February 14, 2025 7:31 PM

views 165

ছিংগাপুৰ ভ্ৰমণ অত্যন্ত আশাব্যঞ্জক আৰু ফলপ্ৰসূ বুলি প্ৰকাশ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰচাৰ ভিত্তিক কাৰ্যসূচীৰ অংশ হিচাপে ছিংগাপুৰ ভ্ৰমণ অত্যন্ত আশাব্যঞ্জক আৰু ফলপ্ৰসূ আছিল বুলি উল্লেখ কৰিছে। এই শীৰ্ষ সন্মিলনৰ অংশীদাৰ ৰাষ্ট্ৰ হিচাপে ছিংগাপুৰৰ কোম্পানীসমূহৰ অসমৰ বিভিন্ন ক্ষেত্ৰত বিনিয়োগৰ জড়িয়তে নিয়োগ আৰু সুযোগ সৃষ্টি কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়াস কৰিছে বুলি ড০ শৰ্মাই প্ৰকাশ কৰে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীগৰাকী ছিংগাপুৰ ভ্ৰমণ সামৰি আজি গুৱাহাটীত উপস্থিত হয়।

February 12, 2025 3:51 PM

views 59

ছিংগাপুৰৰ উপ-প্রধানমন্ত্ৰী তথা বাণিজ্য আৰু উদ্যোগ মন্ত্রী এইচ ই গান কীম ইয়ঙক মুখ্যমন্ত্ৰীৰ ড০ হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাৎ

বিনিয়োগ সন্মিলন এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ বিদেশী বিনিয়োগকাৰীসকলক আকৰ্ষিত কৰাৰ উদ্দেশ্য ছিংগাপুৰলৈ যোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি দেশখনৰ উপ প্রধানমন্ত্ৰী তথা বাণিজ্য আৰু উদ্যোগ মন্ত্রী এইচ ই গান কীম ইয়ঙক সাক্ষাৎ কৰে। সাক্ষাৎ কালত ড০ শৰ্মাই জ্ঞান আধাৰিত অৰ্থব্যৱস্থা, ছেমি কনডাক্টৰ, দক্ষতা বিকাশ, সেউজ শক্তি ক্ষেত্ৰত অধিক সহযোগিতাৰে ভাৰত-আছিয়ান সর্বাত্মক কৌশলগত সহযোগিতাৰ কেন্দ্ৰ বিন্দু ৰূপে পৰিগণিত হোৱাৰ বাবে অসমে চলোৱা প্ৰচেষ্টাৰ বিষয়ে আলোকপাত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ল...

February 12, 2025 10:52 AM

views 65

ছেমিকণ্ডাক্টৰ আৰু উদ্যোগ খণ্ডত ছিংগাপুৰৰ অংশীদাৰিত্বই ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য খণ্ডক অধিক সমৃদ্ধ কৰিব: মুখ্যমন্ত্ৰী

■ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বিনিয়োগ সন্মিলন এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে কালি ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থাৰমান ছানমুগাৰত্নম, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ভিভিয়ান বালাকৃষ্ণণ, ছিংগাপুৰ আই টি ই শিক্ষা সেৱাৰ মুখ্য কাৰ্যবাহী বিষয়া সুৰেশ নটৰাজন, সুবানা জুৰঙৰ মুখ্য কাৰ্যবাহী বিষয়া লো চেৰ এক আৰু ছেমিকণ্ডাক্টৰ উদ্যোগৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকলক সাক্ষাৎ কৰে। ড০ শৰ্মাই তেওঁলোকৰ সৈতে নগৰ পৰিকল্পনাৰে ৰাজ্যত চহৰ আৰু ঔদ্যোগিক উদ্যান নির্মাণ,...

February 11, 2025 7:39 PM

views 82

২৪ ফেব্ৰুৱাৰীত ৮ সহস্রাধিক শিল্পীৰ অংশগ্রহণেৰে ‘ঝুমুইৰ বিনন্দিনী’ কাৰ্যসূচী

বিনিয়োগ আৰু আন্তঃগাথনি সন্মিলন এডভান্টেজ আচামৰ দ্বিতীয় সংস্কৰণৰ অংশ হিচাপে ৮ সহস্রাধিক শিল্পীৰ অংশগ্রহণেৰে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অহা ২৪ ফেব্ৰুৱাৰীত হ'বলগীয়া ঝুমুইৰ বিনন্দিনী কাৰ্যসূচীৰ বাবে জিলাই জিলাই ব্যাপক প্রস্তুতি চলিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অনুষ্ঠান উপভোগ কৰিব। অনুষ্ঠানৰ প্ৰস্তুতি পর্যালোচনাৰ বাবে ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰীয়ে প্ৰতিদিনে আখৰা চলি থকা জিলাসমূহ ভ্ৰমণ কৰিছে। অনুষ্ঠানত অংশলবলগীয়া কাছাৰ, হাইলাকাণ্ডি আৰু শ্ৰীভূমি জিলাৰ মণ্ডল ভিত্তিক শিল্পীসকলৰ ঝুমুৰ নৃত্য...

