October 2, 2025 6:40 PM

views 73

তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে. কামৰাজৰ মৃত্যু বার্ষিকীত স্মৰণ উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ

● উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে মুক্তি যুজাৰু তথা তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে. কামৰাজক আজি মৃত্যু বার্ষিকীত স্মৰণ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণণে কয়, যে প্রয়াত কামৰাজৰ জীৱন সৰলতা, সংহতি আৰু জনগণৰ সেৱাত উৎসৰ্গিত আছিল। তেওঁ লগতে কয়, যে কে. কামৰাজে শিক্ষা আৰু সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ উন্নয়নত অমূল্য অৱদান আগবঢ়াই গৈছে। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে লাখ লাখ শিশুৰ জীৱনলৈ ৰূপান্তৰ অনা মধ্যাহ্ন ভোজন আঁচনি প্ৰৱৰ্তনৰ বাবেও প্রাক্তন মুখ্যমন্ত্ৰীগৰাকীক স্মৰণ কৰে। দেশৰ মুক্তি সংগ্ৰাম আৰু...

September 22, 2025 7:36 PM

views 62

দিল্লীত প্রধানমন্ত্ৰী মোদীৰ বক্তৃতা সম্বলিত দুখন গ্ৰন্থ উন্মোচন উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি নতুন দিল্লীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বক্তৃতা সম্বলিত দুখন গ্ৰন্থ উন্মোচন কৰে। ' ছবকা ছাথ ছবকা বিকাশ ছবকা বিশ্বাস ছবকা প্রয়াস' শীর্ষক এই সংকলন দুটাৰ উন্মোচনৰ সৈতে সংগতি ৰাখি আয়োজন কৰা অনুষ্ঠানত ভাষণ দি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰধানমন্ত্ৰী মোডীক দেশ আৰু বিদেশৰ কোটি কোটি লোকৰ বাবে অনুপ্ৰেৰণাৰ উৎস বুলি অভিহিত কৰে৷