July 25, 2024 6:43 PM

views 55

ভাৰতীয় গণ সংযোগ প্রতিষ্ঠানত ৫০০ সংখ্যক সামূহিক অনাতাঁৰ কেন্দ্ৰৰ শুভাৰম্ভ অশ্বিনী বৈষ্ণৱৰ

কেন্দ্ৰীয় চৰকাৰৰ এক্ট ইষ্ট নীতিৰ অধীনৰ উল্লেখযোগ্য পদক্ষেপৰ অংশ হিচাপে তথ্য আৰু সম্প্ৰচাৰ মন্ত্রী অশ্বিনী বৈষ্ণৱে আজি মিজোৰামৰ আইজলত থকা ভাৰতীয় গণ সংযোগ প্রতিষ্ঠান অর্থাৎ আই আই এম চিত ৫০০ সংখ্যক সামূহিক অনাতাঁৰ কেন্দ্ৰৰ শুভাৰম্ভ কৰে। তেওঁ লগতে এই অনুষ্ঠানতে দশম ৰাষ্ট্ৰীয় সামূহিক অনাতাঁৰ বঁটাও ঘোষণা কৰে। অপনা ৰেডিঅ' ৯০.০ এফ এম শীৰ্ষক এই অনাতাঁৰ কেন্দ্ৰৰ শুভাৰম্ভ অনুষ্ঠানত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী বি এল মুৰুগান আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমা উপস্থিত থাকে । অনুষ্ঠানত অংশ ...

July 25, 2024 10:09 AM

views 56

বাজেটত উত্তৰ-পূৰ্বাঞ্চলৰ ৰে’লখণ্ডৰ উন্নয়নৰ বাবে ১০,৩৭৬ কোটি টকা আবণ্টনঃ অশ্বিনী বৈষ্ণৱ

ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে, এইবাৰৰ বাজেটত উত্তৰ-পূৰ্বাঞ্চলৰ ৰে'লখণ্ডৰ উন্নয়নৰ বাবে ১০, ৩৭৬ কোটি টকা আবণ্টন দিয়া হৈছে।  উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ জ্যেষ্ঠ বিষয়া আৰু সংবাদমাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ৰে'ল মন্ত্ৰী বৈষ্ণৱে কয় যে, উত্তৰ-পূৰ্বাঞ্চলত ৭৪,৯৭২ কোটি টকা বিনিয়োগেৰে ১৮টা ৰে'লৱে প্ৰকল্পৰ কাম চলি আছে। তেওঁ কয় যে, যোৱা ১০ বছৰত উত্তৰ-পূৰ্বাঞ্চলত ৪৭০টা ৰে'লৱে আন্দাৰপাছ আৰু অভাৰব্ৰীজৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগতে ৬০টা ষ্টেচনৰ পুনঃউন্নয়ন কৰা হৈছে। কেন্দ্ৰই বৰ্তমানৰ আন্তঃগাঁথনি উন্নয়...