May 20, 2025 1:11 PM

views 59

দেৰগাঁৱৰ বৰুৱা বামুণ গাঁৱত থকা পৰিত্যক্ত চেনিকল পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাটৰ দেৰগাঁৱৰ বৰুৱা বামুণ গাঁৱত থকা পৰিত্যক্ত চেনিকল পৰিদৰ্শন কৰে। দুদিনীয়া ভ্ৰমণসূচীৰে গোলাঘাটত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিত্যক্ত হৈ থকা ৫০০ বিঘা মাটি ৰাজ্য চৰকাৰৰ অধীনলৈ অনাৰ ব্যৱস্থা কৰাৰ বাবে জিলা আয়ুক্তক নির্দেশ দিয়ে। এই ভূমি এডভান্টেজ অসম টু পইণ্ট জিৰ'ৰ সৈতে সংগতি ৰাখি উৎপাদনশীল কামত ব্যৱহাৰ কৰাৰ পদক্ষেপ গ্রহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে। ইয়াৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত অনুষ্ঠিত আৰক...

May 13, 2025 1:00 PM

views 57

অসম দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ

অসম দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত অসমৰ পৰ্যটন ক্ষেত্ৰৰ উন্নতিৰ কথা প্ৰকাশ কৰিছে। বিগত ২০২৩-২৪ পৰ্যটন বৰ্ষত ৪ লাখৰো অধিক পৰ্যটকে অসমৰ প্ৰকৃতি আৰু আতিথ্য উপভোগ কৰিবলৈ অসম ভ্ৰমণ কৰিছিল। প্ৰতি বছৰে অসমলৈ পৰ্যটনকৰ আগমনৰ হাৰ উৎসাহজনকভাৱে বৃদ্ধি পাইছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ৰাজ্য চৰকাৰে অসমৰ পৰ্যটন দিশটো অধিক আগুৱাই নিবলৈ বহুখিনি প্রকল্প গ্ৰহণ কৰিছে বুলিও তেওঁ কয়। লগতে চলিত ২০২৪-২৫ পর্যটন বৰ্ষতো অসমৰ পৰ্যটন ক্ষেত...

May 2, 2025 8:05 PM

views 63

মুখ্যমন্ত্ৰীক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সদস্যপদ পদত্যাগৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ বাবে আহ্বান বাৰ এছোচিয়েচনৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সদস্যপদৰ পৰা পদত্যাগৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছোচিয়েচনে আহ্বান জনাইছে। এছোচিয়েচনৰ সভাপতি আৰু সম্পাদকে প্ৰেৰণ কৰা পত্ৰখনত মুখ্যমন্ত্ৰীক তেওঁৰ পদত্যাগৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ বাবে আহ্বান জনোৱা হৈছে। পত্ৰখনত এছোচিয়েচনৰ নেতৃবৃন্দই এই বুলি উল্লেখ কৰিছে যে স্বাৰ্থৰ সৈতে সংঘাতৰ বিষয়টোক লৈ মুখ্যমন্ত্ৰীয়ে বাৰ এছোচিয়েচনৰ সদস্যপদৰ পৰা পদত্যাগ কৰাৰ প্ৰয়োজন নাই। বৰ্তমানৰ উচ্চ ন্যায়ালয়ৰ আন্তঃগাঁথনি...

April 28, 2025 12:23 PM

views 67

ভূৱা আধাৰ নম্বৰ উলিওৱা লোকৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ শীঘ্ৰে অভিযান

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত আবেদন নকৰাকৈ অসমত আধাৰ নম্বৰ উলিওৱা লোকৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে অতি শীঘ্ৰে অভিযান চলাব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। অহা দুই-চাৰি দিনতে অসমত এই অভিযান আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্রী ড° শৰ্মাই কালি এই কথা সদৰি কৰি কয়, যে বহু লোকে এন আৰ চিৰ সময়ত আবেদন কৰা নাছিল যদিও তেওঁলোকে অসমত আধাৰ কাৰ্ড লৈছিল। এনে লোকসকলৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে ব্যৱস্থা ল'ব বুলিও তেওঁ কয়। আনহাতে যোৱা কিছু বছৰত অসমত প্ৰৱেশ কৰা অবৈধ নাগৰিকসকলক উলিয়াই পঠিওৱাৰ...

April 21, 2025 7:32 PM

views 67

ধেমাজি জিলাত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

অহা ২ আৰু ৭ মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে ৰাজ্যৰ নিৰ্বাচন হ'বলগীয়া জিলাকেইখনত ব্যাপক প্ৰচাৰ চলাই আছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ধেমাজি জিলাত পঞ্চায়ত নিৰ্বাচনৰ বাবে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত অংশ লয়। জিলাখনৰ চিলাপথাৰৰ অকাজান হাইস্কুল খেলপথাৰত আয়োজিত নির্বাচনী সভাত অংশ লৈ মুখ্যমন্ত্ৰীয়ে দলীয় প্রার্থীক জয়ী কৰিবলৈ জনসাধাৰণৰ প্রতি আহ্বান জনায়। নিজৰ ভাষণত ড° শৰ্মাই বিগত সময়ছোৱাত ৰাজ্য চৰকাৰৰ সফলতাৰ বিষয়ে উল্লেখ কৰে। তদুপৰি এডভান্টেজ আছা...

