কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ, ৰেল আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱ দিনযোৰা কাৰ্যসূচীৰে আজি কেৰালাৰ কোচিত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত ৰেল আন্তগাথনি, অমৃত ভাৰত আৰু ৰূপায়ণ হৈ থকা ষ্টেছন পুনৰ বিকশিতকৰণ প্রকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে বিশেষ ৰেলগাড়ীৰে আলুৱাৰ পৰা কোঝিকোড়ে পর্যন্ত পথছোৱা পৰিদৰ্শন কৰে। কোঝিকোড়ে ৰেল ষ্টেছনত মন্ত্ৰীগৰাকীয়ে পালাক্কাৰ ৰেল সংমণ্ডলৰ অধীনত ৰূপায়ণ হৈ থকা উন্নয়নমূলক প্রকল্পসমূহৰ সন্দৰ্ভত আন এখন পর্যালোচনা বৈঠকতো মিলিত হয়। মন্ত্ৰীগৰাকীয়ে আজি কোঝিকোড়েত সাপ্তাহিক জন্মভূমিৰ সোণালী জয়ন্তী উদযাপনৰ অংশ হিচাপে আয়োজিত জ্ঞান উৎসৱো মুকলি কৰিব।
Assamese | November 3, 2024 6:55 PM | Awashini Biashnav
কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ দিনযোৰা কাৰ্যসূচীৰে কেৰালাৰ কোচিত উপস্থিত