November 6, 2024 1:36 PM

views 52

অসম ৰাজ্যিক বিত্ত আয়োগৰ দলৰ ৰাজ্য চৰকাৰৰ ভিন্ন বিভাগৰ জিলা বিষয়াসকলৰ সৈতে আলোচনা

অসম ৰাজ্যিক বিত্ত আয়োগৰ এটা দলে অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰানা প্ৰতাপ কলিতাৰ নেতৃত্বত কালি সন্ধিয়া বৰপেটাত উপস্থিত হৈ ৰাজ্য চৰকাৰৰ বিভাগবোৰৰ জিলা বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত জিলাখনৰ ৰাজ্য চৰকাৰৰ বিভাগবোৰৰ হোৱা সমস্যা আৰু বাজেটৰ বিষয়কলৈ এই আলোচনা অনুষ্ঠিত হয়। আলোচনাত অধ্যক্ষতা কৰা ৰানা প্রতাপ কলিতাই তৃণমূল পৰ্যায়ৰ শাসন ব্যৱস্থাক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি দক্ষতা বৃদ্ধিৰ বাবে সকলোকে আহ্বান জনায়। ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত থকা সমস্যাবোৰ জি...

November 6, 2024 1:24 PM

views 36

বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ মৃত্যুবার্ষিকীৰ লগত সংগতি ৰাখি ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনৰ বাৰেৰহনীয়া কাৰ্যসূচী ৰূপায়ণ

বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যুবার্ষিকীৰ লগতে সংগতি ৰাখি ৰাজ্যজুৰি কালি বিভিন্ন দল-সংগঠনৰ উদ্যোগত বাৰেৰহনীয়া কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটীৰ জালুকবাৰীত থকা শিল্পীগৰাকীৰ সমাধিস্থলত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। সমাধিস্থলত পুৱাৰে পৰা স্মৃতিচাৰণ সভা, সৰ্বধৰ্ম প্ৰাৰ্থনা, গীত-নৃত্যৰ অনুষ্ঠান আদি অনুষ্ঠিত হয়। ইপিনে দীঘলীপুখুৰীৰ পাৰত থকা শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিস্থলীতো সন্ধিয়া সদৌ অসম ছাত্ৰ সন্থাই ১০ হেজাৰ বন্তি প্ৰজ্বলন কৰি শ...

November 6, 2024 12:58 PM

views 90

ষট পূজা উপলক্ষে ৰাজ্যবাসীলৈ মুখ্যমন্ত্রীৰ শুভেচ্ছা জ্ঞাপন

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ষট পূজা উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা শুভেচ্ছা বার্তাত এই শুভক্ষণত ছঠি মাইয়া আৰু সূৰ্যদেৱে নিজৰ আশীষেৰে সকলোৰে জীৱন ধন্য কৰিব বুলি আশা প্ৰকাশ কৰিছে। তেওঁ লগতে সকলোৰে সুখ, শান্তি আৰু সমৃদ্ধিৰ কামনা কৰিছে।

November 6, 2024 12:56 PM

views 62

নুনমাটিৰ পৰা ৰিজাৰ্ভবেংক সংযোগী নির্মীয়মান উৰণ সেতু নিৰ্মাণকাৰ্য পৰিদৰ্শন মুখ্যমন্ত্রীৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই যোৱানিশা নুনমাটিৰ পৰা ৰিজাৰ্ভবেংক সংযোগী নির্মীয়মান উৰণ সেতুখনৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে। লোকনিৰ্মাণ বিভাগৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াৰ সৈতে গুৱাহাটী ক্লাবত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে উৰণসেতুখন সমাপ্ত পৰিবলগীয়া অংশটোৰ বুজ লয়। সাংবাদিকেৰে হোৱা কথা-বতৰাত তেওঁ কয় যে উৰণ সেতুখন পূৰ্বৰ তুলনাত এতিয়া কিছু সৰু কৰাৰ সিদ্ধান্ত লোৱা হৈছে। পূৰ্বতে লোৱা সিদ্ধান্ত অনুসৰি নুনমাটি দিশৰ পৰা আহিলে উৰণসেতুখন ৰিজাৰ্ভ বেংকত শেষ হ'লহেঁতেন, কিন্তু এতিয়া ৰবীন্দ্ৰ ভৱনৰ সন্মুখত ...

November 5, 2024 1:20 PM

views 61

ষট পূজা উপলক্ষে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ ৰাজ্যবাসীলৈ শুভেচ্ছা

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ষট পূজা উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা শুভেচ্ছা বার্তাত এই শুভক্ষণত ছঠি মাইয়া আৰু সূৰ্যদেৱে নিজৰ আশীষেৰে সকলোৰে জীৱন ধন্য কৰিব বুলি আশা প্ৰকাশ কৰিছে। তেওঁ লগতে সকলোৰে সুখ, শান্তি আৰু সমৃদ্ধিৰ কামনা কৰিছে। সমাগত ষট পূজা শান্তিপূর্ণভাৱে উদযাপন কৰাৰ লক্ষ্যৰে গুৱাহাটী আৰক্ষী আয়ুক্তৰ উদ্যোগত জিলা পুথিভঁৰালত এখন বিশেষ সভা অনুষ্ঠিত হয়। সভাত আৰক্ষী আয়ুক্ত দিগন্ত বৰাই পূজাৰ সময়ত পালন কৰিবলগীয়া নীতি-নির্দেশনা সন...

November 5, 2024 12:42 PM

views 90

আজি বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ ত্রয়োদশ মৃত্যু বার্ষিকী

বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ আজি ত্রয়োদশ মৃত্যু বার্ষিকী। ২০১১ চনৰ আজিৰ দিনটোতেই অনুৰাগীক শোকাহত কৰি শিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল। ড° হাজৰিকাৰ মৃত্যু বার্ষিকীত ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচীৰে শিল্পীগৰাকীক সোঁৱৰণ কৰা হৈছে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটীৰ জালুকবাৰীত থকা শিল্পীগৰাকীৰ সমাধিস্থলত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সমাধিস্থলত পুৱা ৯.৩০ বজাৰ পৰা স্মৃতিচাৰণ সভা আৰু সৰ্বধর্ম প্রার্থনা অনুষ্ঠিত হয়। স্মৃতিচাৰণ সভাত মন্ত্ৰী অজন্তা নেওগ মুখ্য অতিথি হি...

November 4, 2024 7:18 PM

views 41

ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সকলক ৩ শতাংশ মৰগীয়া বানচ প্রদান সন্দৰ্ভত আনুষ্ঠানিক নির্দেশনা জাৰি

ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সকলক ৩ শতাংশ মৰগীয়া বানচ প্রদান সন্দৰ্ভত আজি আনুষ্ঠানিক নির্দেশনা জাৰি কৰা হৈছে। ৰাজ্য চৰকাৰৰ সচিবে আজি এই সন্দৰ্ভত নির্দেশনা জাৰি কৰে। উল্লেখযোগ্য যে যোৱা ২৭ অক্টোবৰত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকত ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ মৰগীয়া বানচ ৩ শতাংশ বৃদ্ধিৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছিল। এই সিদ্ধান্ত চলিত বছৰৰ ১ জুলাইৰ পৰা প্ৰযোজ্য হ'ব। অৱশ্যে কৰ্মচাৰীসকলে পহিলা ডিচেম্বৰৰ পৰা বৰ্ধিত হাৰত মৰগীয়া বানচ লাভ কৰিব আৰু বাকী ৪ মাহৰ বাবে কৰ্মচাৰীসকলক ৪ টা কিস্তিত বকেয়া প্রদান ...

November 4, 2024 7:15 PM

views 86

ৰাজ্যৰ ৫টা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তীব্ৰতৰ

ৰাজ্যৰ পাঁচটা সমষ্টিত অহা ১৩ নৱেম্বৰত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। শাসকীয় বিজেপিকে ধৰি অন্যান্য দলসমূহে সমষ্টিয়ে সমষ্টিয়ে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ সভাৰ আয়োজন কৰিছে। মন্ত্ৰী পীযূষ হাজৰিকাই বিহালী সমষ্টিৰ কেইবাটাও অঞ্চলত বিজেপিৰ মনোনীত প্রার্থী দিগন্ত ঘাটোৱাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, সাংসদ ৰঞ্জীত দত্তকে ধৰি ভালকেইগৰাকী বিজেপি নেতাই এই প্ৰচাৰ সভাত উপস্থিত থাকে। ইপিনে মন্ত্ৰী ৰণজিত কুমাৰ দাসে বঙাইগাঁও ব...

November 4, 2024 6:57 PM

views 92

নিচাযুক্ত সামগ্ৰী সৰবৰাহ আৰু বিক্ৰী ৰোধ কৰিবলৈ বৰপেটাৰ কেইবাখনো গাঁৱত গাঁওপ্ৰধান আৰু গাঁওৰক্ষী বাহিনীৰ অভিযান অব্যাহত

বৰপেটা জিলাৰ বিভিন্ন স্থানত নিচাযুক্ত সামগ্ৰী সৰবৰাহ আৰু বিক্ৰী ৰোধ কৰিবলৈ কেইবাখনো গাঁৱত গাঁওপ্ৰধান আৰু গাঁওৰক্ষী বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে। এই অভিযানৰ অংশ হিচাপে কলগাছিয়া ৰাজহ চক্ৰৰ খাৰবল্লি, সুথিৰপাথাৰ, আমগুৰিকে ধৰি কেইবাখনো গাঁৱত চলোৱা অভিযানত ভাং খেতি নষ্ট কৰা হয় ৷ বিগত কিছুদিন ধৰি ৰাইজে নিজাববীয়াকৈ এই অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যে কমেও সাতটা পৰিয়ালৰ ঘৰৰ চৌহদৰ ভাং খেতি ৰাইজে নষ্ট কৰিছে বুলি জানিব পৰা গৈছে।

November 4, 2024 6:55 PM

views 80

ভাষা গৌৰৱ সপ্তাহৰ সৈতে সংগতি ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ত দুদিনীয়াকৈ বিশেষ কাৰ্যসূচী

ৰাজ্য চৰকাৰে হাতত লোৱা ভাষা গৌৰৱ সপ্তাহৰ সৈতে সংগতি ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ত দুদিনীয়াকৈ বিশেষ কাৰ্যসূচী অনুষ্ঠিত হৈছে। বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ননীগোপাল মহন্তই ভাষা গৌৰৱ সপ্তাহৰ কাৰ্যসূচীৰ উদ্বোধন কৰে। উদ্বোধনী ভাষণত চৰ্যাপদৰ পৰা নৱ্য ভাৰতীয় আৰ্য ভাষালৈ অসমীয়া ভাষাৰ দীঘলীয়া পৰিক্ৰমা সন্দৰ্ভত তেওঁ বিৱৰণ দাঙি ধৰে। ভাষণ প্ৰসংগত তেওঁ অসমীয়া ভাষাৰ চৰ্চা, গৱেষণা ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়াই থৈ যোৱা ভাষাবিদ পণ্ডিতসকলক স্মৰণ কৰে। অনুষ্ঠানত অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ ক...