ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্রালয়, অসম পর্যটন বিভাগ আৰু চৰাইদেউ জিলা প্ৰশাসনৰ সহযোগত চৰাইদেউ মৈদাম ক্ষেত্ৰত পৰহিলৈ চৰাইদেউ মৈদাম হেৰিটেজ ৰান ছাফাৰী শীৰ্ষক মাৰাথন প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। পৰ্যটন ক্ষেত্ৰসমূহৰ প্ৰচাৰ তথা মাদকদ্ৰব্যৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আয়োজন কৰা এই প্রতিযোগিতা ২১ কিলোমিটাৰ, ১০ কিলোমিটাৰ আৰু ৫ কিলোমিটাৰ শাখাত অনুষ্ঠিত হ’ব। আগ্রহী প্রতিযোগীসকলে ৭৯৮০৯ ২৭৩২৯ নম্বৰত ফোন কৰি এই প্ৰতিযোগিতাত যোগদানৰ সবিশেষ জানিব পাৰিব ।
Assamese | February 21, 2025 7:31 PM | choridew
চৰাইদেউ মৈদাম ক্ষেত্ৰত চৰাইদেউ মৈদাম হেৰিটেজ ৰান ছাফাৰী শীৰ্ষক মাৰাথন প্রতিযোগিতাৰ আয়োজন