June 23, 2025 11:57 AM

views 73

মন্ত্রীসভাৰ বৈঠকত শ্রদ্ধাঞ্জলি শীর্ষক এখন বিশেষ আঁচনি গ্ৰহণ

দিছপুৰৰ লোকসেৱা ভৱনত কালি অনুষ্ঠিত মন্ত্রীসভাৰ বৈঠকত শ্রদ্ধাঞ্জলি শীর্ষক এখন বিশেষ আঁচনি গ্ৰহণ কৰা হয়। এই শ্রদ্ধাঞ্জলি আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে বহিঃৰাজ্যত অধ্যয়নৰত অথবা কৰ্মৰত লোকৰ মৃত্যু হ'লে তেওঁলোকৰ মৃতদেহ স্বগৃহলৈ অনাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব। অসম আৰক্ষীৰ বিশেষ শাখাই এই আঁচনিখনৰ তদাৰকৰ দায়িত্বত থাকিব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে। ভুক্তভোগী পৰিয়ালে এই আঁচনিৰ বাবে ১১২ নম্বৰত ফোন কৰি আৰক্ষীৰ বিশেষ শাখাৰ সৈতে যোগাযোগ কৰিব পাৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰ...

April 30, 2025 8:53 PM

views 61

পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি নতুন দিল্লীত পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ এখন গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন হয়। সুৰক্ষা বিষয়ক কেবিনেট কমিটীৰো এখন বৈঠক আজি সন্ধিয়া অনুষ্ঠিত হ। ইপিনে সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানী সেনাৰ অপৰোচিত গোলাবর্ষণ সন্দৰ্ভত সেনা বাহিনীৰ ডি জি এম অ'ই - পাকিস্তানী সেনা বাহিনীৰ ডি জিএমঅ'ৰ সৈতে টেলিফোনযোগে কথা বতৰা হয়। প্ৰতিৰক্ষা সূত্ৰই আজি নতুন দিল্লীত প্ৰকাশ কৰা অনুসৰি দুয়োদেশৰ সেনা বাহিনীৰ মাজত থকা হটলাইনৰ জৰিয়ত...

March 20, 2025 8:29 PM

views 65

নামৰূপৰ ইউৰিয়া প্ৰকল্পত অসম চৰকাৰৰ অংশীদাৰিত্ব ৪০ শতাংশ কৰাত অসম মন্ত্রীসভাৰ অনুমোদন

নামৰূপৰ ইউৰিয়া প্ৰকল্পত অসম চৰকাৰৰ অংশীদাৰিত্ব ৪০ শতাংশ কৰাত অসম মন্ত্রীসভাই অনুমোদন দিছে। অহা ছেপ্তেম্বৰ-অক্টোবৰ মাহত এই প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমন্ত্রণ জনাবলৈকো অসম মন্ত্রীসভাই সিদ্ধান্ত গ্ৰহণ কৰে। অৰুণাচল প্ৰদেশত মৰাণ জনগোষ্ঠীৰ লোকসকলক স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ প্ৰদানৰ বাবে অসম চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনত কৰ্মৰত নাৰ্চসকলৰ বয়সৰ উৰ্দ্ধসীমাৰ ব্যৱস্থা বাতিল কৰিবলৈকো অসম মন্ত্রীসভাই সিদ্ধান্ত গ্ৰহণ কৰে। এইবাৰৰ ৰাজ্যিক বাজে...

March 10, 2025 11:55 AM

views 84

ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা ঘোষণা

ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা ঘোষণা কৰা হৈছে। দিছপুৰত অনুষ্ঠিত মন্ত্ৰী পৰিষদৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই সংবাদমেলযোগে এই কথা ঘোষণা কৰে। সেই অনুসৰি অৱসৰপ্ৰাপ্ত সেনা বিষয়া লেফটেনেণ্ট ৰাণা প্রতাপ কলিতালৈ আগবঢ়োৱা হৈছে অসম বৈভৱ বঁটা। অসম সৌৰভ বঁটাৰ বাবে সংগীত শিল্পী দ্বিপেন বৰুৱা, নাট্যকাৰ হেমন্ত দত্ত, ক্ৰিকেটাৰ উমা চেত্ৰী আৰু টাটা কনচালটেন্সি ছাৰ্ভিচেছৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ড° এছ ৰামডুৰাইৰ নাম বিবেচনা কৰা হৈছে। আনহাতে, শগুণৰ সংৰক্ষণৰ বাবে ন...

February 24, 2025 12:54 PM

views 52

ৰাজ্যৰ চিকিৎসা মহাবিদ্যলয়সমূহৰ পঞ্জীয়কৰ পৰা অধ্যাপকলৈকে এইমছৰ চিকিৎসকৰ সমপৰ্যায়ত সা-সুবিধা প্ৰদানৰ বাবে মন্ত্ৰীসভাৰ বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্যত এক লাখ ২২ হাজাৰ কোটি টকাৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিবলৈ কালি মন্ত্ৰী সভাৰ বৈঠকে অনুমোদন জনায়। কালি দিছপুৰত অনুষ্ঠিত বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই সংবাদ মেলত এই বৃহৎ পৰিমাণৰ বিনিয়োগৰ বিষয়ে ঘোষণা কৰে। তেওঁ কয়, যে এই সময়চোৱাতে জিলা পৰ্যায়ত ৫ লাখ টকাৰ পৰা ৫০ কোটি টকালৈ বিনিয়োগৰ বাবে জিলা আয়ুক্তসকলে হহেজাৰ ৫৯০খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিব। জিলা পৰ্যায়ত হোৱা এই চুক্তিৰ পৰা ১৫ হাজাৰ ৫৯০ কোটি টকা বিনিয়োগ হ'ব বুলি মুখ্যমন্ত্...

August 10, 2024 1:18 PM

views 66

জি এছ টি সম্পৰ্কীয় বিষয়ত ৰাজ্যিক কেবিনেটৰ বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

ৰাজ্যৰ ক্ষুদ্ৰ ব্যৱসায়ী সকলক জি এছ টি সম্পৰ্কীয় বিষয়ত কৰ আয়ুক্তৰ কাৰ্যালয়ে জাৰী কৰা জাননীৰ ফলত সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ পৰা সকাহ দিয়াৰ লক্ষ্যৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকত কালি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেটত লোৱা সিদ্ধান্তমর্মে এতিয়াৰে পৰা ৫ লাখ টকাতকৈ অধিক বিল বা কৰ মূল্য হ'লেহে ক্ষুদ্ৰ ব্যৱসায়ী এজনলৈ জি এছ টি জাননী প্ৰেৰণ কৰা হ'ব। ইয়াৰ ফলত ভৱিষ্যতে ক্ষুদ্ৰ ব্যৱসায়ীসকলে পুৰণি জাননী তথা জৰিমনা আদি ভৰাব পৰা সকাহ লাভ কৰিব...

August 6, 2024 12:57 PM

views 60

নতুন দিল্লীত অনুষ্ঠিত সুৰক্ষা বিষয়ক কেবিনেট কমিটী বৈঠকত বাংলাদেশৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কালি নতুন দিল্লীত অনুষ্ঠিত সুৰক্ষা বিষয়ক কেবিনেট কমিটী বৈঠকত বাংলাদেশৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত বিদেশ মন্ত্রী ডº এছ জয়শংকৰ, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিত্ত মন্ত্ৰী নির্মলা সীতাৰমণ আৰু কেবিনেটৰ অন্যান্য সদস্যসকলে অংশগ্ৰহণ কৰে।

July 3, 2024 1:03 PM

views 61

দিছপুৰত আজি ৰাজ্যিক কেবিনেটৰ সাপ্তাহিক বৈঠক

ৰাজ্যিক কেবিনেটৰ সাপ্তাহিক বৈঠক আজি দিছপুৰত অনুষ্ঠিত হ'ব। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি বন্যার্ত কৃষকক কঠিয়া যোগান, বানত ক্ষতি হোৱা গৃহৰ মেৰামতি, ক্ষতিগ্ৰস্ত বাট-পথৰ মেৰামতিকে ধৰি ৰাজ্যখনৰ শেহতীয়া বান পৰিস্থিতিৰ বিষয়ে বৈঠকত আলোচনা কৰা হ'ব। মুখ্যমন্ত্রীয়ে লগতে কয় যে বানত ক্ষতিগ্ৰস্ত ৰাইজক সাহায্য প্ৰদানৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰিবলৈ জিলা প্ৰশাসনসমূহক নির্দেশ দিয়া হৈছে। আনহাতে, ডিব্ৰুগড় আৰু যোৰহাটত ব্ৰহ্মপুত্ৰৰ পানী ক্রমান্বয়ে কমিবলৈ লোৱা বুলি...

June 7, 2024 8:09 PM

views 51

অহা নৱেম্বৰ-ডিচেম্বৰ মাহত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটত

ৰাজ্যত অহা নৱেম্বৰ-ডিচেম্বৰ মাহত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। লোকসভা নির্বাচন প্রক্রিয়া সম্পন্ন হোৱাৰ পাছতেই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধক্ষ্যতাত কালি অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ পাছতেই অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে, নিৰ্বাচনৰ পূৰ্বে গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সমষ্টিবোৰৰ পুননিৰ্দ্ধাৰণ কৰাৰ লগতে উন্নয়ন খণ্ডবোৰৰো পুনৰ গঠন কৰা হ'ব। ইপিনে, অৰুণোদয় আঁচনিৰ যোগেদি আৰু কিমান লোকক সামৰি ল'ব পাৰি, অন্তৰ্ভ...

June 6, 2024 8:34 PM

views 54

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত অহা নৱেম্বৰৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধক্ষ্যতাত আজি অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত অহা নৱেম্বৰৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তদুপৰি প্ৰতিখন পঞ্চায়ত আৰু জিলা পৰিষদ যাতে দুটা বিধানসভা সমষ্টিৰ অন্তৰ্গত নহয়, এই কথাত গুৰুত্ব আৰোপ কৰা হ'ব। লোকসভা নিৰ্বাচনৰ পূৰ্বে অৰুণোদয় আঁচনি ৰাজ্যখনৰ সৰ্বাধিক সংখ্যক লোকৰ মাজলৈ লৈ যোৱাৰ বাবে দিয়া প্ৰতিশ্ৰুতি পূৰ্ণৰ বাবে কেনেধৰণে বা কিমান সংখ্যক লোকক ইয়াৰ দ্বাৰা সামৰি লোৱা হ'ব, সেই সন্দৰ্ভত চালি-জাৰি চোৱাৰ বাবেও সিদ্ধান্ত লোৱ...