সাম্প্ৰতিক বান পৰিস্থিতিৰ কেতবোৰ গুৰুত্বপূৰ্ণ দিশ সন্দৰ্ভত আজি এখন সংবাদমেলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, যে বানত চৰাইদেউ জিলাৰ ৩টা ৰাজহ চক্ৰৰ ১৫২ খন গাঁৱৰ ১ লাখ ৩৩ হাজাৰ ১৫৯ জন লোক ক্ষতিগ্ৰস্ত হৈছে।
জিলাখনত বানত ১০ জন লোকৰ মৃত্যু হোৱাৰ বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। একেদৰে শিৱসাগৰ জিলাৰ ৫টা ৰাজহ চক্ৰৰ ৩৩৩ খন গাঁৱৰ ৫ লাখ ৩০ হাজাৰ লোক বানত প্ৰভাৱিত হৈছে। জিলাখনত বানত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ২১।
ড০ শৰ্মাই কয়, যে চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তলৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে যদিও শিৱসাগৰ জিলাৰ নাজিৰাৰ ৩০ শতাংশ অঞ্চললৈ এতিয়াও বান সাহায্য প্ৰদান কৰিব পৰা হোৱা নাই ।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে মন্ত্ৰী বিমল বৰা আৰু সুশান্ত বৰগোহাঁইয়ে জিলাকেইখনৰ বান পৰিস্থিতি নিৰীক্ষণ কৰি আছে। শিৱসাগৰ আৰু চৰাইদেউ জিলাত পৰ্যাপ্ত খাদ্য সামগ্রী যোগান ধৰাৰ বাবে তিনিচুকীয়া, ডিব্ৰুগড় আৰু কামৰূপ মহানগৰ জিলাৰ পৰা সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে বুলি ড০ শৰ্মাই জানিবলৈ দিয়ে।
তেওঁ লগতে কয়, যে উদ্ধাৰ অভিযানৰ বাবে এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ নাও ব্যৱহাৰ কৰাৰ উপৰি খাদ্য সামগ্ৰী যোগান ধৰাৰ বাবে মাজুলী, ধেমাজি আৰু লখিমপুৰৰ পৰা টুলুঙা নাও আৰু পাল নাও সংগ্রহ কৰা হৈছে।
ইপিনে পানী লাহে লাহে হ্ৰাস পাবলৈ ধৰাৰ ফলত বান ক্ষতিগ্রস্ত অঞ্চলসমূহত যাতে কোনো মহামাৰী নহয় তাৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তৰফৰ পৰা ভ্ৰাম্যমান চিকিৎসা সেৱাৰ ব্যৱস্থাৰ উপৰি ডিব্ৰুগড় আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ দল মোতায়েন কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ।