প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি নতুন দিল্লীত পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ এখন গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন হয়। সুৰক্ষা বিষয়ক কেবিনেট কমিটীৰো এখন বৈঠক আজি সন্ধিয়া অনুষ্ঠিত হ। ইপিনে সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানী সেনাৰ অপৰোচিত গোলাবর্ষণ সন্দৰ্ভত সেনা বাহিনীৰ ডি জি এম অ’ই – পাকিস্তানী সেনা বাহিনীৰ ডি জিএমঅ’ৰ সৈতে টেলিফোনযোগে কথা বতৰা হয়। প্ৰতিৰক্ষা সূত্ৰই আজি নতুন দিল্লীত প্ৰকাশ কৰা অনুসৰি দুয়োদেশৰ সেনা বাহিনীৰ মাজত থকা হটলাইনৰ জৰিয়তে হোৱা এই কথা বতৰাত ভাৰতীয় পক্ষই পাকিস্তানৰ দ্বাৰা এনে অপৰোচিত গোলাবর্ষণ কোনোপধ্যে সহ্য কৰা নহব বুলি সকিয়াই দিয়ে।
Assamese | April 30, 2025 8:53 PM | Cabinet meeting
পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ বৈঠক