July 31, 2026 8:24 PM

views 8

বান প্ৰভাৱিতসকলক দিবলগীয়া ১৫ হাজাৰ টকাৰ বাবে ইতিমধ্যে মূল্যায়ণ প্রায় সম্পূৰ্ণ, ২-৩ আগষ্টৰ ভিতৰত প্ৰদান কৰী হ’ব আৰ্থিক সাহায্য

দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলত বানৰ ক্ষয়ক্ষতি হ্ৰাস কৰাৰ বাবে চৰকাৰৰ পৰৱৰ্তী পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে। বান প্ৰভাৱিত লোকসকলৰ বাবে প্ৰদান কৰিবলগীয়া ১৫ হাজাৰ টকাৰ বাবে ইতিমধ্যে এই ঠাইসমূহত মূল্যায়ণ প্রায় সম্পূৰ্ণ হৈছে আৰু অহা দুই-তিনি আগষ্টৰ ভিতৰত এই আৰ্থিক সাহায্য প্ৰদান কৰিব পৰা যাব বুলি মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে কাইলৈ ছাত্ৰ-ছাত্ৰীসকলৰ ইউনিফর্মসমূহ পুনৰ বিতৰণৰ বাবে মুখ্যমন্ত্ৰী সাহা...

July 24, 2026 8:46 PM

views 12

সাম্প্ৰতিক বান পৰিস্থিতিৰ কেতবোৰ গুৰুত্বপূৰ্ণ দিশ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

সাম্প্ৰতিক বান পৰিস্থিতিৰ কেতবোৰ গুৰুত্বপূৰ্ণ দিশ সন্দৰ্ভত আজি এখন সংবাদমেলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, যে বানত চৰাইদেউ জিলাৰ ৩টা ৰাজহ চক্ৰৰ ১৫২ খন গাঁৱৰ ১ লাখ ৩৩ হাজাৰ ১৫৯ জন লোক ক্ষতিগ্ৰস্ত হৈছে।  জিলাখনত বানত ১০ জন লোকৰ মৃত্যু হোৱাৰ বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। একেদৰে শিৱসাগৰ জিলাৰ ৫টা ৰাজহ চক্ৰৰ ৩৩৩ খন গাঁৱৰ ৫ লাখ ৩০ হাজাৰ লোক বানত প্ৰভাৱিত হৈছে। জিলাখনত বানত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ২১।  ড০ শৰ্মাই কয়, যে চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তলৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হৈ...

March 13, 2025 8:37 PM

views 28

প্রধানমন্ত্ৰী আৱাস যোজনাৰ ৩.৮০ লাখ হিতাধিকাৰীক গৃহ নিৰ্মাণৰ বাবে ১৯ মাৰ্চত প্ৰথমটো কিস্তিৰ ধন

ৰাজ্য চৰকাৰে অহা ১৯ মাৰ্চত প্রধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৩ লাখ ৮০ হাজাৰ হিতাধিকাৰীলৈ গৃহ নিৰ্মাণৰ বাবে প্ৰথমটো কিস্তিৰ ধন বেংকযোগে হস্তান্তৰ কৰিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি এখন সংবাদমেলত এই কথা প্রকাশ কৰি কয়, যে কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্রী শিৱৰাজ সিং চৌহানে তেওঁৰ শেহতীয়া অসম ভ্ৰমণৰ সময়ত চলিত বৰ্ষত ৰাজ্যখনত ৩ লাখ ৬০ হাজাৰ নতুন আৱাসৰ বাবে মঞ্জুৰি দিয়াৰ কথা ঘোষণা কৰিছিল। এই আঁচনিৰ বাবে পূৰ্বে নিৰ্ধাৰিত অপেক্ষাৰত হিতাধিকাৰীৰ তালিকাত ৭ লাখ ৬০ হাজাৰ লোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে ...