September 21, 2025 6:38 PM

views 67

সোমবাৰে বিটিচি পৰিষদৰ নির্বাচন

বিটিচি নির্বাচন কাইলৈ অনুষ্ঠিত হ'ব। নির্বাচন নিয়াৰিকৈ আৰু সুচাৰুৰূপে পৰিচালনাৰ বাবে জিলা প্রশাসনসমূহে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে প্রিজাইডিং আৰু পোলিং বিষয়াসকল নিজ নিজ ভোটগ্রহণ কেন্দ্ৰলৈ ৰাওনা হৈছে। বাক্সা জিলাৰ ৫৭৫টা কেন্দ্ৰত কাইলৈ ভোটগ্ৰহণ কৰা হ'ব। জিলাখনৰ ছটা পৰিষদীয় সমষ্টিৰ ৪ লাখ ৭৪ হাজাৰ ১৯৭গৰাকী ভোটদাতাই ৫২গৰাকী প্রাতীৰৰ ভাগ্য নির্ণয় কৰিব। চিৰাং জিলাৰ ৭টা পৰিষদীয় সমষ্টিৰ মুঠ ৪৬৬ ভোটগ্রহণ কেন্দ্ৰত কাইলৈ বি টি চিৰ পঞ্চম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব। আজি চিৰাং জিলাৰ সদৰ কাজলগা...

September 20, 2025 9:31 PM

views 52

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰে। অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত আজি প্ৰচাৰ অভিযান স্তব্ধ হৈ পৰে। শিল্পীগৰাকীৰ প্ৰতি সন্মান জনাই সকলো ৰাজনৈতিক দল প্ৰচাৰ অভিযানৰ পৰা বিৰত থাকে। ২২ ছেপ্তেম্বৰত বি টি চিৰ ৪০টা পৰিষদীয় সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হ'ব।

September 20, 2025 1:13 PM

views 75

জনপ্রিয় শিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৱে বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানত প্ৰভাৱ

অসমবাসীৰ হিয়াৰ আমঠু, জনপ্রিয় শিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৱে বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানতো প্ৰভাৱ পেলাইছে। জুবিন গাৰ্গৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত কালি বিয়লিৰ পৰা হঠাৎ ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান স্তব্ধ হৈ পৰে। জুবিনৰ মৃত্যুৰ বাতৰি লাভ কৰাৰ পাছতে বিজেপি আৰু কংগ্ৰেছে বাকী থকা নিৰ্বাচনী প্ৰচাৰ বাতিল কৰাৰ কথা ঘোষণা কৰে। অৱশ্যে কালি আগবেলা বিজেপি, কংগ্ৰেছ, ইউ পি পি এল আৰু বিপিএফকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতৃত্বই নিজৰ দলৰ প্ৰাৰ্থীৰ হৈ বিভিন্ন স্থানত শেষ পৰ্যায়ৰ প্ৰচাৰ অভিযানত ভাগ লয়। বিজ...

September 18, 2025 7:59 PM

views 78

বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ; বাক্সাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰ

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ দুদিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। বিজেপিৰ হৈ দলটোৰ শীৰ্ষ নেতা তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বাক্সা জিলাৰ দিহিৰা, হজুৱা আৰু ককলাবাৰীত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। ড০ শৰ্মাই আজি ওদালগুৰি জিলাতো কেইবাখনো নির্বাচনী সভাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে লগতে তামুলপুৰ জিলাৰ দৰঙাজুলিত আয়োজিত নিৰ্বাচনী সভাত অংশ লয়। এই নির্বাচনত বিজেপি একক সংখ্যাগৰিষ্ঠ দল হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। বি...

September 17, 2025 6:58 PM

views 216

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত দুটা দিন বাকী

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাথো দুটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহে ব্যাপক প্ৰচাৰ চলাইছে। বিটিআৰৰ অন্তৰ্গত কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি জিলাত বিজেপিৰ লগতে ইউ পি পি এল, বিৰোধী দল কংগ্ৰেছ, বি পি এফ, অসম গণ পৰিষদে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই আজি কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা আৰু জমদুৱাৰত বিজেপিৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। বাক্সা জিলাৰ ভলুকামুৰীত ইউ পি পি এলৰ মুৰববী প্রমোদ বড়োৱে দলীয় প্ৰাৰ্থীৰ হৈ ন...

