December 1, 2025 12:39 PM

views 58

মিছন বসুন্ধৰাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত ৬৬০টা খিলঞ্জীয়া ভূমিহীন পৰিয়ালক চৰকাৰী ভূমি নিষ্পত্তিৰ ক্ষেত্ৰত অনুমোদন

■ অসম মন্ত্রীসভাই কালি মিছন বসুন্ধৰাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, শোণিতপুৰ, লখিমপুৰ, গোলাঘাট, নলবাৰী আৰু বৰপেটাত ৬৬০টা খিলঞ্জীয়া ভূমিহীন পৰিয়ালক চৰকাৰী ভূমি নিষ্পত্তিৰ ক্ষেত্ৰত অনুমোদন জনায়। মন্ত্রীসভাই শোণিতপুৰ, বৰপেটা আৰু গোলাঘাটত ৭১২টা খিলঞ্জীয়া পৰিয়ালক খাঁচ আৰু চিলিং উদ্বৃত্ত ভূমি নিষ্পত্তিৰ বাবেও অনুমোদন জনাইছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কেবিনেট বৈঠকৰ পাছত এই বিষয়ে প্ৰকাশ কৰে। মন্ত্ৰীসভাৰ বৈঠকত কালি ৬টা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত বিধানসভাত যোৱা শনি...

December 1, 2025 10:38 AM

views 73

বুধবাৰে অসম আৰক্ষী আৰু গৃহ বিভাগৰ মুঠ ৫,৮১৮ গৰাকী নৱ-নিৰ্বাচিত প্ৰাৰ্থীক নিযুক্তি- পত্ৰ প্ৰদান কৰা হ’ব

■ অসম আৰক্ষী আৰু গৃহ বিভাগৰ মুঠ ৫,৮১৮ গৰাকী নৱ-নিৰ্বাচিত প্ৰাৰ্থীক বুধবাৰে নিযুক্তি- পত্ৰ প্ৰদান কৰা হ'ব। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত সেইদিনা দিনৰ ১১ বজাত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি-পত্রসমূহ প্ৰদান কৰিব। ইয়াৰ ভিতৰত অসম আৰক্ষীৰ উপ- পৰিদৰ্শক আৰু সমপৰ্যায়ৰ পদত ১৫৬ গৰাকী, কনিষ্টবল আৰু সমপৰ্যায়ৰ পদত ৫ হাজাৰ ৪১০ গৰাকী প্ৰাৰ্থীৰ লগতে ২৫২ গৰাকী চতুৰ্থ বৰ্গৰ পদৰ প্ৰাৰ্থী আছে। নিৰ্বাচিত প্ৰাৰ্থীসকলৰ ৫ হাজাৰ ১০গৰাকীয়ে অসম আৰক্ষী, ৪১১ গৰাকীয়ে ...

November 27, 2025 1:14 PM

views 71

৩ ডিচেম্বৰত আৰক্ষীৰ উপ-পৰিদৰ্শক, কনিষ্টবল, কামাণ্ডোৰ পৰীক্ষাত উত্তীর্ণ প্রার্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব

● অহা ৩ ডিচেম্বৰত আৰক্ষীৰ উপ-পৰিদৰ্শক, কনিষ্টবল, কামাণ্ডোৰ পৰীক্ষাত উত্তীর্ণ প্রার্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে ঘোষণা কৰে। গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত এই নিযুক্তি পত্ৰসমূহ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মুখ্যমন্ত্রী ড০ শর্মাই লগতে কয়, যে এ ডি আৰ ইত উত্তীর্ণ প্রার্থীসকলো শীঘ্ৰেই নিযুক্তি পত্ৰ প্ৰদান কৰিব। মেট্ৰিকৰ পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ্থে প্ৰতিমাহে তেওঁলোকক ৩০০ টকাকৈ প্ৰদানৰ প্ৰক্ৰিয়া ২৮ নৱেম্বৰত...

