November 14, 2024 12:13 PM
61
পবিতৰা অভয়াৰণ্যত আজিৰে পৰা ২০২৪-২৫ পর্যটন বৰ্ষৰ বাবে হাতী ছাফাৰী আৰম্ভ
পবিতৰা অভয়াৰণ্যত আজিৰে পৰা ২০২৪-২৫ পর্যটন বৰ্ষৰ বাবে হাতী ছাফাৰী আৰম্ভ
November 14, 2024 12:13 PM
61
পবিতৰা অভয়াৰণ্যত আজিৰে পৰা ২০২৪-২৫ পর্যটন বৰ্ষৰ বাবে হাতী ছাফাৰী আৰম্ভ
November 14, 2024 12:09 PM
73
ৰাজ্যৰ ৫টা সমষ্টিত কালি অনুষ্ঠিত উপ-নির্বাচন সামগ্রিকভাৱে শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ অনুষ্ঠিত হয়। কোনো কোনো স্থানত দুই এটা বিক্ষিপ্ত ঘটনা সংঘটিত হয় যদিও এনে ঘটনাই ভোটগ্রহণ প্ৰক্ৰিয়াত কোনো ধৰণৰ প্রভাৱ বিস্তাৰ কৰিব নোৱাৰিলে। নির্বাচন অনুষ্ঠিত বঙাইগাঁও, চামগুৰি, বিহালী, চিদলী আৰু ধলাই সমষ্টিৰ ভোটগ্রহণ কালি বিয়লি ৫ বজাত সামৰণি পৰে। চামগুৰি সমষ্টিত সৰ্বাধিক আৰু বঙাইগাঁও সমষ্টিত সর্বনিম্ন ভোটগ্রহণ হোৱা বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। নির্বাচন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে চামগুৰি সমষ্টিত ৭৯ শতাংশ, ...
November 14, 2024 9:52 AM
70
ৰাজ্যৰ ৫টা সমষ্টিত কালি অনুষ্ঠিত উপ-নির্বাচন সামগ্ৰিকভাৱে শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ অনুষ্ঠিত হয়। কোনো কোনো স্থানত দুই এটা বিক্ষিপ্ত ঘটনা সংঘটিত হয় যদিও এনে ঘটনাই ভোটগ্রহণ প্রক্রিয়াত কোনো ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিলে। নির্বাচন অনুষ্ঠিত বঙাইগাঁও, চামগুৰি, বিহালী, চিদলী আৰু ধলাই সমষ্টিৰ ভোটগ্রহণ কালি বিয়লি ৫ বজাত সামৰণি পৰে। চামগুৰি সমষ্টিত সৰ্বাধিক আৰু বঙাইগাঁও সমষ্টিত সর্বনিম্ন ভোটগ্রহণ হোৱা বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। নির্বাচন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে চামগুৰি সমষ্টিত ৭৯ শতাংশ, ...
November 12, 2024 2:14 PM
84
কেৰালাৰ ৱায়নাড সংসদীয় সমষ্টিৰ লগতে ১১ খন ৰাজ্যৰ ৩৩ টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ কাইলৈ হ'বলগীয়া ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। উপ-নির্বাচন হ'বলগীয়া বিধানসভা সমষ্টিকেইটাৰ ভিতৰত অসমৰ ৫টা, ৰাজস্থানৰ ৭, পশ্চিমবংগৰ ৬, বিহাৰৰ ৪, কৰ্ণাটকৰ ৩ টা, মধ্য প্ৰদেশ আৰু ছিকিমৰ দুটাকৈ তথা কেৰালা, ছট্টিশগড়, গুজৰাট আৰু মেঘালয়ৰ এটাকৈ সমষ্টি আছে। অসমৰ চিদলী, বঙাইগাঁও, চামগুৰি, বিহালী আৰু ধলাই বিধানসভা সমষ্টিৰ উপ-নির্বাচন নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে ১,০৭৮টা ভোটগ্রহণ কেন্দ্র স্থাপন কৰা হৈছে। ...
November 12, 2024 1:03 PM
66
ৰাজ্যৰ বিভিন্ন প্ৰান্তত অহা ১৫ নৱেম্বৰৰ পৰা শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উদযাপনৰ বাবে প্ৰস্তুতি চলি আছে। শৰৎ কালৰ পূৰ্ণিমা তিথিত আয়োজন কৰা এই ৰাসলীলা বা ৰাস মহোৎসৱ উপলক্ষে মাজুলীকে ধৰি ৰাজ্যৰ অন্যান্য অঞ্চলসমূহতো উৎসাহ উদ্দীপনাৰ সৃষ্টি হৈছে। মাজুলীৰ দক্ষিণপাট সত্ৰৰ লগতে গড়মুৰ, আউনীআটী, বেঙেনাআটী, কমলাবাৰী আদি সত্ৰত পৰম্পৰাগত ৰীতি-নীতিৰে পালন কৰা ৰাস উৎসৱ মাজুলীৰ অন্যতম উৎসৱ আৰু দেশ বিদেশৰ পৰ্যটকসকলকো এই উৎসৱৰ বাৰেৰহনীয়া পৰম্পৰাই আকৰ্ষিত কৰে। গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত ৰাস সমিতিসমূহৰ উদ্যোগত ...
