December 17, 2024 6:55 PM | Cricket

printer

ব্ৰিছবেন টেষ্টৰ চতুর্থ দিনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ ৯টা উইকেটত ২৫২ ৰান সংগ্ৰহ

ব্ৰিছবেন টেষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে ফল‘ অনৰ পৰা হাত সাৰিবলৈ সমৰ্থ হৈছে। গাবাত অনুষ্ঠিত তৃতীয় টেষ্টৰ আজি চতুর্থ দিনৰ সামৰণিত ভাৰতে প্ৰথম ইনিংছত ৯টা উইকেট হেৰুৱাই ২৫২ ৰান সংগ্ৰহ কৰে। ফ‘ল‘ অনৰ পৰা হাত সাৰিবলৈ ভাৰতক ২৪৬ ৰান প্রয়োজন আছিল। দিনান্তত যশপ্রীত বুমৰাই ১০ আৰু আকাশ দীপে ২৭ ৰান কৰি বেট ধৰি আছে। ভাৰতৰ হৈ কে এল ৰাহুলে সৰ্বোচ্চ ৮৪ ৰান সংগ্ৰহ কৰে। ৰবীন্দ্ৰ জাদেজাই দৃঢ়তাৰে খেলি ৭৭ ৰানৰ বৰঙণি আগবঢ়ায়। অষ্ট্ৰেলিয়াৰ হৈ মিছেল ষ্টাৰ্কে ৩ টা আৰু পেট কামিন্সে ৪ টা উইকেট দখল কৰে। ভাৰত এতিয়া প্ৰথম ইনিংছৰ এটা উইকেট হাতত থকা অৱস্থাত অষ্ট্ৰেলিয়াতকৈ ১৯৩ ৰানত পিছ পৰি আছে। কাইলৈ খেলখনৰ অন্তিম দিন।