছে। খেলখনত অষ্ট্ৰেলিয়াই নিৰ্ধাৰিত ৫০ অভাৰত ৮টা উইকেট হেৰুৱাই ৩৭১ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ জর্জিয়া ৱ'লে ৮৫টা বলত ১০১...

December 7, 2024 8:16 PM

views 39

ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয় টেষ্ট মেচত দ্বিতীয় দিনত ভাৰতৰ দ্বিতীয় ইনিংছত ৫ উইকেটৰ বিনিময়ত ১২৮ ৰান সংগ্ৰহ

এডিলেইডত অনুষ্ঠিত ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয় টেষ্ট মেচত আজি দ্বিতীয় দিনাৰ খেলৰ অন্তত ভাৰতে দ্বিতীয় ইনিংছত ৫ উইকেটৰ বিনিময়ত ১২৮ ৰান সংগ্ৰহ কৰে। আজি দ্বিতীয় দিনৰ খেল আৰম্ভ হোৱাৰ পাছত অষ্ট্ৰেলিয়াই প্রথম ইনিংছত ত্রেভিছ হেডৰ শতকৰ সহায়ত ৩৭৭ ৰান সংগ্ৰহ কৰি ১৫৭ ৰানৰ অগ্ৰগতি লাভ কৰে। ভাৰতে নিজৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰি পুনৰ বেটিং বিপর্যয়ৰ সন্মুখীন হয় আৰু বৰ্তমান ভাৰতে ৫ উইকেট হাতত থকাৰ সময়ত ঘৰুৱা দলটোতকৈ ২৯ ৰানত পিছপৰি আছে।

December 7, 2024 8:13 PM

views 49

ডুবাইত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদৰ ব’ৰ্ডৰ সভাত ভাৰতক প্রতিনিধিত্ব প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ দেৱজিৎ শ‍ইকীয়াৰ

ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব'ৰ্ডৰ যুটীয়া সচিব, অসমৰ প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ দেৱজিৎ শ‍ইকীয়াই আজি ডুবাইত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদৰ ব'ৰ্ডৰ সভাত ভাৰতক প্রতিনিধিত্ব কৰে। উল্লেখযোগ্য যে পূৰ্বে এই দায়িত্বত বি চি চি আইৰ সচিব জয় শ্বাহ আছিল। কিন্তু শ্বাহ সম্প্ৰতি আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদৰ অধ্যক্ষ হোৱাত বি চি চি আইৰ ফালৰ পৰা আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদত ব'ৰ্ড অধ্যক্ষৰূপে দেৱজিৎ শ‍ইকীয়াই প্ৰতিনিধিত্ব কৰিব।

December 5, 2024 8:41 PM

views 57

ব্ৰিছবেনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ তিনিখনীয়া এদিনীয়া মহিলা ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰত ৫ উইকেটত পৰাস্ত

ব্ৰিছবেনত অনুষ্ঠিত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ তিনিখনীয়া এদিনীয়া মহিলা ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াই ভাৰতক ৫ উইকেটত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াই ১৬ অভাৰ দুটা বলত পাঁচ উইকেটৰ বিনিময়ত অতি সহজে ১০১ ৰানৰ লক্ষ্যত উপনীত হয়। অষ্ট্ৰেলিয়াৰ জর্জিয়া ভলে সৰ্বাধিক ৪৬ ৰান কৰি অপৰাজিত হৈ থাকে। ইয়াৰ পূৰ্বে ভাৰতে টছত জিকি বেটিং কৰিবলৈ লৈ ৩৪ অভাৰ ২টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১০০ ৰান সংগ্ৰহ কৰে। শৃংখলাৰ দ্বিতীয়খন খেল অহা ৮ ডিচেম্বৰত ব্ৰিছবেদনত অনুষ্ঠিত হ'ব।

December 4, 2024 12:15 PM

views 56

১৯ বছৰ অনুৰ্ধৰ এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত ভাৰত সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ সন্মুখীন

শ্বাৰজাহত চলি থকা ১৯ বছৰ অনুৰ্ধৰ এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ-এৰ নিজৰ তৃতীয়খন খেলত আজি ভাৰত ঘৰুৱা দল সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ সন্মুখীন হ'ব। গ্রুপ-এৰ আন এখন খেলত আজি ডুবাইত পাকিস্তানে জাপানৰ মুখামুখি হ'ব। প্ৰতিযোগিতাৰ প্ৰথমখন লীগ খেলত ভাৰত পাকিস্তানৰ হাতত পৰাজিত হৈছিল যদিও দ্বিতীয়খন খেলত ভাৰতে জাপানক ২১১ ৰানৰ বিশাল ব্যৱধানত পৰাজিত কৰিছিল। আজিৰ খেলখনত জয় লাভ কৰিব পাৰিলে প্ৰতিযোগিতাৰ ছেমি ফাইনেলত ভাৰতৰ প্ৰৱেশ সুনিশ্চিত হ'ব।