February 11, 2025 6:48 PM

views 52

ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থামান ছানমুগাৰত্নমক সাক্ষাৎ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ উদ্দেশ্যে ছিংগাপুৰ ভ্ৰমণলৈ যোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থামান ছানমুগাৰত্নমক সাক্ষাৎ কৰে। ড০ শৰ্মাই ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে ভাৰত-ছিংগাপুৰৰ কৌশলগত অংশীদাৰিত্বত অসমৰ ভূমিকা সন্দৰ্ভত আলোচনাত মিলিত হয়। তেওঁ লগতে দেশখনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ভিভিয়ান বালাকৃষ্ণনক সাক্ষাৎ কৰি ভাৰতৰ এক্ট-ইষ্ট নীতিৰ অধীনত অসম আৰু ছিংগাপুৰৰ মাজত থকা অংশীদাৰিত্ব সুদৃঢ় কৰাৰ বিষয়ত মত-বিনিময় কৰে। মুখ্যমন্ত্ৰী শৰ্মাই দে...

February 11, 2025 11:11 AM

views 51

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ; ছিংগাপুৰত উপস্থিত মুখ্যমন্ত্ৰী

■ এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা যোৱা নিশা ছিংগাপুৰত উপস্থিত হয়। ছিংগাপুৰত উপস্থিত হোৱাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীক ভাৰতৰ উচ্চায়ুক্ত ড০ শিল্পক আম্বুলেই আদৰণি জনায়। এই ভ্ৰমণৰ সময়ছোৱাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই ছিংগাপুৰ চৰকাৰ আৰু দেশখনৰ উদ্যোগপতিসকলৰ সৈতে আলোচনাত মিলিত হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ৰোড শ্ব’তো অংশগ্ৰহণ কৰাৰ লগতে বাণিজ্যিক সহযোগিতা আৰু বিনিয়োগৰ সুযোগ অন্বেষণ কৰিবলৈ প্ৰতিষ্ঠিত উদ্যোগপতিসকলৰ সৈতে কেইবাখনো ...

February 10, 2025 11:01 AM

views 63

আজিৰে পৰা দুদিনীয়াকৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ছিংগাপুৰ ভ্ৰমণ

■ গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণৰ পৰিপ্ৰেক্ষিতত আজিৰ পৰা দুদিনীয়াকৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ছিংগাপুৰ ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত মুখ্যমন্ত্ৰীয়ে একাধিক ৰোড শ্ব’ত অংশ লোৱাৰ লগতে শীৰ্ষ উদ্যোগপতি আৰু ব্যৱসায়ীৰ সৈতে মত-বিনিময় কৰিব। তদুপৰি এই ভ্ৰমণত মুখ্যমন্ত্ৰীগৰাকীয়ে ছেমি কণ্ডাক্টৰ, ডিপ টেকন'লজি, আন্তঃগাঁথনি আৰু নিৰ্মাণ আদি খণ্ডত ৰাজ্য চৰকাৰে আগবঢ়োৱা বিভিন্ন সা-সুবিধাসমূহৰ বিভিন্ন দিশ আলোকপাত কৰিব। তেওঁ বাণিজ্যিক সহযোগিতা তথা বিনিয়োগৰ সুযোগ অন্বেষণ কৰিবলৈ ছিংগাপু...

February 7, 2025 8:13 PM

views 61

পলাশবাৰীৰ আগছিয়া-মাজিৰ গাঁৱত পলাশবাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনৰ আধাৰশিলা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ নৱজাগৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি পলাশবাৰীৰ আগছিয়া-মাজিৰ গাঁৱত পলাশবাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰে। পি এম শ্ৰী আঁচনিৰ অধীনত এই বিদ্যালয়খন ৰাষ্ট্ৰীয় আদৰ্শ উৎকর্ষতা বিদ্যালয়লৈ উন্নীত কৰা হ'ব। ইয়াৰ জৰিয়তে বিদ্যালয়খনৰ সামগ্রিক বিকাশ সাধন কৰি সকলো শৈক্ষিক প্ৰত্যাহ্বান অতিক্ৰম কৰিব পৰাকৈ গঢ়ি তোলা হ'ব। তদুপৰি এই আদৰ্শ বিদ্যালয়খনে অঞ্চলটোৰ একাধিক বিদ্যালয়ক শৈক্ষিক ...

January 30, 2025 2:22 PM

views 75

দিল্লীত প্ৰবাসী অসমীয়াৰ সৈতে ভোগালীৰ এক জীপাল সন্ধিয়া শীৰ্ষক অন্তৰংগ আলাপ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই নেহৰু পাৰ্কত দিল্লীত বাস কৰা প্ৰবাসী অসমীয়াসকলৰ সৈতে আজি ভোগালীৰ এক জীপাল সন্ধিয়া শীৰ্ষক অন্তৰংগ আলাপ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি অনুষ্ঠানস্থলী পৰিদৰ্শন কৰি এই অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই পৰিদৰ্শনকালত শ্ৰীমল্লক সংগ দিয়ে।

January 28, 2025 8:36 PM

views 64

ৰাজ্য চৰকাৰে পুনৰ ৪০ৰ পৰা ৫০ হাজাৰ নিযুক্তি প্ৰদান কৰিবঃ মুখ্যমন্ত্রী

ৰাজ্য চৰকাৰে চলিত বৰ্ষত পুনৰ ৪০ৰ পৰা ৫০ হাজাৰ নিযুক্তি প্ৰদান কৰিব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি হাউলীত এই কথা প্ৰকাশ কৰে। কোকৰাঝাৰৰ পৰা গুৱাহাটীলৈ উভতি অহাৰ পথত হাউলীৰ ৰাস মন্দিৰ পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰাৰ বাবে চৰকাৰ সাজু হৈ আছে আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা শেষ হোৱাৰ লগে লগে এই নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব।