May 1, 2025 11:48 AM

views 65

পৰৱৰ্তী লোকপিয়লত জাতিগত গণনা অন্তৰ্ভুক্ত কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত

কেন্দ্ৰীয় চৰকাৰে পৰৱৰ্তী লোকপিয়লত জাতিগত গণনা অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ ৰাজনৈতিক পৰিক্ৰমা বিষয়ক কমিটীয়ে এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিছে। কালি নতুন দিল্লীত সাংবাদিকক এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে দেশৰ সামাজিক গাঁথনি যাতে বিঘ্নিত নহয় সেই কথা বিবেচনা কৰি জৰীপৰ পৰিৱৰ্তে লোকপিয়লত জাতিগত গণনা অন্তৰ্ভুক্ত কৰা উচিত। এনে গণনাই সমাজৰ আৰ্থ-সামাজিক পৰিকাঠামো সুদৃঢ় কৰিব আৰু ৰাষ্ট্ৰৰ...

March 6, 2025 6:49 PM

views 63

বিশ্বৰ বৈদ্যুতিন খণ্ডত ভাৰতে নিজৰ স্থিতি সবল কৰি তুলিছে বুলি অশ্বিনী বৈষ্ণৱৰ এটা লেখাত প্ৰকাশ

ছফ্‌টৱেৰৰ বিকাশৰ ক্ষেত্ৰত ভাৰতে বহু আগেয়ে আন্তঃৰাষ্ট্ৰীয় নেতৃত্ব বহন কৰিছিল, কিন্তু বৰ্তমান হাৰ্ডৱেৰ নিৰ্মাণৰ ক্ষেত্ৰতো দেশ দ্রুত গতিত আগবাঢ়িছে। ৫টা নির্মীয়মান ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ জৰিয়তে বিশ্বৰ বৈদ্যুতিন খণ্ডত ভাৰতে নিজৰ স্থিতি সবল কৰি তুলিছে। কেন্দ্ৰীয় বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এখন ৰাষ্ট্ৰীয় দৈনিক কাকতৰ এটা লেখাত এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে চলিত বৰ্ষতে দেশৰ প্রথমটো মেক ইন ইণ্ডিয়া চিপ নিৰ্মাণৰ জৰিয়তে ভাৰতে অতি সোনকালেই এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিত উপন...

February 26, 2025 11:56 AM

views 46

ডিজিটেল আন্তঃগাঁথনি সবলীকৰণেৰে এখন নতুন অসম গঢ়িবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

ডিজিটেল আন্তঃগাঁথনি সবলীকৰণেৰে এখন নতুন অসম গঢ়িবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কেন্দ্ৰীয় যোগাযোগ তথা উত্তৰ পূৰ্বাঞ্চল উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ উপস্থিতিত কালি গুৱাহাটীত অনুষ্ঠিত দ্বিতীয় এভাণ্টেজ আচামৰ অংশ হিচাপে আই ৱে'ৰ জৰিয়তে বিকশিত অসম শীর্ষক বিষয় ভিত্তিক সত্ৰত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ডিজিটেল বিপ্লৱৰ অংশীদাৰ হ'বলৈ অসম সম্পূৰ্ণৰূপে সাজু। ড° শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ব্ৰহ...

February 25, 2025 7:29 PM

views 50

অসম এতিয়া দেশৰ বিকাশৰ ইঞ্জিনত পৰিণত হৈছে বুলি অশ্বিনী বৈষ্ণৱৰ প্ৰকাশ

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে অসম এতিয়া দেশৰ বিকাশৰ ইঞ্জিনত পৰিণত হৈছে। গুৱাহাটীত অনুষ্ঠিত দ্বিতীয় এডভান্টেজ আছাম শীৰ্ষ সন্মিলনত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি তেওঁৰ দায়িত্বত থকা আন দুটা মন্ত্ৰ্যালয়, ৰে'ল আৰু বৈদ্যুতিন আৰু তথ্য প্রযুক্তি মন্ত্ৰ্যালয়ৰ অধীনত বিগত সময়ছোৱাত কোকৰাঝাৰৰ পৰা গেলেফুলৈ ৰে'লপথ নিৰ্মাণ, ৰে'লৱেৰ ভূমি বেদখলমুক্ত কৰি অলপতে ঘোষণা কৰা নাইলেট বিশ্ববিদ্যালয় নিৰ্মাণৰ আৰম্ভণি আৰু ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ যৌথ উদ্যোগত কামৰূপ জিলাৰ আজাৰা...

February 10, 2025 12:10 PM

views 51

অতি শীঘ্ৰেই ৰে’ল বিভাগৰ ৯৫ হাজাৰ খালী পদ পূৰণ কৰা হব বুলি অশ্বিনী বৈষ্ণৱৰ প্ৰকাশ

কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে ৰে'ল বিভাগে অতি শীঘ্ৰেই ৯৫ হাজাৰ খালী পদ পূৰণ কৰিব। কালি বিহাৰৰ বেটিয়া জংচনত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্রীবৈষ্ণৱে কয়, যে শেহতীয়াকৈ অনুষ্ঠিত ১ লাখ ৫ হাজাৰ পদবীৰ লগতে এই ৯৫ হাজাৰ অতিৰিক্ত পদৰ বাবে ৰে'লৱেয়ে নিযুক্তি দিব। শ্রীবৈষ্ণৱে কয়, যে নমো আৰু বন্দে ভাৰত ৰেলৰ প্ৰতি সঁহাৰি জনাই ৰে'লৱেই নিজৰ উৎপাদন বৃদ্ধিৰ বাবে সিদ্ধান্ত লৈছে। ৰে'লমন্ত্ৰীগৰাকীয়ে লগতে কয়, যে তেওঁৰ মন্ত্ৰালয়ে বিহাৰত বৃহৎ চৰকাৰী পক্ষৰ পৰা টিকট বিনিয়োগৰ সিদ্ধান্ত লৈছে। ...

January 24, 2025 1:01 PM

views 60

দেশৰ বিকাশ হাৰ ৬ ৰ পৰা ৮ শতাংশৰ ভিতৰত থাকিব বুলি আস্থা প্ৰকাশ অশ্বিনী বৈষ্ণৱৰ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দেশৰ বিকাশ হাৰ ৬ ৰ পৰা ৮ শতাংশৰ ভিতৰত থাকিব বুলি আস্থা প্ৰকাশ কৰিছে। ডাভোছত কালি এটা টি ভি চেনেলৰ সৈতে হোৱা সাক্ষাৎকাৰত শ্ৰী বৈষ্ণৱে কয়, যে ছেমি কণ্ডাক্টৰ উদ্যোগৰ কাণ্ডাৰীসকলে ভাৰত অনাগত সময়ত খণ্ডটোৰ শীৰ্ষ তিনিটা আকৰ্ষণীয় স্থানৰ ভিতৰত অন্যতম ৰূপে পৰিগণিত হ'ব বুলি বিশ্বাস কৰে। কৃত্রিম বুদ্ধিমত্তা সন্দৰ্ভত মত প্রকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰতে কৃত্রিম বুদ্ধিমত্তাৰ বাবে মূলধনী পুঁজি গঠনৰ প্ৰয়াস কৰিব লাগে বুলি ভালেসংখ্যক বিশেষজ্ঞই পৰামৰ্শ আগবঢ়াইছ...

November 4, 2024 12:25 PM

views 59

অমৃত ভাৰত ষ্টেচন পুনৰ উন্নয়নৰ আঁচনিৰ অধীনত ১৩৩৪ টা ষ্টেচনৰ পুনৰ বিকাশৰ কাম অব্যাহত : অশ্বিনী বৈষ্ণৱ

ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে নতুন প্ৰযুক্তিৰ ব্যৱহাৰ, অহা বছৰ সম্পূৰ্ণ হৈ উঠিবলগীয়া বৈদ্যুতিকৰণ তথা আধুনিক ৰে'ল ব্যৱস্থাৰ জৰিয়তে পৰৱৰ্তী ৫ৰ পৰা ৭ বছৰৰ ভিতৰত দেশত ৰে'ল ভ্ৰমণ খণ্ডত বৃহৎ পৰিৱৰ্তন পৰিলক্ষিত হ'ব বুলি আশা প্ৰকাশ কৰিছে। কোজিক'ডেত কালি সন্ধিয়া মন্ত্ৰীগৰাকীয়ে এটা বিশেষ অনুষ্ঠান মুকলি কৰে। তেওঁ কয় যে, অমৃত ভাৰত ষ্টেচন পুনৰ উন্নয়নৰ আঁচনিৰ অধীনত এক লাখ কোটি টকা ব্যয় সাপেক্ষে এহেজাৰ ৩৩৪ টা ষ্টেচনৰ পুনৰ বিকাশৰ কাম অব্যাহত আছে। তেওঁ কয় কয় যে, চৰকাৰে অপাৰ সৃষ্টিশীল সম্ভাৱনা মুকলি কৰাৰ ...

November 3, 2024 8:38 PM

views 53

ৰেলৱেৰ উন্নয়ন ৰাজনীতিৰ উৰ্ধত হোৱা উচিত আৰু জনসাধাৰণৰ সামগ্রিক উন্নয়নত গুৰুত্ব আৰোপ কৰিব লাগেঃ কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ

কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে, কেৰালাৰ অংমালিৰ পৰা এৰুমেলিলৈ মূল শাৰীবিন্যাস অনুসৰি ছবৰি ৰেলপথ নিৰ্মাণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ। ত্ৰিছু ৰেল ষ্টেছনত আজি দুপৰীয়া এটা অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে এই প্ৰকল্প সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ বিন্যাস প্ৰেৰণ কৰিব আৰু বিন্যাস পূৰণ কৰাৰ পাছত ইয়াক আগুৱাই নিয়া হ'ব। কেৰালা চৰকাৰৰ প্ৰস্তাৱিত দ্রুত গতিৰ কেৰেল প্ৰকল্প সন্দৰ্ভত শ্রীবৈষ্ণৱে কয় যে, এই প্ৰকল্পৰ সৈতে জড়িত পৰিবেশজনিত ব...

November 3, 2024 6:55 PM

views 72

কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ দিনযোৰা কাৰ্যসূচীৰে কেৰালাৰ কোচিত উপস্থিত

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ, ৰেল আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱ দিনযোৰা কাৰ্যসূচীৰে আজি কেৰালাৰ কোচিত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত ৰেল আন্তগাথনি, অমৃত ভাৰত আৰু ৰূপায়ণ হৈ থকা ষ্টেছন পুনৰ বিকশিতকৰণ প্রকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে বিশেষ ৰেলগাড়ীৰে আলুৱাৰ পৰা কোঝিকোড়ে পর্যন্ত পথছোৱা পৰিদৰ্শন কৰে। কোঝিকোড়ে ৰেল ষ্টেছনত মন্ত্ৰীগৰাকীয়ে পালাক্কাৰ ৰেল সংমণ্ডলৰ অধীনত ৰূপায়ণ হৈ থকা উন্নয়নমূলক প্রকল্পসমূহৰ সন্দৰ্ভত আন এখন পর্যালোচনা বৈঠকতো মিলিত হয়। মন্ত্ৰীগৰাকীয়...

September 1, 2024 12:48 PM

views 67

দেশত বহনক্ষম বৈদ্যুতিন যন্ত্রাংশ নিৰ্মাণৰ বাবে চৰকাৰে নতুন আঁচনি আৰম্ভ কৰিব

চৰকাৰে দেশত বহনক্ষম বৈদ্যুতিন যন্ত্রাংশ নিৰ্মাণৰ প্ৰসাৰৰ বাবে এখন নতুন আঁচনি আৰম্ভ কৰিব। নতুন দিল্লীত কালি ই টি-বিশ্ব নেতা মঞ্চত ভাষণ দি তথ্য প্রযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, দেশত ব্যৱহৃত ৯৯ শতাংশৰো অধিক মোবাইল দেশতে নির্মিত। তেওঁ কয় যে, চলিত বৰ্ষত এপেল নামৰ কোম্পানীটোৱে ভাৰতত মোবাইল ফোন নিৰ্মাণ কৰিব। তেওঁ কয় যে, ভাৰতত বৈদ্যুতিন আহিলা পাতিৰ নিৰ্মাণ ২০১৩-১৪ বৰ্ষৰ ২ হাজাৰ ৯০০ কোটি ডলাৰৰ পৰা ২০২৩-২৪ বৰ্ষত ১০ হাজাৰ ৫০০ কোটি ডলাৰলৈ বৃদ্ধি পাইছে। চৰকাৰে তৃতীয় কাৰ্যক...