চৰাইদেউ মৈদামথলীত আজি বিস্তৃত কাৰ্যসূচীৰে বিশ্ব ঐতিহ্য সপ্তাহ-২০২৪ আৰম্ভ হৈছে। অসম প্ৰত্নতত্ব সঞ্চালকালয়ৰ দ্বাৰা স্বৰ্গদেউসকলৰ স্মৃতি তৰ্পণ সমিতিৰ সহযোগত অনুষ্ঠিত কাৰ্যসূচী অনুসৰি আজি পুৱা বালি মৈদামৰ পৰা চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্যক্ষেত্ৰলৈ এটা ঐতিহ্য যাত্ৰা উলিওৱা হয়। স্থানীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰে। মূল অনুষ্ঠানত গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ সব্যসাচী মহন্তই নির্দিষ্ট বক্তা হিচাপে বক্তব্য আগবঢ়ায়। অনুষ্ঠানত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে।
Assamese | November 19, 2024 8:34 PM | choridew
বিস্তৃত কাৰ্যসূচীৰে চৰাইদেউ মৈদামথলীত বিশ্ব ঐতিহ্য সপ্তাহ-২০২৪ আৰম্ভ