November 22, 2025 8:20 PM

views 61

মেঘালয়ত সীমান্ত ক্রীড়া আৰু সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত

ৰাজ্য চৰকাৰৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ সৌজন্যত আজি গোৱালপাৰা জিলা প্রশাসনে জিলাখনৰ মেঘালয় সীমান্তৱৰ্তী অঞ্চল বৰঝৰাত সীমান্ত ক্রীড়া আৰু সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত কৰে। অসম আৰু মেঘালয় দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চলত শান্তি-সম্প্রীতি অটুট ৰখা বন্ধুত্বসুলভ সামাজিক পৰিবেশ অক্ষুণ্ণ ৰখাৰ উদ্দেশ্যে এই ক্রীড়া আৰু সাংস্কৃতিক সমাৰোহৰ আয়োজন কৰা হৈছে। বৰঝৰা উচ্চ মাধ্যমিক বিদ্যালয় প্রাঙ্গনত আয়োজিত এই অনুষ্ঠানত দুয়োখন ৰাজ্যৰ সীমামুৰীয়া অঞ্চলসমূহৰ বাসিন্দাসকলে অংশগ্রহণ কৰে। বিভিন্ন খেল-ধেমালিৰ প্রতিযো...

November 18, 2025 1:22 PM

views 100

নিজৰ মাতৃভাষাতে কথা পাতিব পৰাটো সম্ভৱ কৰিবলৈ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

■ দেশৰ বিভিন্ন ভাষা-ভাষীৰ লোকৰ মাজত সহজতে বাৰ্তালাপ সম্ভৱ কৰি তোলাৰ উদ্দেশ্যে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ সৈতে কালি এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। কণ্ঠ আধাৰিত কৃত্রিম বুদ্ধিমত্তাৰ সহায়ত দেশৰ যিকোনো স্থানৰ দুগৰাকী ভিন্ন ভাষীলোকে নিজৰ নিজৰ মাতৃভাষাতে কথা পাতিব পৰাটো সম্ভৱ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ডিজিটেল ইণ্ডিয়াৰ অধীনত ৰাষ্ট্ৰীয় ভাষা প্রযুক্তি মিছন চমুকৈ ভাষিণী নামেৰে আৰম্ভ কৰা মঞ্চত অসমীয়া আৰু বড়োসহ থলুৱা ভাষাসমূহ অন্তর্ভুক্ত কৰাৰ বাবে কালি এই চুক্তিত স্বাক্ষৰ কৰা হয়। কেন্দ্ৰীয় চ...

November 17, 2025 7:23 PM

views 185

বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত লণ্ডনৰ সংগ্ৰহালয়ৰ কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত আলোচনা সম্পন্ন

অসমৰ চহকী ইতিহাস সমৃদ্ধ বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত আজি লণ্ডনৰ সংগ্ৰহালয়ৰ কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত আলোচনা সম্পন্ন হয়। অসম চৰকাৰৰ হৈ মুখ্যমন্ত্ৰীয়ে এই আলোচনাৰ বাবে লণ্ডনলৈ ৰাওনা হোৱাৰ পূৰ্বেই ইয়াৰ ফলত প্ৰজন্মৰ পাছত প্ৰজন্ম বঞ্চিত হৈ থকা ৰাজ্যৰ জনসাধাৰণে স্বচক্ষে ঐতিহ্যপূৰ্ণ বৃন্দাবনী বস্ত্ৰখন প্ৰত্যক্ষ কৰিব পাৰিব বুলি উল্লেখ কৰে। লণ্ডনৰ সংগ্ৰহালয়ত থকা এই আপুৰুগীয়া বস্ত্ৰ ২০২৭ চনত ছমাহৰ বাবে অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত ইতিমধ্যে ইংলেণ্ডৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ ...

November 11, 2025 6:10 PM

views 101

স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ প্ৰাৰ্থীসকলে ১৩ নৱেম্বৰত নিযুক্তি পত্ৰ লাভ কৰিব

স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ প্ৰাৰ্থীসকলে ১৩ নৱেম্বৰত নিযুক্তি পত্ৰ লাভ কৰিব। ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে এখন জাননীৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে। জাননীখনত উল্লেখ কৰা অনুসৰি ১৩ নৱেম্বৰত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেল পথাৰত আয়োজিত এটা অনুষ্ঠানত প্ৰাৰ্থীসকলক নিযুক্তি পত্র প্ৰদান কৰা হ'ব। শিক্ষক পদৰ প্ৰাৰ্থীসকলক নিজৰ পৰিচয় পত্ৰসহ এই অনুষ্ঠানত উপস্থিত থাকিবলৈ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে আহ্বান জনাইছে।

October 18, 2025 12:57 PM

views 68

দীপাবলী উপলক্ষে জিলাসমূহত অহা ২১ অক্টোবৰত বন্ধৰ দিন ঘোষণা অসম চৰকাৰৰ

অসম চৰকাৰৰ সাধাৰণ প্রশাসন বিভাগে দীপাবলী উপলক্ষে জিলাসমূহত অহা ২১ অক্টোবৰত বন্ধৰ দিন ঘোষণা কৰিছে। কামৰূপ মহানগৰ, ডিব্ৰুগড়, হোজাই আৰু বজালী জিলাতো ২১ অক্টোবৰত দীপাৱলীৰ বাবে স্থানীয় বন্ধৰ দিন ঘোষণা কৰা হৈছে। হোজাইত সেইদিনা জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, বিত্তীয় প্রতিষ্ঠান আদি বন্ধ থাকিব। অবশ্যে ইতিমধ্যে নির্ধাৰিত বিদ্যালয় আৰু মহাবিদ্যালয়ৰ যিকোনো পৰীক্ষাৰ ক্ষেত্ৰত এই স্থানীয় বন্ধৰ কোনো প্ৰভাৱ নপৰিব বুলি হোজাইৰ জিলা আযুক্তই জাৰি কৰা এটা নির্দেশনাত উল্লেখ কৰা হৈছে।

October 17, 2025 12:05 PM

views 105

স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ বাবে অনুষ্ঠিত টেট তথা নিযুক্তি পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা

● স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ বাবে অনুষ্ঠিত টেট তথা নিযুক্তি পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হ'ব। পৰীক্ষাৰ্থীসকলে দিনৰ ১০.৩০ বজাত মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ৱেব ছাইট madhyamik.assam.gov.in ত তেওঁলোকৰ ফলাফলসমূহ লাভ কৰিব। অহা ২৫ অক্টোবৰৰ ভিতৰত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষক পদৰ ফলাফলসমূহ ঘোষণা কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে।

October 14, 2025 11:32 AM

views 67

কাইলৈ ঘোষণা এ ডি আৰ ইৰ চতুৰ্থবৰ্গৰ পদসমূহৰ ফলাফল

● এ ডি আৰ ইৰ চতুৰ্থবৰ্গৰ পদসমূহৰ ফলাফল কাইলৈ ঘোষণা কৰা হ'ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰি কয়, যে কাইলৈ দিনৰ ১০.৩০ বজাত সংশ্লিষ্ট ৱেবছাইটত প্ৰাৰ্থীসকলে ফলাফলসমূহ লাভ কৰিব। তেওঁ লগতে ১৫ৰ পৰা ১৭ অক্টোবৰৰ ভিতৰত স্নাতকোত্তৰ শিক্ষকৰ পদসমূহৰ ফলাফল ঘোষণা কৰা হ'ব বুলি প্ৰকাশ কৰে। অক্টোবৰৰ ভিতৰত ৩৫ হাজাৰ যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰিবলৈ সমৰ্থ হোৱা বুলিও তেওঁ উল্লেখ কৰে ৷ ৰাজ্য চৰকাৰে অহা ৫ বছৰত দুই লাখতকৈ অধিক যুৱক-যুৱতীক নিযুক্তি দিয়াৰ বাবে পৰিকল্পনা গ্রহণ কৰিছে। মুখ্যমন্ত্ৰী...