November 12, 2024 2:06 PM
51
ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিত কাইলৈ হ’বলগীয়া উপ-নির্বাচনৰ ভোটগ্রহণৰ বাবে নিৰ্বাচন আয়োগে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। কাইলৈ পুৱা ৭ বজাৰ পৰা চিদলী, বঙাইগাঁও, চামগুৰি, বিহালী আৰু ধলাই বিধানসভা সমষ্টিৰ বাবে মুঠ ১,০৭৮টা কেন্দ্ৰত ভোটগ্রহণ কৰা হ'ব। ইয়াৰে চিদলীত ২৭৩টা, বঙাইগাঁৱত ২৪৬টা, চামগুৰিত ১৯৭টা, বিহালীত ১৫৪টা আৰু ধলাইত ২০৮টা ভোটগ্রহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। এই কেন্দ্ৰসমূহত ভোটগ্রহণ সুকলমে সম্পন্ন কৰাৰ দায়িত্বত নিয়োজিত প্রায় ৪,৫০০ গৰাকী বিষয়া-কৰ্মচাৰী আজি বিয়লিৰ ভিতৰত নিজ নিজ কর্মস্থল...
November 11, 2024 12:00 PM
58
অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ পৰহিলৈ হ'বলগীয়া উপ-নির্বাচনৰ প্ৰচাৰ অভিযানৰ আজি বিয়লি ৫ বজাত সামৰণি পৰিব। মাজত মাত্ৰ ৮ ঘণ্টা বাকী থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। আন সমষ্টিকেইটাৰ দৰে চামগুৰি সমষ্টিতো উপ-নিৰ্বাচনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এই সন্দৰ্ভত জিলা আয়ুক্তগৰাকীয়ে নির্বাচনী নীতি-নির্দেশনাসমূহ বলৱৎ কৰাৰ বাবে সকলোৰে সহায়-সহযোগিতা কামনা কৰিছে। সমষ্টিটোত এইবাৰ মুঠ ১ লাখ ৮০ হাজাৰ ৪৪৮ গৰাকী ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিব। ইয়া...
November 7, 2024 7:48 PM
68
সত্ৰীয়া সংস্কৃতিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা কেইবাগৰাকী বিশিষ্ট ব্যক্তিলৈ সদৌ অসম সত্ৰ মহাসভাই বিভিন্ন বঁটা আগবঢ়াইছে। আজি গুৱাহাটীত আয়োজিত এখন সংবাদমেলত মহাসভাৰ নেতৃবৃন্দই কয় যে, মাজুলীৰ শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীক সত্ৰ বৈভৱ বঁটা, মাজুলীৰ শ্ৰীশ্ৰীগড়মুৰ সত্ৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱগোস্বামীলৈ সত্ৰ সৌৰভ বঁটা, নৃত্যাচাৰ্য যতীন গোস্বামীলৈ আন্তঃৰাষ্ট্ৰীয় সত্ৰীয়া শিল্পী বঁটা, মঙলদৈৰ সত্ৰীয়া শিল্পী ভানু ডেকা চহৰীয়া আৰু জাগীৰোড মহ...
November 7, 2024 7:14 PM
56
প্রতিবেশী ৰাষ্ট্ৰ ভূটানৰ সৈতে পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰাৰ অংশ হিচাপে আজি বাক্সা জিলাৰ দৰঙাত এটা ইমিগ্ৰেচন তালাচী চকীৰ নতুন ভৱন মুকলি কৰা হয়। ভূটান সীমান্তৰ পৰা ৭০০ মিটাৰ নিলগত অৱস্থিত এই ভূ-বন্দৰটোৱে দুয়োখন ৰাষ্ট্ৰৰ মাজত সম্পৰ্ক সূদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। ৰাজ্যপাল লক্ষ্মনপ্ৰসাদ আচাৰ্য্য আৰু ভূটানৰ প্ৰধানমন্ত্রী দাছো চেৰিং টবগেই যুটীয়াভাৱে ভৱনটো উদ্বোধন কৰে। ৰাজ্যপাল শ্ৰী আচাৰ্যই নিজৰ ভাষণত কয় যে সংহত তালাচী চকীয়ে দুয়োদেশৰ মাজত অর্থনৈতিক তথা সামাজিক সংযোগ...
November 7, 2024 6:54 PM
57
ৰাজ্যৰ উচ্চ শিক্ষা প্রতিষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু দক্ষিণ কোৰিয়াৰ ৱৰ্ল্ড ফ্ৰাগ্ৰাণ্ট ক’ৰ্পৰ্চেনে অসমৰ শিক্ষাৰ্থীক কোৰিয়ান ভাষা শিক্ষণৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই উদ্দেশ্যে দুয়োটা প্রতিষ্ঠানে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই অংশীদাৰিত্বত শিক্ষাৰ্থীসকলৰ বাবে এহেজাৰ ডলাৰ অনুদান, শৈক্ষিক সুযোগ বৃদ্ধিৰ লগতে ভাৰত আৰু দক্ষিণ কোৰিয়াৰ মাজত সাংস্কৃতিক বিনিময়ৰ সূচনা হ'ব বুলি আশা কৰা হৈছে।
গোপনীয়তা নীতি | কপিৰাইট © 2026 নিউজ অন আইআৰ। সকলো অধিকাৰ সংৰক্ষিত
শেষ আপডেট কৰা হৈছে: 4th Oct 2026