April 2, 2025 11:55 AM

views 66

ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত যোৰহাটত কেইবাটাও ৰাজহুৱা প্ৰকল্পৰ উদ্বোধন

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আজি যোৰহাটত প্ৰায় ১১১ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও ৰাজহুৱা প্ৰকল্পৰ উদ্বোধন কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে ৫৮১ মিটাৰ দৈৰ্ঘ্যৰ কমাৰবন্ধা আলি ৰে'লৱে উৰণ সেতু, সম্পূর্ণ স্বয়ংক্রিয় পৰীক্ষা আৰু অত্যাধুনিক সা-সঁজুলি সম্পন্ন স্বয়ংক্রিয় যান-বাহন উপযোগিতা পৰীক্ষণ কেন্দ্ৰ আৰু ১২০ খন আসনযুক্ত আলোচনা কক্ষ, সংবাদ সন্মিলন কক্ষ ইত্যাদি সংলগ্ন যোৰহাট সন্মিলন কেন্দ্ৰটো আজি ৰাইজলৈ উৎসৰ্গিত কৰিব। ইয়াৰে উৰণ সেতুখন ৭৮ কোটি ২৭ লাখ, যান-বাহন পৰীক্ষা কেন্দ্ৰটো ১২ কোটি ৫০...

March 21, 2025 7:52 PM

views 66

ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত জিলাখনৰ কৃত্ৰিম বানৰ সমস্যা আৰু ইয়াৰ সমাধান সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ চৌহদত জিলাখনৰ কৃত্ৰিম বানৰ সমস্যা আৰু ইয়াৰ সমাধান সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত ডিব্ৰুগড় পৌৰসভা, চহৰ আৰু নগৰ পৰিকল্পনা বিভাগকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকলৰ উপৰি কেবিনেট মন্ত্ৰী প্ৰশান্ত ফুকন উপস্থিত থাকে। ড° শর্মাই নগৰখনত নিৰ্মাণ হৈ থকা মূল নলাৰ উপৰি অন্যান্য নলা-নৰ্দমাসমূহৰ নিৰ্মাণকাৰ্য শীঘ্ৰেই সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিভাগক নির্দেশ দিয়ে। কৃত্রিম বানে যাতে জনসাধাৰণক বিপর্যস্ত কৰিব নোৱাৰে তাৰ বাবে...

March 20, 2025 6:10 PM

views 49

মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত আজি ডিব্ৰুগড়ত অসম মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি ডিব্ৰুগড়ত অসম মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হৈছে। ডিব্ৰুগড় নগৰৰ মাইজানৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত অনুষ্ঠিত এই বৈঠকত ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানীৰূপে গঢ়ি তোলা সম্পৰ্কত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। এই বৈঠকত ভাগ লোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আজি বিয়লিৰ ভাগত ডিব্ৰুগড়ত উপস্থিত হয়। আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতাই জনোৱা মতে ডিব্ৰুগড়ত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ আজিৰ এই বৈঠক বিশেষ গুৰুত্ব...

March 18, 2025 12:30 PM

views 68

সদ্য সমাপ্ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমাজ বিজ্ঞানৰ উত্তৰবহীত অতিৰিক্ত নম্বৰ প্ৰদান কৰা হ’ব বুলি মুখ্যমন্ত্রীৰ প্ৰকাশ

সদ্য সমাপ্ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমাজ বিজ্ঞান বিষয়ৰ উত্তৰবহীত পৰিক্ষাৰ্থীসকলক অতিৰিক্ত নম্বৰ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি সামাজিক মাধ্যমযোগে এই কথা প্রকাশ কৰি কয়, যে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমাজ বিজ্ঞানৰ প্ৰশ্নকাকতখন জটিল হোৱা বুলি বৰপেটা, বৰদোৱা ভ্ৰমণ কৰাৰ সময়ত তেওঁক শিক্ষাৰ্থীসকলে ওজৰ-আপত্তি দিছিল। শিক্ষাৰ্থীসকলৰ এই অভিযোগৰ ভিত্তিত তেওঁ বিষয়টো পৰ্যালোচনা কৰিবলৈ ছেবাৰ অধ্যক্ষক পৰামৰ্শ দিয়া বুলি উল্লেখ কৰিছে...

March 17, 2025 7:35 PM

views 61

অহা মে’ত ৯ হাজাৰ স্নাতকোত্তৰ শিক্ষক পদ ফলাফল ঘোষণা

অহা মে'ত ৯ হাজাৰ স্নাতকোত্তৰ শিক্ষক পদ ফলাফল ঘোষণা কৰা হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূর্বে ফেচবুক লাইভযোগে এই কথা প্ৰকাশ কৰে। তেওঁ লগতে অহা জুনত প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ মৌখিক পৰীক্ষা অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰে। এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত কঠিন আছিল বুলি শিক্ষার্থীসকলে কৰি অহা অভিযোগৰ পৰিপ্ৰেক্ষিতত সমাজ বিজ্ঞানত সকলোৰে বাবে অতিৰিক্ত নম্বৰৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ৰাজ্যখনৰ বিভিন্ন...