ৰাজ্য চৰকাৰে অহা ১৯ মাৰ্চত প্রধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৩ লাখ ৮০ হাজাৰ হিতাধিকাৰীলৈ গৃহ নিৰ্মাণৰ বাবে প্ৰথমটো কিস্তিৰ ধন বেংকযোগে হস্তান্তৰ কৰিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি এখন সংবাদমেলত এই কথা প্রকাশ কৰি কয়, যে কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্রী শিৱৰাজ সিং চৌহানে তেওঁৰ শেহতীয়া অসম ভ্ৰমণৰ সময়ত চলিত বৰ্ষত ৰাজ্যখনত ৩ লাখ ৬০ হাজাৰ নতুন আৱাসৰ বাবে মঞ্জুৰি দিয়াৰ কথা ঘোষণা কৰিছিল। এই আঁচনিৰ বাবে পূৰ্বে নিৰ্ধাৰিত অপেক্ষাৰত হিতাধিকাৰীৰ তালিকাত ৭ লাখ ৬০ হাজাৰ লোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে ইয়াৰ পৰৱৰ্তী সময়ত অহা এপ্ৰিল- মে’ মাহত আৰু ৩ লাখ ৮০ হাজাৰ হিতাধিকাৰীক এই আঁচনিৰ ধন প্ৰদানৰ ব্যৱস্থা কৰা হ’ব। ইয়াৰ ফলত ৰাজ্যখনত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৩০ লাখ হিতাধিকাৰীক ঘৰ প্ৰদানৰ লক্ষ্য প্ৰাপ্তি হ’ব। এই আঁচনিৰ অধীনত এতিয়ালৈকে ২২ লাখ হিতাধিকাৰীয়ে ঘৰ লাভ কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয়, যে এই আঁচনিৰ হিতাধিকাৰী চিনাক্ত কৰিবলৈ ৰাজ্য চৰকাৰে পুনৰবাৰ জিঅ’ টেগিং কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অনুমতি লৈছে। সেই অনুসৰি দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে জিঅ’ টেগিঙৰ ক্ষেত্ৰত অভিনৱ পন্থা গ্ৰহণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে এইবাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিষয়াৰ পৰিৱৰ্তে জীৱিকা সখীসকলে মহিলা আত্মসহায়ক গোটৰ সহযোগত গাঁৱে গাঁৱে গৈ জিঅ’ টেগিং কৰিব। ইয়াৰ পাছতো জিঅ’ টেগিঙৰ পৰা বঞ্চিত হৈ ৰোৱা লোকসকলৰ বাবে স্ব-জিঅ’ টেগিঙৰ ব্যৱস্থা কৰা হ’ব বুলি ড০ শৰ্মাই জানিবলৈ দিয়ে।
Assamese | March 13, 2025 8:37 PM | cm p meet
প্রধানমন্ত্ৰী আৱাস যোজনাৰ ৩.৮০ লাখ হিতাধিকাৰীক গৃহ নিৰ্মাণৰ বাবে ১৯ মাৰ্চত প্ৰথমটো কিস্তিৰ ধন