December 14, 2025 9:17 PM

views 64

সম্রাট পেৰুম্বিডুণ্ড মুথাৰায়াৰ দ্বিতীয় ছুভাৰান মাৰাণৰ স্মৃতিত ডাক টিকট মুকলি

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে নতুন দিল্লীত সম্রাট পেৰুম্বিডুণ্ড মুথাৰায়াৰ দ্বিতীয় ছুভাৰান মাৰাণৰ স্মৃতিত এটা ডাক টিকট মুকলি কৰে। এই উপলক্ষে দিয়া ভাষণত শ্ৰী ৰাধাকৃষ্ণণে তামিল ভাষা-সংস্কৃতিলৈ চৰকাৰৰ নিৰন্তৰ সমর্থনক প্রশংসা কৰে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কাশি তামিল সংগমমকে ধৰি বিভিন্ন পদক্ষেপৰ প্ৰসংগ উল্লেখ কৰি তামিল ৰজা, নেতা আৰু স্বাধীনতা যুঁজাৰুসকলক সন্মান তথা স্বীকৃতি প্রদানৰ বাবে চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লয়। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয়, যে সম্রাট পেৰুম্বিডুগু মুথাৰায়াৰ স্মৃতিত ডাক টিকট ম...

November 24, 2025 8:55 PM

views 63

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণক সাক্ষাৎ জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল অ’ৰামৰ

জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল অ'ৰামে আজি নতুন দিল্লীত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই সাক্ষাতৰ সময়ত মন্ত্ৰীগৰাকীয়ে তেওঁক জনজাতি লোকসকলৰ কল্যাণৰ বাবে মন্ত্ৰালয়ে গ্রহণ কৰা উদ্যমসমূহৰ বিষয়ে তেওঁক অৱগত কৰে। শ্ৰীৰাধাকৃষ্ণণে চৰকাৰৰ কল্যাণকামী আঁচনিসমূহৰ লাভালাভ জনজাতি সম্প্ৰদায়ৰ সকলো শ্ৰেণীৰ বাবে সুনিশ্চিত কৰা সন্দৰ্ভত আলোকপাত কৰে। জনজাতি সম্প্ৰদায়ৰ কল্যাণ সুনিশ্চিত হ'লেহে বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হ'ব পৰা যাব বুলি উপ-ৰাষ্...

November 17, 2025 5:20 PM

views 72

সংবাদ প্রতিষ্ঠানসমূহক গঠনমূলক ভূমিকাৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ দায়িত্ব পালন কৰি ৰাষ্ট্ৰ গঠনৰ অংশীদাৰ হ’বলৈ উপ-ৰাষ্ট্ৰপতিৰ আহ্বান

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে সংবাদ প্রতিষ্ঠানসমূহক গঠনমূলক ভূমিকাৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ দায়িত্ব পালন কৰি ৰাষ্ট্ৰ গঠনৰ অংশীদাৰ হ’বলৈ আহ্বান জনাইছে। সাম্প্রতিক ডিজিটেল যুগত ভুৱা বাতৰি আৰু ভুল তথ্যৰ প্ৰসাৰ প্ৰতিহত কৰাটো অতিশয় জৰুৰী হৈ পৰা বুলি তেওঁ মত প্ৰকাশ কৰে। হায়দাবাদৰ ৰামোজী ফিল্ম চিটীত চলিত বৰ্ষৰ ৰামোজী উৎকৃষ্টতা বঁটা প্ৰদান উপলক্ষে আয়োজিত অনুষ্ঠান উদ্বোধন কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে মূল্যবোধ সম্বলিত সাংবাদিকতাৰ ক্ষেত্ৰত সংবাদ-উদ্যোগী প্রয়াত ৰামোজী ৰাওৱে গ্ৰহণ কৰা ভূমিকাক ভূয়সী প্...

October 24, 2025 6:26 PM

views 102

ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সাহসী আৰক্ষীসকলক শ্রদ্ধা জ্ঞাপন উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ

উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সাহসী আৰক্ষীসকলক শ্রদ্ধা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপৰাষ্ট্ৰপতি শ্ৰীৰাধাকৃষ্ণণে কয় যে ভাৰত-তিববত সীমান্ত সুৰক্ষা আৰক্ষীৰ জোৱানসকলে হিমালয়ৰ প্ৰান্তীয় অঞ্চলত দেশৰ প্ৰতিৰক্ষাৰ বাবে প্ৰথমশাৰীত থিয় হৈ সেৱা আগবঢ়ায়। উপৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে ভাৰত-তিববত সীমান্ত আৰক্ষীয়ে জন্ম লগ্নৰে পৰা নিজৰ সাহস, শৃংখলাবদ্ধতা আৰু প্ৰতিশ্ৰুতিবদ্ধতাৰে দেশৰ সীমান্ত আৰু জনসাধাৰণক নিৰাপত্তা দি আহিছে। তেওঁ কয় যে ...

October 7, 2025 11:36 AM

views 87

বিৰোধী দলকে ধৰি সকলো দলৰ নেতাসকলৰ সৈতে উপ-ৰাষ্ট্ৰপতিৰ বাৰ্তালাপ

● উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনে আজি বিৰোধী দলসমূহকে ধৰি সকলো দলৰ নেতাসকলৰ সৈতে বাৰ্তালাপ কৰিব। চি পি ৰাধাকৃষ্ণনৰ জনপ্রতিনিধিসকলৰ সৈতে এয়া হ'ব উচ্চ সদনৰ সভাপতি হিচাপে প্রথমখন আনুষ্ঠানিক বৈঠক। অহা মাহত হ’বলগীয়া সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে আজি হ'বলগীয়া এই বৈঠকখনে বিশেষ তাৎপর্য বহন কৰিছে। এই বৈঠকতে চি পি ৰাধাকৃষ্ণনে সংসদৰ সমাগত অধিৱেশনৰ সময়ছোৱাত সুকলমে সদন পৰিচালনা কৰাৰ ক্ষেত্ৰত নেতাসকলৰ সৈতে আলোচনা কৰিব। উল্লেখযোগ্য যে চি পি ৰাধাকৃষ্ণনক শাসকীয় এন ডি এ চৰকাৰে উপ-ৰাষ্ট্...

October 2, 2025 6:40 PM

views 67

তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে. কামৰাজৰ মৃত্যু বার্ষিকীত স্মৰণ উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ

● উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে মুক্তি যুজাৰু তথা তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে. কামৰাজক আজি মৃত্যু বার্ষিকীত স্মৰণ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণণে কয়, যে প্রয়াত কামৰাজৰ জীৱন সৰলতা, সংহতি আৰু জনগণৰ সেৱাত উৎসৰ্গিত আছিল। তেওঁ লগতে কয়, যে কে. কামৰাজে শিক্ষা আৰু সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ উন্নয়নত অমূল্য অৱদান আগবঢ়াই গৈছে। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে লাখ লাখ শিশুৰ জীৱনলৈ ৰূপান্তৰ অনা মধ্যাহ্ন ভোজন আঁচনি প্ৰৱৰ্তনৰ বাবেও প্রাক্তন মুখ্যমন্ত্ৰীগৰাকীক স্মৰণ কৰে। দেশৰ মুক্তি সংগ্ৰাম আৰু...

September 22, 2025 7:36 PM

views 56

দিল্লীত প্রধানমন্ত্ৰী মোদীৰ বক্তৃতা সম্বলিত দুখন গ্ৰন্থ উন্মোচন উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি নতুন দিল্লীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বক্তৃতা সম্বলিত দুখন গ্ৰন্থ উন্মোচন কৰে। ' ছবকা ছাথ ছবকা বিকাশ ছবকা বিশ্বাস ছবকা প্রয়াস' শীর্ষক এই সংকলন দুটাৰ উন্মোচনৰ সৈতে সংগতি ৰাখি আয়োজন কৰা অনুষ্ঠানত ভাষণ দি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰধানমন্ত্ৰী মোডীক দেশ আৰু বিদেশৰ কোটি কোটি লোকৰ বাবে অনুপ্ৰেৰণাৰ উৎস বুলি অভিহিত কৰে৷