চৰাইদেউ জিলাত অহা ১ ডিচেম্বৰৰ পৰা ধান ক্রয় কেন্দ্ৰৰ জৰিয়তে ধান আহৰণ প্ৰক্ৰিয়া আৰম্ভ হ’ব। সোণাৰীৰ পথালগড়ৰ ধান ক্রয় কেন্দ্ৰৰ জৰিয়তে এহেজাৰ মেট্রিক টন ধান আৰু সাপেখাটিৰ খণ্ড উন্নয়ন কাৰ্যালয়ৰ প্ৰাংগণত থকা ধান ক্রয় কেন্দ্ৰৰ জৰিয়তে ৫০০ মেট্রিক টন ধান ক্ৰয়ৰ লক্ষ্য স্থিৰ কৰিছে। ধান ক্রয় কেন্দ্ৰটোৰ জৰিয়তে নিৰ্ধাৰিত ধান ক্ৰয়ৰ লক্ষ্যত উপনীত হোৱাৰ বাবে গ্ৰহণ কৰিবলগীয়া পদক্ষেপ সন্দৰ্ভত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত সহকাৰী আয়ুক্তৰ লগতে খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ কৃষি আৰু সমবায় সমিতিসমূহৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে। এই বৈঠকত চলিত বিত্তীয় বৰ্ষৰ ধান ক্রয় ব্যৱস্থাপনা সুচাৰুৰূপে পৰিচালনা কৰাৰ উদ্দেশ্যে গ্রহণ কৰিবলগীয়া প্ৰস্তুতি সম্পর্কে পুংখানুপুংখভাৱে আলোচনা কৰা হয়।
Assamese | November 19, 2024 8:36 PM | choridew
অহা ১ ডিচেম্বৰৰ পৰা ধান ক্রয় কেন্দ্ৰৰ জৰিয়তে চৰাইদেউ জিলাত ধান আহৰণ প্ৰক্ৰিয়া