August 3, 2026 7:21 PM | cm on flood

printer

বানত মৃত্যু হোৱা পশুধনৰ বাবেও আর্থিক সাহায্য ঘোষণা ৰাজ্য চৰকাৰৰ

প্ৰলয়ংকৰী বানত ক্ষতি হোৱা পশুধনৰ বাবেও পৰিয়ালসমূহক ধন প্ৰদান কৰা হ’ব। সেই অনুসৰি একোটা গৰুৰ বাবদ ৩৭ হাজাৰ ৫০০ টকা, প্ৰতিটো ছাগলী আৰু গাহৰিৰ বাবে ৪ হাজাৰ টকাকৈ আৰু প্ৰতিটো হাঁহ-কুকুৰাৰ বাবে ১০০ টকাকৈ প্ৰদান কৰা হ’ব। বানত নষ্ট হোৱা তাঁতশালসমূহৰ প্ৰতিখনৰ বাবদ ৫ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব। 

একেদৰে নষ্ট হোৱা কৃষিৰ বাবেও ৰাজ্য চৰকাৰে ক্ষতিগ্রস্তসকলক আর্থিক সাহায্য আগবঢ়াব। বানে ক্ষতি কৰা অংগনৱাড়ী কেন্দ্ৰসমূহৰ পুনৰনিৰ্মাণৰ বাবে ২ লাখৰ পৰা আঢ়ৈ লাখ পর্যন্ত অনুদান আগবঢ়োৱা হ’ব। সেইদৰে বিদ্যালয়সমূহলৈও ২ লাখকৈ টকা দিয়া হ’ব। পৰিয়ালসমূহে ন্যূনতম নথিপত্ৰৰ বিনিময়ত এই আর্থিক সাহায্য লাভ কৰিব। 

উল্লেখযোগ্য যে ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও ৫ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ইয়াৰে গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু ধেমাজি জিলাৰ ৩৩৫ খন গাঁও এতিয়াও বানৰ কবলত আছে। বানত ১ লাখ ৩৬ হাজাৰ ২০৩ জন লোক প্ৰভাৱিত হৈছে। তদুপৰি ১৫ হাজাৰ ৪২২ হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। ৰাজ্যখনত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮৫ হৈছেগৈ।