অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আজি কাছাৰ জিলাৰ ধলাইত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। ধলাইত অনুষ্ঠিত বিজয় সংকল্প সমাৱেশত ভাষণ প্ৰদান কৰি শ্ৰীশইকীয়াই কয়, যে বৰাক আৰু ৰাজ্যখনৰ সৰ্বাংগীণ উন্নয়ন কৰাই বিজেপিৰ প্ৰধান লক্ষ্য। পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰিব বুলি তেওঁ আশা প্রকাশ কৰে। উল্লেখযোগ্য যে ৰাজ্যিক সভাপতিৰ দায়িত্ব লাভ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে বৰাকত উপস্থিত হোৱা শ্ৰীশইকীয়াক জিলা বিজেপিৰ জ্যেষ্ঠ নেতা আৰু সমৰ্থকসকলে আদৰণি জনায়।
Assamese | April 20, 2025 7:51 PM | assam panchayat election | Dilip Saikia
অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ কাছাৰৰ ধলাইত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান আৰম্ভ