September 16, 2025 12:49 PM

views 68

বিটিচি নিৰ্বাচনৰ বাবে শাসক-বিৰোধীৰ প্ৰচাৰ অভিযান তুংগত

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ মাজত তিনিটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। শাসক-বিৰোধী উভয় পক্ষই নিজ নিজ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত বিটিআৰৰ জিলাকেইখনত ব্যাপক প্ৰচাৰ চলাই আছে। কালিও মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অতুল বৰা, ইউ পি পি এলৰ মুৰববী প্রমোদ বড়ো, বি পি এফৰ মুৰববী হাগ্ৰামা মহিলাৰীকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতৃত্বই প্ৰচাৰ চলায়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি কোকৰাঝাৰ আৰু চিৰাঙত আয়োজিত দুখন জনসভাত অংশ লয়। কোকৰাঝাৰত বানৰগাঁ...

September 13, 2025 11:57 AM

views 131

বিটিচি নিৰ্বাচনঃ শাসক-বিৰোধী উভয় পক্ষৰ নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ

● বিটিচি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক-বিৰোধী উভয় পক্ষই বিটিআৰত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বিটিআৰত বিজেপি প্ৰাৰ্থীৰ হৈ বহুকেইখন সভাত অংশগ্রহণ কৰাৰ লগতে ইউ পি পি এলৰ প্ৰাৰ্থীৰ হৈ প্ৰমোদ বড়ো, বি পি এফৰ প্ৰাৰ্থীৰ হৈ হাগ্ৰামা মহিলাৰীয়ে বিভিন্ন স্থানত সভাত অংশ লৈ ভোটাৰক আকৰ্ষণৰ চেষ্টা চলাই আহিছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কালি চিৰাং জিলাৰ বিজনী মহকুমাৰ মানস ছেৰফাং পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুভাষ বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ ...

September 12, 2025 12:58 PM

views 50

বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

আসন্ন বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে নিজ নিজ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি চিৰাং জিলাৰ বিজনী মহকুমাৰ ১৮ নম্বৰ মানস চেৰফাং পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুভাষ বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। দিনৰ ভাগত পৰিষদীয় সমষ্টিটোৰ অধীনৰ আনন্দ বজাৰৰ ৰাজহুৱা খেল-পথাৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী ড° শৰ্মাই আজি মুছলপুৰ পৰিষদীয় সমষ্টিৰ বৰমাতো নিৰ্বাচনী প্ৰচাৰ চলাব। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ লগতে বিজেপি...

September 11, 2025 8:48 PM

views 50

আসন্ন বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তুংগত

আসন্ন বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে নিজ নিজ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি ওদালগুৰি জিলাত ভেৰগাঁও পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী জৌশাং বড়োৰ সমৰ্থনত ডিমাকুছিত নির্বাচনী সভাত অংশ লয়। ড০ শৰ্মাই তেওঁৰ ভাষণত এইবাৰ বিটিচিত বিজেপি চৰকাৰ গঠনত সহায় কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়। বিটিচিত শান্তি আৰু উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত উগ্ৰপন্থী সমস্যাৰ সমাধান সম্ভৱ হৈছে বুলি উল্লেখ কৰি তেওঁ এই নিৰ্বাচনত বিজেপি...

September 11, 2025 12:52 PM

views 85

বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান অব্যাহত

■ আসন্ন বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে নিজ নিজ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। ওদালগুৰি জিলাৰ ভেৰগাঁও পৰিষদীয় সমষ্টিত কালি ইউ পি পি এল দলৰ এখন সংকল্প সভা অনুষ্ঠিত হয়। বিটিচিৰ খৈৰাবাৰী, ভেৰগাঁও, নোনাই ছেৰফাং, খালিংদুৱাৰ আৰু মুদৈবাৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীকেইগৰাকীৰ সমৰ্থনত চলোৱা এই প্ৰচাৰ সভাত দলৰ সভাপতি প্রমোদ বড়োৱে অংশগ্ৰহণ কৰে। তেওঁ বি টি আৰৰ ২৬ টা জনগোষ্ঠীৰ জনসাধাৰণৰ শান্তি-সম্প্ৰীতি আৰু প্ৰগতিৰ স্বাৰ্থত বি টি চিত পুনৰ ইউ পি পি এল দলক চৰকাৰ গঠনৰ সুযোগ দিয়...