ৰাজ্যৰ ক্ষুদ্ৰ ব্যৱসায়ী সকলক জি এছ টি সম্পৰ্কীয় বিষয়ত কৰ আয়ুক্তৰ কাৰ্যালয়ে জাৰী কৰা জাননীৰ ফলত সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ পৰা সকাহ দিয়াৰ লক্ষ্যৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকত কালি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেটত লোৱা সিদ্ধান্তমর্মে এতিয়াৰে পৰা ৫ লাখ টকাতকৈ অধিক বিল বা কৰ মূল্য হ’লেহে ক্ষুদ্ৰ ব্যৱসায়ী এজনলৈ জি এছ টি জাননী প্ৰেৰণ কৰা হ’ব। ইয়াৰ ফলত ভৱিষ্যতে ক্ষুদ্ৰ ব্যৱসায়ীসকলে পুৰণি জাননী তথা জৰিমনা আদি ভৰাব পৰা সকাহ লাভ কৰিব। ইয়াৰ দ্বাৰা প্ৰায় ৯০ হাজাৰ ক্ষুদ্ৰ ব্যৱসায়ী লাভান্বিত হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছে।
Assamese | August 10, 2024 1:18 PM | Cabinet meeting | GST
জি এছ টি সম্পৰ্কীয় বিষয়ত ৰাজ্যিক কেবিনেটৰ বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