CPউপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি নতুন দিল্লীত মদন মোহন মালব্যৰ সংগৃহীত ৰচনাৱলীৰ অন্তিমটো খণ্ড মুকলি কৰিব। এই ৰচনাৱলীৰ প্ৰথমটো খণ্ড ২০২৩ চনৰ ২৫ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিছিল। মালব্য মিছন আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ প্ৰকাশন বিভাগৰ দ্বাৰা যুটীয়াভাৱে এই দ্বিভাষিক প্রকাশন প্রকল্প সম্পূৰ্ণ কৰা হৈছে। এই প্ৰকল্পৰ জৰিয়তে আধুনিক ভাৰতৰ অন্যতম নির্মাতাগৰাকীৰ কামসমূহ সংৰক্ষণৰ লক্ষ্যৰে সমগ্ৰ দেশৰ বিভিন্ন ঠাইৰ পৰা মূল তথ্যপাতিসমূহ সংগ্ৰহ কৰি ইয়াৰ গৱেষণা কৰা হয়। অন্তিমটো খণ্ডত মদন মোহন মালব্যৰ জীৱন কাহিনীৰে প্ৰায় ৩৫০০ পৃষ্ঠাজোৰা তথ্যসম্বলিত ৰচনাৱলী প্ৰস্তুত কৰা হৈছে। তদুপৰি এই খণ্ডটোত চেণ্ট্ৰেল লেজিছলেটিভ এছেম্বলীত শ্রীমালব্যই প্রদান কৰা দুশটা ভাষণ সংযোজন কৰাৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ ১৩৫গৰাকী ঔদ্যোগিক নেতাৰ সৈতে হোৱা সাক্ষাৎকাৰ অন্তৰ্ভুক্ত কৰা হৈছে।
Assamese | December 25, 2025 11:06 AM | CP Radhakrishnan
উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে নতুন দিল্লীত মদন মোহন মালব্যৰ সংগৃহীত ৰচনাৱলীৰ অন্তিমটো খণ্ড মুকলি কৰিব