September 7, 2025 12:10 PM

views 50

নাগৰিকত্ব সংশোধনী আইনৰ অধীনত নাগৰিকত্ব লাভৰ বাবে আবেদনৰ যোগ্যতাৰ সময়সীমা ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰাক লৈ ৰাজ্যত বিভিন্ন দল-সংগঠনৰ প্রতিবাদ

নাগৰিকত্ব সংশোধনী আইনৰ অধীনত নাগৰিকত্ব লাভৰ বাবে আবেদনৰ যোগ্যতাৰ সময়সীমা ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰাক লৈ কালি ৰাজ্যত বিভিন্ন দল-সংগঠনে প্রতিবাদ সাব্যস্ত কৰে। অসম গণ পৰিষদ দলে কালি এখন সংবাদমেল যোগে কয়, যে দলটোৱে এই বিষয়টোক লৈ আইনী যুঁজ চলাই যাব। কেন্দ্ৰীয় চৰকাৰে এই আইনৰ অধীনত আবেদনৰ সময়সীমাৰ ম্যাদ বৃদ্ধি কৰাক লৈ দলৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসে কয়, যে এই নির্দেশে অসম চুক্তিক অৱমাননা কৰিব। অগপই অসম চুক্তিৰ ক্ষেত্ৰত কোনোদিনে আপোচ নকৰে বুলি তেওঁ উল্লেখ কৰে। এন ডি এৰ অংশীদাৰ হ'লেও এই ন...

September 3, 2025 8:10 PM

views 45

নাগৰিকত্ব লাভৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ নতুন নির্দেশনা জাৰি

নাগৰিকত্ব সংশোধনী আইনৰ অধীনত নাগৰিকত্ব লাভৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে নতুন নির্দেশনা জাৰি কৰিছে। এই অনুসৰি আৱেদনৰ যোগ্যতাৰ সময়সীমা ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰা হৈছে। এই আইনৰ অধীনত ভাৰতত আশ্রয় গ্রহণ কৰা পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ ধৰ্মীয় সংখ্যালঘুৱে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ আগেয়ে নাগৰিকত্ব সংশোধনী আইনৰ অধীনত ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে ভাৰতত প্ৰৱেশ কৰা লোকে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিছিল।

May 15, 2024 8:20 PM

views 44

নাগৰিকত্ব সংশোধনী নিয়ম ২০২৪ৰ অধীনত প্ৰথম পৰ্যায়ত নাগৰিকত্ব প্ৰমাণপত্ৰ প্ৰদান

নাগৰিকত্ব সংশোধনী নিয়ম ২০২৪ৰ অধীনত আজি প্ৰথম পৰ্যায়ত নাগৰিকত্ব প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে। কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাই আজি নতুন দিল্লীত একাংশ আবেদনকাৰীক নাগৰিকত্বৰ প্ৰমাণপত্ৰ প্ৰদান কৰে। এই নিয়মৰ অধীনত ১৪ গৰাকী আবেদনকাৰীক নাগৰিকত্ব প্ৰদানৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰে। শ্রীভাল্লাই আবেদনকাৰীসকলক অভিনন্দন জ্ঞাপন কৰি চলিত বছৰৰ যোৱা ১১ মাৰ্চত অধিসূচনা জাৰি কৰা নাগৰিকত্ব সংশোধনী নিয়মাৱলী সন্দৰ্ভত আলোকপাত কৰে। এই নিয়মৰ অধীনত পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা ভাৰতলৈ অহা হিন্দু...

April 8, 2024 7:41 PM

views 37

নাগৰিকত্ব সংশোধনী আইন কার্যকৰী সন্দৰ্ভত কাইলৈ উচ্চতম ন্যায়ালয়ৰ শুনানি গ্রহণ

নাগৰিকত্ব সংশোধনী আইন কার্যকৰী কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা জাননীৰ বৈধতা সন্দৰ্ভত কাইলৈ উচ্চতম ন্যায়ালয়ে শুনানি গ্রহণ কৰিব। কেন্দ্ৰীয় চৰকাৰে যোৱা ১১ মাৰ্চত জাৰি কৰা নিৰ্দেশনাৱলী স্থগিত ৰাখিবলৈ অসম সন্মিলিত মহাসংঘৰ লগতে বিভিন্ন পক্ষই দাখিল কৰা ২০ খন আবেদনৰ পৰিপ্ৰেক্ষিতত এই শুনানি গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ২৩৭টা গোচৰ বিচাৰাধীন হৈ আছে।

April 8, 2024 11:33 AM

views 52

CAA কাৰ্যকৰীকৰণৰ জাননীৰ বৈধতা সম্পর্কে কাইলৈ উচ্চতম ন্যায়ালয়ত শুনানি

নাগৰিকত্ব সংশোধনী আইন তথা চমুকৈ CAA কাৰ্যকৰী কৰিবলৈ ভাৰত চৰকাৰে জাৰি কৰা জাননীৰ বৈধতা সম্পর্কে কাইলৈ উচ্চতম ন্যায়ালয়ে শুনানি গ্রহণ কৰিব। ভাৰত চৰকাৰে যোৱা ১১ মাৰ্চত জাৰি কৰা নির্দেশনাৱলী স্থগিত ৰাখিবলৈ অসম সন্মিলিত মহাসংঘৰ লগতে বিভিন্ন পক্ষই দাখিল কৰা ২০ খন হস্তক্ষেপ আবেদনৰ পৰিপ্ৰেক্ষিতত এই শুনানি গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ২৩৭টা গোচৰ বিচৰাধীন হৈ আছে।