August 3, 2026 7:21 PM

views 6

বানত মৃত্যু হোৱা পশুধনৰ বাবেও আর্থিক সাহায্য ঘোষণা ৰাজ্য চৰকাৰৰ

প্ৰলয়ংকৰী বানত ক্ষতি হোৱা পশুধনৰ বাবেও পৰিয়ালসমূহক ধন প্ৰদান কৰা হ'ব। সেই অনুসৰি একোটা গৰুৰ বাবদ ৩৭ হাজাৰ ৫০০ টকা, প্ৰতিটো ছাগলী আৰু গাহৰিৰ বাবে ৪ হাজাৰ টকাকৈ আৰু প্ৰতিটো হাঁহ-কুকুৰাৰ বাবে ১০০ টকাকৈ প্ৰদান কৰা হ'ব। বানত নষ্ট হোৱা তাঁতশালসমূহৰ প্ৰতিখনৰ বাবদ ৫ হাজাৰ টকাকৈ প্ৰদান কৰা হ'ব।  একেদৰে নষ্ট হোৱা কৃষিৰ বাবেও ৰাজ্য চৰকাৰে ক্ষতিগ্রস্তসকলক আর্থিক সাহায্য আগবঢ়াব। বানে ক্ষতি কৰা অংগনৱাড়ী কেন্দ্ৰসমূহৰ পুনৰনিৰ্মাণৰ বাবে ২ লাখৰ পৰা আঢ়ৈ লাখ পর্যন্ত অনুদান আগবঢ়োৱা হ'ব। সেইদৰে বিদ্যালয়সমূহলৈও ...

July 25, 2026 8:38 PM

views 12

ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হোৱা বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সদৰী

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বান পৰিস্থিতি আজি সামান্য উন্নত হোৱা বুলি সদৰী কৰিছে। তেওঁ বানাক্ৰান্ত সকলো স্থানলৈ যাতে বান সাহায্য প্ৰেৰণ কৰিব পৰা যায় তাৰ বাবে সেনা বাহিনীৰ সহায় লোৱা বুলিও প্ৰকাশ কৰিছে।  তদুপৰি ভাৰতীয় বায়ু সেনাৰ জৰিয়তেও উদ্ধাৰ আৰু সাহায্য অভিযান চলাই থকাৰ বিষয়েও তেওঁ সদৰী কৰে। আজি গুৱাহাটীৰ আজাৰাৰ কাঁহিকুচিৰ গোলাপ বৰবৰা এছ আই আৰ ডিত অনুষ্ঠিত পণ্ডিত দীনদয়াল উপাধ্যায় প্রশিক্ষণ মহা অভিযানত ভাগ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বান পৰিস্থিতি সন্দৰ্ভত এই কথা প্ৰকাশ কৰে। মু...

July 25, 2026 12:04 PM

views 29

চৰাইদেউৰ ১০০ শতাংশ স্থানত সাহায্য প্ৰদান, নাজিৰা-শিৱসাগৰৰ ভালেসংখ্যক লোকৰ সৈতে যোগাযোগ কৰিব পৰা নাইঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই চৰাইদেউ জিলাৰ ১০০ শতাংশ স্থানত সাহায্য সামগ্রী প্রদান কৰা হৈছে যদিও নাজিৰা সমষ্টিৰ ৩০ শতাংশ আৰু শিৱসাগৰৰ ২০ শতাংশ লোকৰ সৈতে এতিয়াও প্রশাসনে সম্পর্ক স্থাপন কৰিব পৰা নাই বুলি প্ৰকাশ কৰিছে। দিছপুৰৰ লোকসেৱা ভৱনত কালি এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে।  সংবাদমেলত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, যে বানত চৰাইদেউ জিলাৰ ৩টা ৰাজহ চক্ৰৰ ১৫২খন গাঁৱৰ ১ লাখ ৩৩ হাজাৰ ১৫৯ জন লোক ক্ষতিগ্ৰস্ত হৈছে। জিলাখনত বানত ১০ জন লোকৰ মৃত্যু হোৱাৰ বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয...