May 4, 2025 7:49 PM

views 80

ৰাজ্যৰ ৫ খন জিলাৰ ৪৪টা ভোটগ্রহণ কেন্দ্ৰত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ পুনৰ ভোটগ্ৰহণ

পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত হোৱা ভোটগ্ৰহণৰ সময়ত বিভিন্ন বিক্ষিপ্ত ঘটনা বা অন্যান্য কাৰণত ভোটগ্ৰহণত ব্যাঘাত জন্মা ৫ খন জিলাৰ মুঠ ৪৪টা ভোটগ্রহণ কেন্দ্ৰত আজি পুনৰ ভোটগ্ৰহণ কৰা হয়। পুনৰ ভোটগ্রহণ হোৱা কেন্দ্ৰকেইটাৰ ভিতৰত হাইলাকান্দি জিলাৰ সৰ্বাধিক ৩২টা, শ্রীভূমিৰ ৮টা, লখিমপুৰত ২টা, গোলাঘাট আৰু মাজুলীৰ এটাকৈ কেন্দ্ৰ আছে। আমাৰ হাইলাকান্দিৰ সংবাদদাতাই জনোৱা মতে কালি জিলাখনৰ আৰু এটা কেন্দ্ৰত পুনৰভোটগ্ৰহণৰ সিদ্ধান্ত লোৱা হয়। বিয়লি ৪.৩০ বজাত এই ভোটগ্ৰহণৰ সামৰণি পৰিছে। হাইলাকান্দি জিলাত ৬৬ শতাংশৰো...

May 1, 2025 7:47 PM

views 61

পঞ্চায়ত নির্বাচন শান্তিপূর্ণভাৱে সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনৰ ব্যাপক ব্যৱস্থা

চৰাইদেউ জিলাত নিৰ্বাচনী প্রক্রিয়া শান্তিপূর্ণভাৱে সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসনৰ প্ৰস্তুতি সন্দৰ্ভত জিলাখনৰ সোণাৰী বিধানসভা সমষ্টিৰ অসম-অৰুণাচল আৰু অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলসমূহত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। বিশ্বনাথ জিলাৰ ৭৪৭টা ভোটকেন্দ্ৰত ৪ লাখ ৭৪ হাজাৰ ৯২৭ গৰাকী ভোটদাতাই ১৩১২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নির্ণয় কৰিব। জিলাখনত নিৰ্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ৩৬ গৰাকী মাণ্ডলিক, ৭৪ গৰাকী ছেক্টৰ, ৮৯৬ গৰাকী প্রিজাইডিং আৰু ২,৬৮৮ গৰাকী প’লিং বিষয়া নিয়োগ কৰা হৈছে। শ্রীভূমি জিলাত পঞ্চায়ত...

May 1, 2025 7:44 PM

views 72

গোলাঘাট জিলাত পঞ্চায়ত নিৰ্বাচনত ২২৮টা ভোটগ্রহণ কেন্দ্ৰ মহিলা বিষয়াৰ দ্বাৰা পৰিচালিত হ’ব

পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে কাইলৈ ১৪ খন জিলাত ভোটগ্রহণ অনুষ্ঠিত হ'ব। এই পৰ্যায়ত সামৰি ল'বলগীয়া জিলাসমূহৰ ভিতৰত তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলা আছে। ভোটগ্ৰহণৰ বাবে বিভিন্ন ভোট কেন্দ্ৰত নিয়োজিত বিষয়ববীয়াসকল ইতিমধ্যে কেন্দ্ৰলৈ ৰাওনা হৈছে। গোলাঘাট জিলাত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে আজি পুৱাৰে পৰা প্রিজাইডিং পোলিং বিষয়াৰ লগতে নিৰাপত্তাৰক্ষীসকল নিজ নিজ ভোটকেন্দ্র অভিমুখে যাত্ৰ...

May 1, 2025 7:39 PM

views 53

কাছাৰ জিলাত ২মেত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

কাছাৰ জিলাত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে আজি প’লিং বিষয়াসকল শিলচৰ, বৰখলা, সোনাই আৰু উধাৰবন্দ বিধানসভা সমষ্টিলৈ ৰাওনা হৈছে। জিলাখনৰ ৭টা বিধানসভা সমষ্টিৰ বাবে বৰ্তমান ৬৪ গৰাকী প্রার্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইতিমধ্যে দুগৰাকী প্ৰাৰ্থী বিনা প্রতিদ্বন্দ্বিতাৰে জয়ী হৈছে। পঞ্চায়ত নিৰ্বাচনত নিজৰ কৰ্তব্য পালনৰ বাবে সাজু হোৱাৰ সময়তে আজি শিলচৰৰ এগৰাকী নিৰ্বাচনী বিষয়াৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। গ্ৰাম্য স্বাস্থ্য পৰিদৰ্শক হিচাপে কৰ্মৰত বিষয়াগৰাকী নুৰুল হক চৌধুৰী বুলি আমাৰ সংবাদদাতাই জানিবলৈ ...

