ৰাজ্যখনৰ খনিজ সম্পদৰ উচিত ব্যৱহাৰ আৰু এই খণ্ডত সহযোগিতা বৃদ্ধিৰে শক্তিশালী কৰি তোলাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডীৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে ৰাজ্যত স্থাপন হবলগীয়া তাপ বিদ্যুত কেন্দ্ৰসমূহৰ বাবে নিৰৱচ্চিন্নভাৱে কয়লাৰ সৰবৰাহ কৰিবলৈ অনুৰোধ জনায়। তেওঁ লগতে মাৰ্ঘেৰিটা কয়লা খনিৰ কাম-কাজৰ সম্প্ৰসাৰণ সন্দৰ্ভতো মন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰে। তদুপৰি নতুন খনিজ পদাৰ্থ খনন সম্পৰ্কীয় বৈঠকত আলোচনা কৰা হয়।
Assamese | May 27, 2025 6:40 PM | CM
নতুন দিল্লীত জি কিষাণ ৰেড্ডীৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক