May 29, 2025 12:34 PM | Awashini Biashnav

printer

২০২৫-২৬ বিপণন বৰ্ষৰ বাবে ১৪ বিধ খাৰিফ শস্যৰ ন্যূনতম সমর্থন মূল্য বৃদ্ধিৰ প্ৰস্তাৱত অনুমোদন

অর্থনৈতিক পৰিক্ৰমা বিষয়ক মন্ত্রীসভাৰ কমিটিয়ে ২০২৫-২৬ বিপণন বৰ্ষৰ বাবে ১৪ বিধ খাৰিফ শস্যৰ ন্যূনতম সমর্থন মূল্য বৃদ্ধিৰ প্ৰস্তাৱত অনুমোদন জনাইছে। নতুন দিল্লীত কালি বিয়লি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে চৰকাৰে ২০২৫-২৬ বিপণন বৰ্ষৰ বাবে খাৰিফ শস্যৰ মূল্য বৃদ্ধি কৰিছে যাতে খেতিয়কসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰে। যোৱা বছৰৰ তুলনাত ৰামতিলৰ ন্যূনতম সমর্থন মূল্য সৰ্বাধিক প্রতি কুইণ্টলত ৮২০ টকা বৃদ্ধি কৰা হৈছে। ৰাগীৰ ন্যূনতম সমর্থন মূল্য প্রতি কুইণ্টলত ৫৯৬ টকা, কপাহত ৫৮৯ আৰু তিলৰ ন্যূনতম সমর্থন মূল্য প্রতি কুইণ্টলত ৫৭৯ টকা বৃদ্ধি কৰা হৈছে।