দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলত বানৰ ক্ষয়ক্ষতি হ্ৰাস কৰাৰ বাবে চৰকাৰৰ পৰৱৰ্তী পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে। বান প্ৰভাৱিত লোকসকলৰ বাবে প্ৰদান কৰিবলগীয়া ১৫ হাজাৰ টকাৰ বাবে ইতিমধ্যে এই ঠাইসমূহত মূল্যায়ণ প্রায় সম্পূৰ্ণ হৈছে আৰু অহা দুই-তিনি আগষ্টৰ ভিতৰত এই আৰ্থিক সাহায্য প্ৰদান কৰিব পৰা যাব বুলি মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে।
তেওঁ লগতে কয়, যে কাইলৈ ছাত্ৰ-ছাত্ৰীসকলৰ ইউনিফর্মসমূহ পুনৰ বিতৰণৰ বাবে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা ৮ কোটি টকা সমগ্র শিক্ষা অভিযানক দিয়া হ’ব আৰু সমগ্ৰ শিক্ষাই এই পুঁজি তাৎক্ষণিকভাৱে বিদ্যালয় ব্যৱস্থাপনা সমিতিক হস্তান্তৰ কৰিব।