April 20, 2025 10:45 AM

views 77

৭ মে’ত কামৰূপ জিলাত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে নির্বাচনী প্ৰচাৰ আৰম্ভ

অহা ৭ মে'ত কামৰূপ জিলাত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে শাসকীয় বিজেপি, অগপ আৰু ৰাভা-হাছং যৌথ সংগ্রাম সমিতিয়ে একেলগে এই নির্বাচনী প্ৰচাৰ চলাইছে। কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছ দলে সুকীয়া সুকীয়াকৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। কমলপুৰ বিধানসভা সমষ্টিৰ বিজেপিৰ বিধায়ক ভৱেশ কলিতা, পলাশবাৰীৰ হেমাংগ ঠাকুৰীয়া, হাজো-শুৱালকুছিৰ সুমন হৰিপ্ৰিয়াই দলৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছে। তৃণমূল কংগ্ৰেছ আৰু কংগ্ৰেছ দলেও জিলাখনত নিজ নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাইছে। ইতিমধ্যে জিলাখনৰ ৬টা জিলা প...

April 20, 2025 10:37 AM

views 60

২ মে’ৰ প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি

অহা ২ মে’ত হবলগীয়া প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। শাসক-বিৰোধী সকলো নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰিছে। ডিব্ৰুগড় জিলাত ইতিমধ্যে বহুকেইজন বিজেপিৰ প্রার্থী বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। জিলা পৰিষদত ৩ জন, আঞ্চলিক পঞ্চায়তত ১০ জন নির্বাচিত হোৱাৰ লগতে পানীতোলা গাঁও পঞ্চায়তত দুজন ৱাৰ্ড সদস্য, লাহোৱাল গাঁও পঞ্চায়তত ১৫ জন, বৰবৰুৱাত ৯ জন, টেঙাখাটত ৩১ জন, জয়পুৰত ১৯ জন, খোৱাঙত ১৫ জন আৰু টিংখাং গাঁও পঞ্চায়ত ১২ জন ৱার্ড সদস্য বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ...

April 16, 2025 1:47 PM

views 57

পঞ্চায়ত নিৰ্বাচনৰ বাবে কাইলৈ মনোনয়ন পত্র প্রত্যাহাৰৰ অন্তিম দিন

আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে কাইলৈ মনোনয়ন পত্র প্রত্যাহাৰৰ অন্তিম দিন। বিয়নি ৩ বজাত মনোনয়ন পত্র প্রত্যাহাৰৰ সময় উকলি যোৱাৰ পাছত নিৰ্বাচনত প্রতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্রকাশ কৰা হ'ব। ৰাজ্যৰ বিভিন্ন ঠাইত প্রার্থীসকলে নির্বাচনৰ বাবে প্ৰচাৰ আৰম্ভ কৰিছে। জিনা আয়ুক্তসকলে ভিন ভিন স্থানত স্থাপন হ'বলগীয়া ষ্ট্ৰং ৰম আৰু গণনা কক্ষৰ স্থান পৰিদৰ্শন কৰাৰ উপৰি নিৰ্বাচনৰ বিভিন্ন দিশ তথা কাম-কাজৰ বুজ লৈছে।

April 16, 2025 12:30 PM

views 72

পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীৰ তালিকা  বৃহস্পতিবাৰে প্ৰকাশ পাব

ৰঙালী বিহুৰ উৎসাহ-উদ্দীপনাৰ মাজতে ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বাবে জিলা প্রশাসনসমূহে প্রস্তুতি চলাই আছে। বিভিন্ন ঠাইত নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলে প্ৰচাৰ অভিযানো আৰম্ভ কৰিছে। জিলা আয়ুক্তসকলে ভিন ভিন স্থানত স্থাপন হ’বলগীয়া ষ্ট্ৰং ৰূম আৰু গণনা কক্ষৰ স্থান পৰিদৰ্শন কৰাৰ উপৰি নিৰ্বাচনৰ বিভিন্ন দিশ তথা কাম-কাজৰ বুজ লৈছে। পঞ্চায়ত নিৰ্বাচনত কোনো প্রার্থীয়ে প্রার্থিত্ব প্ৰত্যাহাৰ কৰিব বিচাৰিলে কাইলৈ বিয়লি ৩ বজাৰ ভিতৰত আবেদন কৰিব পাৰিব। কাইলৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীৰ তালিকা প্ৰকাশ ...

April 15, 2025 1:29 PM

views 61

হোজাই জিলাত গাঁও পঞ্চায়ত নিৰ্বাচনৰ বাবে ১৯৯৩ জনৰ মনোনয়ন পত্র দাখিল

ৰঙালী বিহুৰ উৎসাহ-উদ্দীপনাৰ মাজতে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ বাবেও জিলা প্রশাসনসমূহ ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। হোজাই জিলাত এই নির্বাচনক নৈ প্রস্তুতি চলি আছে। জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে প্ৰকাশ কৰা মতে জিলাখনত নিৰ্বাচনৰ বাবে ৪ হাজাৰতকৈ অধিক কৰ্মচাৰী নিয়োগ কৰা হ'ব। ইতিমধ্যে দুজন নির্বাচনী পর্যবেক্ষক নিয়োগ কৰা হৈছে। জিলাখনত পঞ্চায়ত নিৰ্বাচনৰ বাবে গাঁও পঞ্চায়তৰ ১৯৯৩ জনে মনোনয়ন পত্র দাখিল কৰিছে। একেদৰে জিলা পৰিষদত দাখিল কৰা ৩৭ খন মনোনয়ন পত্ৰৰ ভিতৰত ৩৩ খন গ্ৰহণ কৰা হয়। আঞ্চলিক পঞ্চায...