চৰকাৰে দেশত বহনক্ষম বৈদ্যুতিন যন্ত্রাংশ নিৰ্মাণৰ প্ৰসাৰৰ বাবে এখন নতুন আঁচনি আৰম্ভ কৰিব। নতুন দিল্লীত কালি ই টি-বিশ্ব নেতা মঞ্চত ভাষণ দি তথ্য প্রযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, দেশত ব্যৱহৃত ৯৯ শতাংশৰো অধিক মোবাইল দেশতে নির্মিত। তেওঁ কয় যে, চলিত বৰ্ষত এপেল নামৰ কোম্পানীটোৱে ভাৰতত মোবাইল ফোন নিৰ্মাণ কৰিব। তেওঁ কয় যে, ভাৰতত বৈদ্যুতিন আহিলা পাতিৰ নিৰ্মাণ ২০১৩-১৪ বৰ্ষৰ ২ হাজাৰ ৯০০ কোটি ডলাৰৰ পৰা ২০২৩-২৪ বৰ্ষত ১০ হাজাৰ ৫০০ কোটি ডলাৰলৈ বৃদ্ধি পাইছে। চৰকাৰে তৃতীয় কাৰ্যকালত ৰে’ল, পথ, বিমান বন্দৰ আৰু বন্দৰৰ সৈতে জড়িত ২ লাখ কোটি ডলাৰ প্ৰকল্পত অনুমোদন জনাইছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীবৈষ্ণৱে কয় যে, চৰকাৰে তথ্য প্ৰযুক্তিৰ সৈতে জড়িত বৃহৎ কোম্পানীসমূহে যাতে প্রযুক্তি ক্ষেত্ৰত একাধিপত্য বিস্তাৰ কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰিব বিচাৰে ৷
Assamese | September 1, 2024 12:48 PM | Awashini Biashnav
দেশত বহনক্ষম বৈদ্যুতিন যন্ত্রাংশ নিৰ্মাণৰ বাবে চৰকাৰে নতুন আঁচনি আৰম্ভ কৰিব