May 1, 2025 7:35 PM

views 52

ডিব্ৰুগড় জিলাত পঞ্চায়ত নিৰ্বাচনত ৮ লাখ ৭১ হাজাৰ ৯৭৫ ভোটদাতাই ভোটদান কৰিব

ডিব্ৰুগড় জিলাত আজি পুৱাৰে পৰা পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে প’লিং আৰু প্রিজাইডিং বিষয়াসকলে যাৱতীয় নথি-পত্ৰ সংগ্ৰহ কৰি ডিব্ৰুগড়, চাবুৱা আৰু লাহোৱাল সমষ্টিৰ ভোটগ্রহণ কেন্দ্ৰলৈ ৰাওনা হয়। জিলাখনত মুঠ ভোটদাতাৰ সংখ্যা হৈছে ৮ লাখ ৭১ হাজাৰ ৯৭৫। ধেমাজি জিলাতো কাইলৈ ৫ লাখ ১০ হাজাৰ ৫৩৭ গৰাকী ভোটদাতাই ৭২৭টা ভোটগ্রহণ কেন্দ্ৰত গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিব। জিলাখনত ১৮০৮ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। নিৰ্বাচনৰ বাবে নিয়োজিত ৩৬০৯ গৰাকী বিষয়া-কৰ্মচাৰীৰ লগতে সুৰক্ষা কৰ্মীসকল প্রয...

May 1, 2025 7:30 PM

views 50

শিৱসাগৰ জিলাত পঞ্চায়ত নিৰ্বাচনত ২২৯১গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ

পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে শিৱসাগৰ জিলাত ২মেত ভোটগ্ৰহণৰ বাবে দায়িত্ববাহী বিষয়া তথা সুৰক্ষা কৰ্মীসকল সংশ্লিষ্ট ভোটগ্রহণ কেন্দ্ৰত উপস্থিত হৈছেগৈ। জিলাখনৰ বেতবাৰী আঞ্চলিক পঞ্চায়তৰ কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী অচ্যুতানন্দ গগৈৰ আকস্মিক মৃত্যুৰ পৰিপ্ৰেক্ষিতত বেতবাৰী আঞ্চলিক পঞ্চায়ত নিৰ্বাচন স্থগিত ৰখা হৈছে। ফলস্বৰূপে কাইলৈ জিলাখনৰ চাৰিখন আঞ্চলিক পঞ্চায়ত, ১২খন জিলা পৰিষদ, ৮২খন গাঁও পঞ্চায়ত আৰু ৮২০টা ৱাৰ্ডৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। ৮৫৮টা ভোটগ্রহণ কেন্দ্ৰত এই ভোটগ্রহণ অনুষ্ঠিত হ'ব। জিলাখনত ২২৯১গ...

May 1, 2025 11:15 AM

views 37

১৪ খন জিলাত কাইলৈ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্রহণ

পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে কাইলৈ ১৪ খন জিলাত ভোটগ্রহণ অনুষ্ঠিত হ'ব। এই পৰ্যায়ত সামৰি ল'বলগীয়া জিলাসমূহৰ ভিতৰত তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলা আছে। ভোটগ্রহণৰ বাবে বিভিন্ন ভোট কেন্দ্ৰত নিয়োজিত বিষয়ববীয়াসকল ইতিমধ্যে কেন্দ্ৰলৈ ৰাওনা হৈছে। ডিব্ৰুগড় জিলাৰ ২২ খন জিলা পৰিষদ, ৯৩ খন গাঁও পঞ্চায়ত আৰু ৭টা আঞ্চলিক পঞ্চায়তৰ নিৰ্বাচনৰ বাবে ১১৬৫টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰে ৬২...

April 24, 2025 8:43 PM

views 42

ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি হোজাই জিলাৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত নিৰ্বাচনী প্ৰচাৰ চলায়। দহ সহস্ৰাধিক লোকৰ উপস্থিতিত পঞ্চায়ত নিৰ্বাচনৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই ড০ শৰ্মাই বিজেপি মিত্রজোঁটে জনসাধাৰণৰ আশা-আকাংক্ষা পুৰণৰ বাবে সদায়ে দায়বদ্ধতাৰে কাম কৰি আহিছে বুলি মন্তব্য কৰে। গোলাঘাট জিলাৰ দেৰগাঁৱত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি পঞ্চায়ত নিৰ্বাচনত অ...

April 20, 2025 7:55 PM

views 54

পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি

Paঅহা ২ আৰু ৭ মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। শাসক-বিৰোধীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে ব্যাপক নির্বাচনী প্ৰচাৰ চলাইছে। একেদৰে নির্বাচন সুকলমে পৰিচালনা কৰাৰ বাবে বিভিন্ন জিলা প্রশাসনে ব্যাপক প্রস্তুতি চলাইছে। কামৰূপ জিলাত অহা ৭ মে'ত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে জিলাখনৰ প্রিজাইডিং আৰু প’লিং বিষয়াসকলক দুদিনীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰা হয়। দক্ষিণ কামৰূপ মহাবিদ্যালয়ত এই প্রশিক্ষণ সম্পন্ন কৰা হৈছে। কামৰূপ জিলাৰ পলাশবাৰী, বকো-ছয়গাঁও, ছমৰী...

April 20, 2025 7:51 PM

views 79

অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়াৰ কাছাৰৰ ধলাইত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান আৰম্ভ

অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই আজি কাছাৰ জিলাৰ ধলাইত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। ধলাইত অনুষ্ঠিত বিজয় সংকল্প সমাৱেশত ভাষণ প্ৰদান কৰি শ্ৰীশ‍ইকীয়াই কয়, যে বৰাক আৰু ৰাজ্যখনৰ সৰ্বাংগীণ উন্নয়ন কৰাই বিজেপিৰ প্ৰধান লক্ষ্য। পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰিব বুলি তেওঁ আশা প্রকাশ কৰে। উল্লেখযোগ্য যে ৰাজ্যিক সভাপতিৰ দায়িত্ব লাভ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে বৰাকত উপস্থিত হোৱা শ্ৰীশ‍ইকীয়াক জিলা বিজেপিৰ জ্যেষ্ঠ নেতা আৰু সমৰ্থকসকলে আদৰণি জনায়।