ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হোৱা বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সদৰী

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বান পৰিস্থিতি আজি সামান্য উন্নত হোৱা বুলি সদৰী কৰিছে। তেওঁ বানাক্ৰান্ত সকলো স্থানলৈ যাতে বান সাহায্য প্ৰেৰণ কৰিব পৰা যায় তাৰ বাবে সেনা বাহিনীৰ সহায় লোৱা বুলিও প্ৰকাশ কৰিছে। 

তদুপৰি ভাৰতীয় বায়ু সেনাৰ জৰিয়তেও উদ্ধাৰ আৰু সাহায্য অভিযান চলাই থকাৰ বিষয়েও তেওঁ সদৰী কৰে। আজি গুৱাহাটীৰ আজাৰাৰ কাঁহিকুচিৰ গোলাপ বৰবৰা এছ আই আৰ ডিত অনুষ্ঠিত পণ্ডিত দীনদয়াল উপাধ্যায় প্রশিক্ষণ মহা অভিযানত ভাগ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বান পৰিস্থিতি সন্দৰ্ভত এই কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই বৰ্তমান বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬২ লৈ বৃদ্ধি পোৱা বুলিও কয়।