নাগৰিকত্ব সংশোধনী আইন তথা চমুকৈ CAA কাৰ্যকৰী কৰিবলৈ ভাৰত চৰকাৰে জাৰি কৰা জাননীৰ বৈধতা সম্পর্কে কাইলৈ উচ্চতম ন্যায়ালয়ে শুনানি গ্রহণ কৰিব। ভাৰত চৰকাৰে যোৱা ১১ মাৰ্চত জাৰি কৰা নির্দেশনাৱলী স্থগিত ৰাখিবলৈ অসম সন্মিলিত মহাসংঘৰ লগতে বিভিন্ন পক্ষই দাখিল কৰা ২০ খন হস্তক্ষেপ আবেদনৰ পৰিপ্ৰেক্ষিতত এই শুনানি গ্ৰহণ কৰা হ’ব। উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ২৩৭টা গোচৰ বিচৰাধীন হৈ আছে।
Assamese | April 8, 2024 11:33 AM | CAA
CAA কাৰ্যকৰীকৰণৰ জাননীৰ বৈধতা সম্পর্কে কাইলৈ উচ্চতম ন্যায়ালয়ত শুনানি