March 18, 2025 1:25 PM

views 66

চৰাইদেউ মৈদামত দুদিনীয়া কাৰ্যসূচীৰে শৰাই উৰ্চগা অনুষ্ঠানৰ আয়োজন

চৰাইদেউ মৈদামত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে শৰাই উৰ্চগা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত ৪২ খন শৰাই উচৰ্গা কৰি স্বৰ্গদেউ চাওলু চুকাফাকে ধৰি ৩৯ গৰাকী স্বৰ্গদেউৰ পুন্যাত্মা আৰু তেওঁলোকৰ আৰাধ্য দেৱতাক স্মৰণ কৰা হয়। প্ৰতি বছৰে ফাগুন মাহৰ কৃষ্ণাচতুর্থী তিথিত এই শৰাই উচৰ্গী অনুষ্ঠানৰ আয়োজন কৰি অহা হৈছে। পৰম্পৰাগতভাৱে পালন কৰি অহা এই স্মৃতি তর্পণ অনুষ্ঠানে এইবাৰ ৭৪ বৰ্ষত ভৰি দিছে। কালি বিভিন্ন কাৰ্যসূচীৰ পাছত আজি টাই পৰম্পৰাগত ৰীতি-নীতিৰে বাফি পূজা সম্পন্ন কৰাৰ লগতে ৪২ খন পায়সৰ শৰাই উচৰ্গা কৰা...

February 21, 2025 7:31 PM

views 55

চৰাইদেউ মৈদাম ক্ষেত্ৰত চৰাইদেউ মৈদাম হেৰিটেজ ৰান ছাফাৰী শীৰ্ষক মাৰাথন প্রতিযোগিতাৰ আয়োজন

ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্রালয়, অসম পর্যটন বিভাগ আৰু চৰাইদেউ জিলা প্ৰশাসনৰ সহযোগত চৰাইদেউ মৈদাম ক্ষেত্ৰত পৰহিলৈ চৰাইদেউ মৈদাম হেৰিটেজ ৰান ছাফাৰী শীৰ্ষক মাৰাথন প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। পৰ্যটন ক্ষেত্ৰসমূহৰ প্ৰচাৰ তথা মাদকদ্ৰব্যৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আয়োজন কৰা এই প্রতিযোগিতা ২১ কিলোমিটাৰ, ১০ কিলোমিটাৰ আৰু ৫ কিলোমিটাৰ শাখাত অনুষ্ঠিত হ'ব। আগ্রহী প্রতিযোগীসকলে ৭৯৮০৯ ২৭৩২৯ নম্বৰত ফোন কৰি এই প্ৰতিযোগিতাত যোগদানৰ সবিশেষ জানিব পাৰিব ।

November 30, 2024 8:16 PM

views 66

হাৰিয়ানাত ১৬ ডিচেম্বৰৰ পৰা ৫১ সংখ্যক ৰাষ্ট্ৰীয় শিক্ষ বৈজ্ঞানিক প্রদর্শনী প্রতিযোগিতা

চৰাইদেউ জিলাৰ দ'লবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ শুভ্রনীল সন্দিকৈ আৰু ছাত্ৰ শিৱানী গগৈসহ শিক্ষক আব্দুল মালিকৰ দলটোৱে হাৰিয়ানাত ১৬ ডিচেম্বৰৰ পৰা হ'বলগীয়া ৫১ সংখ্যক ৰাষ্ট্ৰীয় শিক্ষ বৈজ্ঞানিক প্রদর্শনী প্রতিযোগিতাত ৰাজ্যখনক প্ৰতিনিধিত্ব কৰিব। চৰাইদেউ জিলা প্ৰশাসনৰ তৰফৰ পৰা আজি ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰিবলগীয়া দলটোক সম্বৰ্ধনা আৰু অভিনন্দন জনোৱা হয়।

November 19, 2024 8:36 PM

views 53

অহা ১ ডিচেম্বৰৰ পৰা ধান ক্রয় কেন্দ্ৰৰ জৰিয়তে চৰাইদেউ জিলাত ধান আহৰণ প্ৰক্ৰিয়া

চৰাইদেউ জিলাত অহা ১ ডিচেম্বৰৰ পৰা ধান ক্রয় কেন্দ্ৰৰ জৰিয়তে ধান আহৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। সোণাৰীৰ পথালগড়ৰ ধান ক্রয় কেন্দ্ৰৰ জৰিয়তে এহেজাৰ মেট্রিক টন ধান আৰু সাপেখাটিৰ খণ্ড উন্নয়ন কাৰ্যালয়ৰ প্ৰাংগণত থকা ধান ক্রয় কেন্দ্ৰৰ জৰিয়তে ৫০০ মেট্রিক টন ধান ক্ৰয়ৰ লক্ষ্য স্থিৰ কৰিছে। ধান ক্রয় কেন্দ্ৰটোৰ জৰিয়তে নিৰ্ধাৰিত ধান ক্ৰয়ৰ লক্ষ্যত উপনীত হোৱাৰ বাবে গ্ৰহণ কৰিবলগীয়া পদক্ষেপ সন্দৰ্ভত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত সহকাৰী আয়ুক্তৰ লগতে খাদ্য ৰাজহুৱা বিতৰণ আ...

November 19, 2024 8:34 PM

views 43

বিস্তৃত কাৰ্যসূচীৰে চৰাইদেউ মৈদামথলীত বিশ্ব ঐতিহ্য সপ্তাহ-২০২৪ আৰম্ভ

চৰাইদেউ মৈদামথলীত আজি বিস্তৃত কাৰ্যসূচীৰে বিশ্ব ঐতিহ্য সপ্তাহ-২০২৪ আৰম্ভ হৈছে। অসম প্ৰত্নতত্ব সঞ্চালকালয়ৰ দ্বাৰা স্বৰ্গদেউসকলৰ স্মৃতি তৰ্পণ সমিতিৰ সহযোগত অনুষ্ঠিত কাৰ্যসূচী অনুসৰি আজি পুৱা বালি মৈদামৰ পৰা চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্যক্ষেত্ৰলৈ এটা ঐতিহ্য যাত্ৰা উলিওৱা হয়। স্থানীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰে। মূল অনুষ্ঠানত গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ সব্যসাচী মহন্তই নির্দিষ্ট বক্তা হিচাপে বক্তব্য আগবঢ়ায়। অনুষ্ঠানত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ মুখ্য অতিথি হিচাপে উপ...