July 25, 2026 12:04 PM | cm on flood

printer

চৰাইদেউৰ ১০০ শতাংশ স্থানত সাহায্য প্ৰদান, নাজিৰা-শিৱসাগৰৰ ভালেসংখ্যক লোকৰ সৈতে যোগাযোগ কৰিব পৰা নাইঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই চৰাইদেউ জিলাৰ ১০০ শতাংশ স্থানত সাহায্য সামগ্রী প্রদান কৰা হৈছে যদিও নাজিৰা সমষ্টিৰ ৩০ শতাংশ আৰু শিৱসাগৰৰ ২০ শতাংশ লোকৰ সৈতে এতিয়াও প্রশাসনে সম্পর্ক স্থাপন কৰিব পৰা নাই বুলি প্ৰকাশ কৰিছে। দিছপুৰৰ লোকসেৱা ভৱনত কালি এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। 

সংবাদমেলত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, যে বানত চৰাইদেউ জিলাৰ ৩টা ৰাজহ চক্ৰৰ ১৫২খন গাঁৱৰ ১ লাখ ৩৩ হাজাৰ ১৫৯ জন লোক ক্ষতিগ্ৰস্ত হৈছে। জিলাখনত বানত ১০ জন লোকৰ মৃত্যু হোৱাৰ বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। একেদৰে শিৱসাগৰ জিলাৰ ৫টা ৰাজহ চক্ৰৰ ৩৩৩ খন গাঁৱৰ ৫ লাখ ৩০ হাজাৰ লোক বানত প্ৰভাৱিত হৈছে। জিলাখনত বানত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ২১।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে মন্ত্ৰী বিমল বৰা আৰু সুশান্ত বৰগোহাঁইয়ে জিলাকেইখনৰ বান পৰিস্থিতি নিৰীক্ষণ কৰি আছে। শিৱসাগৰ আৰু চৰাইদেউ জিলাত পৰ্যাপ্ত খাদ্য সামগ্ৰী যোগান ধৰাৰ বাবে তিনিচুকীয়া, ডিব্ৰুগড় আৰু কামৰূপ মহানগৰ জিলাৰ পৰা সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে বুলি ড০ শৰ্মাই জানিবলৈ দিয়ে। 

তেওঁ লগতে কয়, যে উদ্ধাৰ অভিযানৰ বাবে এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ নাও ব্যৱহাৰ কৰাৰ উপৰি খাদ্য সামগ্রী যোগান ধৰাৰ বাবে মাজুলী, ধেমাজি আৰু লখিমপুৰৰ পৰা টুলুঙা নাও আৰু পাল নাও সংগ্ৰহ কৰা হৈছে ।

পানী লাহে লাহে হ্ৰাস পাবলৈ ধৰাৰ ফলত বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত যাতে কোনো মহামাৰী নহয় তাৰবাবে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তৰফৰ পৰা ভ্ৰাম্যমান চিকিৎসা সেৱাৰ ব্যৱস্থাৰ উপৰি ডিব্ৰুগড় আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ দল নিয়োজিত কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। 

তেওঁ কয়, যে বানৰ ক্ষয়ক্ষতিৰ বুজ ল’বলৈ কেন্দ্ৰীয় চৰকাৰৰ এটা আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ প্ৰতিনিধিৰ দল আজি অসমলৈ আহিব। দলটোৱে ক্ষতিগ্রস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰিব ৷

ড০ শৰ্মাই নিজৰ সামৰ্থ্য অনুযায়ী মুখ্যমন্ত্রী সাহায্য পুঁজিলৈ অনুদান আগবঢ়াবলৈ আহ্বান জনাইছে। বান প্ৰভাৱিতসকলক সহায় কৰিবলৈ ইচ্ছুক ব্যক্তিসকলৰ সুবিধার্থে কালি সামাজিক মাধ্যম ফে’চবুকত মুখ্যমন্ত্রী সাহায্য পুঁজিৰ বেংক একাউণ্ট নম্বৰ আৰু কিউ আৰ ক’ড ৰাজহুৱা কৰি কয়, যে যিসকলে ৰাজ্য চৰকাৰৰ জৰিয়তে দুৰ্গতজনলৈ সহায়ৰ হাত আগবঢ়াব বিচাৰে তেওঁলোকে সাহায্য পুঁজিলৈ নিজৰ সামর্থ্য অনুযায়ী অনুদান আগবঢ়াব পাৰে। 

তেওঁ লগতে কয়, যে এই সংকটৰ সময়ত বান প্ৰভাৱিতসকলৰ বাবে চৰকাৰী, ব্যক্তিগত নাইবা সামুহিক সহায় অতিকে প্রয়োজনীয়। সমমর্মিতা, সহযোগিতা আৰু ঐক্যৰ শক্তিৰে এই দুৰ্যোগ অতিক্ৰম কৰিব পৰা যাব বুলি তেওঁ আশা প্রকাশ কৰে।