মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি লখিমপুৰ জিলাত কেইবাটাও প্রকল্প আৰু আঁচনিৰ আধাৰশিলা স্থাপনৰ লগতে উদ্বোধন কৰিব। মুখ্যমন্ত্ৰীয়ে জিলাখনৰ বেবেজীয়াৰ কমাৰ্টুপ, অঞ্চলত ২৬ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া কেন্দ্ৰীয় সামূহিক ৰান্ধনিঘৰৰ আধাৰশিলা স্থাপন কৰিব। ১৬ বিঘাৰো অধিক ভূমি সামৰি এই ৰান্ধনিঘৰটো নিৰ্মাণ কৰা হ’ব। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীয়ে কালি ডিব্ৰুগড়ত এনে এটা সমূহীয়া ৰান্ধনী ঘৰ মুকলি কৰে। ড° শৰ্মাই ৬৫ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ’বলগীযা দ্বিতীয় পৰ্যায়ৰ উত্তৰ লখিমপুৰ নগৰৰ পানীযোগান আঁচনি আৰু উত্তৰ লখিমপুৰ ইক’ পাৰ্কৰ আধাৰশিলা স্থাপন কৰিব। এই আঁচনিৰ অধীনত ৮ দশমিক ৭ – ০ মিলিয়ন লিটাৰ বিশুদ্ধ খোৱাপানী দৈনিক যোগান ধৰাৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ দ্বাৰা অঞ্চলটোৰ ৭ হাজাৰ ১৩ টা পৰিয়াল উপকৃত হ’ব। তেওঁ লগতে বিলুপ্তপ্রায় গছৰ সংগ্ৰহালয় আৰু বাঁহজাতীয় গছৰ ঘন বনাঞ্চলেৰে ১৬ বিঘা ভুমি সামৰি স্থাপন হ’বলগীয়া উত্তৰ লখিমপুৰ ইক’ পাৰ্কৰ আধাৰশিলাও স্থাপন কৰিব। দিনৰ ভাগত মুখ্যমন্ত্ৰীগৰাকীয়ে ৪ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা লখিমপুৰ জিলা পৰিষদৰ নতুন কাৰ্যালয় ভৱন উদ্বোধন কৰিব। তেওঁ জিলাখনত ৰাষ্ট্ৰীয় গকুল মিছনৰ অধীনত চাৰে চাৰি কোটি টকা ব্যয়েৰে নিৰ্মিত বৃত্তিমূলক প্ৰশিক্ষণ প্রতিষ্ঠান, ইন্দোৰ ষ্টেডিয়াম, ব্যায়ামাগাৰ আৰু কেণ্টিনগৃহ তথা অতিথিশালাও উদ্বোধন কৰিব। জিলাখনত মুখ্যমন্ত্রীয়ে সর্বমুঠ ১১০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। এই কাৰ্যসূচীত মন্ত্রী ডাঃ ৰণোজ পেগু, জয়ন্ত মল্লবৰুৱা, সাংসদ প্ৰদান বৰুৱাকে ধৰি কেইবাগৰাকীও শীর্ষ নেতা উপস্থিত থাকিব।
Assamese | June 16, 2025 1:48 PM | CM
লখিমপুৰত আজি কেইবাটাও প্রকল্প আৰু আঁচনিৰ আধাৰশিলা স্থাপনৰ লগতে উদ্বোধন মুখ্যমন্ত্রীৰ