নামৰূপৰ ইউৰিয়া প্ৰকল্পত অসম চৰকাৰৰ অংশীদাৰিত্ব ৪০ শতাংশ কৰাত অসম মন্ত্রীসভাই অনুমোদন দিছে। অহা ছেপ্তেম্বৰ-অক্টোবৰ মাহত এই প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমন্ত্রণ জনাবলৈকো অসম মন্ত্রীসভাই সিদ্ধান্ত গ্ৰহণ কৰে। অৰুণাচল প্ৰদেশত মৰাণ জনগোষ্ঠীৰ লোকসকলক স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ প্ৰদানৰ বাবে অসম চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনত কৰ্মৰত নাৰ্চসকলৰ বয়সৰ উৰ্দ্ধসীমাৰ ব্যৱস্থা বাতিল কৰিবলৈকো অসম মন্ত্রীসভাই সিদ্ধান্ত গ্ৰহণ কৰে। এইবাৰৰ ৰাজ্যিক বাজেটত প্ৰস্তাৱ কৰা ড° ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানক ডিগ্ৰী প্ৰতিষ্ঠানলৈ উন্নীত কৰাৰ প্ৰস্তাৱতো মন্ত্রীসভাই অনুমোদন জনায়। আজিৰ বৈঠকে গোৱালপাৰা অসামৰিক চিকিৎসালয়খনক ছহীদ নিধানুৰাম ৰাজবংশী চিকিৎসালয় হিচাপে নামকৰণ কৰিবলৈও সিদ্ধান্ত লয়। মন্ত্ৰীসভাৰ বৈঠকৰ পাছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্তসমূহৰ বিষয়ে প্ৰকাশ কৰে।
Assamese | March 20, 2025 8:29 PM | Cabinet meeting
নামৰূপৰ ইউৰিয়া প্ৰকল্পত অসম চৰকাৰৰ অংশীদাৰিত্ব ৪০ শতাংশ কৰাত অসম মন্ত্রীসভাৰ অনুমোদন