নাগৰিকত্ব সংশোধনী নিয়ম ২০২৪ৰ অধীনত আজি প্ৰথম পৰ্যায়ত নাগৰিকত্ব প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে। কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাই আজি নতুন দিল্লীত একাংশ আবেদনকাৰীক নাগৰিকত্বৰ প্ৰমাণপত্ৰ প্ৰদান কৰে। এই নিয়মৰ অধীনত ১৪ গৰাকী আবেদনকাৰীক নাগৰিকত্ব প্ৰদানৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰে। শ্রীভাল্লাই আবেদনকাৰীসকলক অভিনন্দন জ্ঞাপন কৰি চলিত বছৰৰ যোৱা ১১ মাৰ্চত অধিসূচনা জাৰি কৰা নাগৰিকত্ব সংশোধনী নিয়মাৱলী সন্দৰ্ভত আলোকপাত কৰে। এই নিয়মৰ অধীনত পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা ভাৰতলৈ অহা হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্টি আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ লোকসকলৰ নাগৰিকত্বৰ আবেদন গ্ৰহণ কৰা হৈছিল ।
Assamese | May 15, 2024 8:20 PM | CAA
নাগৰিকত্ব সংশোধনী নিয়ম ২০২৪ৰ অধীনত প্ৰথম পৰ্যায়ত নাগৰিকত্ব প্ৰমাণপত্ৰ প্ৰদান